প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa ৰ সৈতে বাৰ্তালাপ কৰো আৰু ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লওঁ। এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা হৈছে। মই বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো।"
Spoke to Assam CM Shri @himantabiswa and took stock of the flood situation in parts of the state. Assured all possible support from the Centre to help mitigate the situation. I pray for the safety and well-being of those living in the affected areas.
— Narendra Modi (@narendramodi) August 31, 2021
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswaৰ সৈতে কথা পাতি ৰাজ্যখনৰ ভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'লো। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা যথাসম্ভৱ সহায় আগবঢ়োৱাৰ নিশ্চিতি দিছো। বানাক্ৰান্ত অঞ্চলত থকাসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।
— Narendra Modi (@narendramodi) August 31, 2021