প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তথ্য সদৰী কৰি কয় যে বিধিসন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বৃহত্ পৰিসৰত বিচৰণৰ বাবে দুটা চিতাবাঘ মুকলি কৰি দিয়া হৈছে।
এই সন্দৰ্ভত শ্ৰী মোদীয়ে টুইট কৰে:
“সুন্দৰ খবৰ! মোক কোৱা হৈছে যে বিধি সন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বিস্তৃৰ্ণ পৰিসৰত বিচৰণ কৰিব পৰাকৈ ইতিমধ্যে ২টা চিতাবাঘ মুকলি কৰি দিয়া হৈছে। দলটোৰ আনকেইটা বাঘকো অচিৰেই মোকলাই দিয়া হ’ব। আটোইকেইটা চিতাবাঘেই সুস্থ, সক্ৰিয়া হৈ থকাৰ লগতে নতুন পৰিৱেশৰ সৈতে সুন্দৰকৈ মিলি যাব পৰা দেখি মোৰ ভাল লাগিছে”।
Great news! Am told that after the mandatory quarantine, 2 cheetahs have been released to a bigger enclosure for further adaptation to the Kuno habitat. Others will be released soon. I’m also glad to know that all cheetahs are healthy, active and adjusting well. 🐆 pic.twitter.com/UeAGcs8YmJ
— Narendra Modi (@narendramodi) November 6, 2022