প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব। তেখেতে তদুপৰি উচ্চ ন্যায়ালয়খনিৰ প্ৰতিষ্ঠাৰ ষাঠি বছৰ পূৰ্তি উপলক্ষে এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব।
এই কাৰ্যসূচীত কেন্দ্ৰীয় আইন ও ন্যায় মন্ত্ৰী, সৰ্বোচ্চ ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, গুজৰাটৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। ইয়াত গুজৰাটৰ আইন সমাজৰ সদস্যসকলেও ভাগ ল’ব।