প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ সভাপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়। 

 

নেতাদ্বয়ে বৰ্তমানৰ কোভিড-১৯ মহামাৰী সন্দৰ্ভত আলোচনা কৰে। ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ জনগণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে আৰু ৰাছিয়াই এইক্ষেত্ৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জ্ঞাপন কৰি কয় যে ৰাছিয়াই ভাৰতক দ্ৰুত সহযোগ আগবঢ়োৱাৰ বাবে লোৱা সিদ্ধান্ত আমাৰ দীৰ্ঘস্থায়ী অংশীদাৰিত্বৰ প্ৰতীক।

 

দুয়োগৰাকী নেতাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজত সহযোগিতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত স্পুটনিক-ভি ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়া বিষয়টোত ৰাষ্ট্ৰপতি পুটিনে প্ৰশংসা কৰে। নেতাদ্বয়ে উল্লেখ কৰে যে ভাৰতত এই ভেকছিন প্ৰস্তুত কৰা হ’ব আৰু সেয়া ভাৰত, ৰাছিয়া আৰু অন্যান্য দেশসমূহত ব্যৱহাৰ কৰা হ’ব।

 

দুয়োগৰাকী নেতাই বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত অংশীদাৰিত্বৰ ভাৱনাৰে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ গগনযান কাৰ্যসূচীৰ বাবে ৰাছিয়াৰ পৰা লাভ কৰা সহযোগ আৰু চাৰিজন গগনযান মহাকাশচাৰীৰ ৰাছিয়াৰ প্ৰশিক্ষণ পৰ্যায় সম্পূৰ্ণ হোৱাৰ বাবে প্ৰশংসা কৰে। 

নেতাদ্বয়ে হাইড্ৰজেন-ভিত্তিক অৰ্থনীতিকে ধৰি নৱীকৰণযোগ্য শক্তি খণ্ডত ক্ৰমবৰ্ধমান সহযোগিতাৰ সুযোগৰ কথা উল্লেখ কৰে।

 

নেতাদ্বয়ে দুয়োখন দেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীক লৈ মন্ত্ৰী পৰ্যায়ত এক নতুন  ২+২ আলোচনাৰ কাঠামো গঢ়ি তোলাৰ সিদ্ধান্ত লয়। 

 

দুয়োগৰাকী নেতাই ২০১৯ চনৰ ছেপ্টেম্বৰত ভ্লাদিভষ্টকত অন্তিম সন্মিলনৰ সময়ত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ কথা আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ এই বছৰৰ শেষৰ ফালে দ্বিপাক্ষিক সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে যিয়ে তেওঁলোকৰ ব্যক্তিগত আৰু বিশ্বাসযোগ্য বাৰ্তালাপ অব্যাহত ৰখাৰ এক সুযোগ প্ৰদান কৰিব। ২০২১ চনত ভাৰতে যাতে সফলতাৰে ব্ৰিকছৰ সভাপতিত্ব কৰিব পাৰে তাৰ বাবে ৰাছিয়াই সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে ৰাষ্ট্ৰপতি পুটিনে। দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত দুয়োগৰাকী নেতাই একেলগে কাম কৰাৰ বাবে যোগাযোগ ৰাখি চলিবলৈ সন্মতি প্ৰকাশ কৰে।

 

  • ranjeet kumar June 23, 2022

    jay sri ram🙏🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy

Media Coverage

India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ফেব্ৰুৱাৰী 2025
February 20, 2025

Citizens Appreciate PM Modi's Effort to Foster Innovation and Economic Opportunity Nationwide