প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰ জীৰ ২১১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ২৯ মাৰ্চৰ নিশা ৯বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে পশ্চিম বংগৰ ঠাকুৰবৰীস্থিত শ্ৰীধাম ঠাকুৰনগৰত মাতুৱা ধৰ্ম মহামেলা সম্বোধন কৰিব।
শ্ৰী হৰিচান্দ ঠাকুৰ জীয়ে প্ৰাক-স্বাধীনতাৰ যুগত অবিভক্ত বংগৰ নিপীড়িত আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে সমগ্ৰ জীৱন উচ্ছৰ্গা কৰিছিল।
সৰ্বভাৰতীয় মাতুৱা মহাসংঘই ২৯ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ মাতুৱা ধৰ্ম মহামেলা ২০২২ আয়োজন কৰিছে।