প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ চিন্তন শিৱিৰত অংশগ্ৰহণ কৰিব৷ হাৰিয়ানাৰ সুৰযকন্দত ২৭ আৰু ২৮ অক্টোবৰ, ২০২২ত চিন্তন শিৱিৰ অনুষ্ঠিত হ’ব৷ চিন্তন শিৱিৰ গৃহ সচিবসকল আু আৰক্ষীৰ সঞ্চালকপ্ৰধান(ডিজিপি)সকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী(চিএপিএফ) আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা(চিপিঅ’)সমূহৰ সঞ্চালকপ্ৰধানসকল উপস্থিত থাকিব৷

গৃহমন্ত্ৰীসকলৰ চিন্তন শিৱিৰ হৈছে প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা পঞ্চ পণ অনুসৰি আভ্যন্তৰীণ সুৰক্ষা সম্পৰ্কীয় বিষয়ত নীতি প্ৰণয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দৃষ্টিভংগী প্ৰদানৰ প্ৰয়াস। সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে আয়োজিত এই শিৱিৰে কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন অংশীদাৰৰ মাজত পৰিকল্পনা আৰু সমন্বয়ৰ ক্ষেত্ৰত অধিক সহযোগিতা আনিব।

আৰক্ষী বাহিনীৰ আধুনিকীকৰণ, চাইবাৰ অপৰাধ ব্যৱস্থাপনা, ফৌজদাৰী ন্যায় ব্যৱস্থাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি, স্থলসীমা ব্যৱস্থাপনা, উপকূলীয় সুৰক্ষা, মহিলা সুৰক্ষা, ড্ৰাগছ সৰবৰাহ আদি বিষয়ত শিৱিৰত আলোচনা কৰা হ’ব।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders