প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে নেতানয়াহুক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁক এক সফল কাৰ্যকালৰ শুভেচ্ছা জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই শেহতীয়া বছৰসমূহত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বৰ দ্ৰুত অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰে আৰু বিভিন্ন ক্ষেত্ৰত কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰত সহমত পোষণ কৰে।
প্ৰধানমন্ত্ৰীয়ে নেতানয়াহুক শীঘ্ৰে ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।