প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিল্পী ধ্বনি ভানুশালী, টনিষ্ক বাগ্চী আৰু Jjust Music ৰ দলটোক তেওঁ কেবাবছৰ পূৰ্বে লিখা এটা ‘গৰ্বা’ৰ সংগীত প্ৰস্তুত আৰু পৰিবেশনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক নৱৰাত্ৰিৰ সময়ত তেওঁ নতুন গৰ্বা শ্বেয়াৰ কৰিব বুলিও অৱগত কৰে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে X ত পোষ্ট কৰিছে :
“ধন্যবাদ! @dhvanivinod, Tanishk Bagchi আৰু @Jjust_Music ৰ দলটোক মই বহু বছৰ আগতে লিখা এটা গৰ্বাৰ এই সুন্দৰ পৰিবেশনৰ বাবে ধন্যবাদ জনাইছো! ই বহু স্মৃতি ঘূৰাই আনিলে। মই বহু বছৰ ধৰি লিখা নাই যদিও নতুনকৈ কিবা এটা লিখিবলৈ সক্ষম হ’লো। নৱৰাত্ৰিৰ সময়ত সেই গৰ্বাটো শ্বেয়াৰ কৰিম। #SoulfulGarba”
Thank you @dhvanivinod, Tanishk Bagchi and the team of @Jjust_Music for this lovely rendition of a Garba I had penned years ago! It does bring back many memories. I have not written for many years now but I did manage to write a new Garba over the last few days, which I will… https://t.co/WAALGzAfnc
— Narendra Modi (@narendramodi) October 14, 2023