প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ ৰ কাৰ্য্যসূচী সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ভগৱান শ্ৰী দেৱনাৰায়ণ জী ৰাজস্থানৰ জনসাধাৰণৰ পূজনীয় আৰু সমগ্ৰ দেশতে তেওঁৰ অনুগামীসকল আছে। বিশেষকৈ জনসেৱাৰ ক্ষেত্ৰত কৰ্মৰাজিৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।