Quoteভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ প্ৰতি ৰাষ্ট্ৰপতি বাইডেনৰ দায়বদ্ধতাক শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
Quoteদুয়োগৰাকী নেতাই আলোকপাত কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱ জাতিক উপকৃত কৰা
Quoteইউক্ৰেইনৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ত আলোচনা
Quoteৰাষ্ট্ৰপতি বাইডেনক শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰীয়ে
Quoteদেশখনৰ শান্তি আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰি অহাৰ বাবে ভাৰতৰ সম্পূৰ্ণ সমৰ্থন দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে
Quoteদুয়োগৰাকী নেতাই আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব আৰোপ
Quoteদুয়োগৰাকী নেতাই কোৱাডকে ধৰি বহুপক্ষীয় সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জোচেফ আৰ বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ মিলিত মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্বৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ দায়বদ্ধতাৰ প্ৰশংসা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতিৰ পৰ্যালোচনা কৰি আলোকপাত কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱ জাতিক উপকৃত কৰা।

 

দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বৈশ্বিক কেইবাটাও বিষয়ত বিশদভাৱে মত বিনিময় কৰে।

ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বাইডেনক শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰে। তেওঁ আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক স্থিতি পুনৰ উল্লেখ কৰি দেশখনত শান্তি আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰি অহাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই কোৱাডকে ধৰি বহুপক্ষীয় মঞ্চত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

দুয়োগৰাকী নেতাই সঘনে যোগাযোগ অব্যাহত ৰখাৰ সহমত প্ৰকাশ কৰে।

 

  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Harsh Ajmera October 14, 2024

    Love from hazaribagh 🙏🏻
  • Vivek Kumar Gupta October 13, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 13, 2024

    नमो ......................🙏🙏🙏🙏🙏
  • Lal Singh Chaudhary October 07, 2024

    बनी रहती है जिसकी हमेशा चाहत, कहते हैं हम उसे सफलता। दूआ ही नहीं पूरी चाहत है मेरी हमें प्राप्त हो तुम्हारी सफलता।। भारत भाग्य विधाता मोदी जी को जय श्री राम
  • Manish sharma October 04, 2024

    🇮🇳
  • கார்த்திக் September 21, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🌸🪷జై శ్రీ రామ్🪷JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
  • Himanshu Adhikari September 18, 2024

    Jai ho
  • Dheeraj Thakur September 16, 2024

    जय श्री राम जय श्री राम
  • Dheeraj Thakur September 16, 2024

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond