নমস্কাৰ!
ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰ মহোদয়, মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট মহোদয়, ৰাজস্থান পত্ৰিকাৰ গুলাব কোঠাৰী মহোদয়, পত্ৰিকাৰ অন্যান্য কৰ্মচাৰীসকল, সংবাদ মাধ্যমৰ সহযোগী, ভদ্ৰ মহিলা তথা ভদ্ৰ পুৰুষসকল!!!
গুলাব কোঠাৰী মহোদয় আৰু পত্ৰিকা গোষ্ঠীক সংবাদ উপনিষদ আৰু অক্ষৰযাত্ৰা গ্ৰন্থৰ বাবে অভিনন্দন জনাইছো৷ এই গ্ৰন্থ সাহিত্য আৰু সংস্কৃতি, দুয়োটাৰ বাবে অনুপম উপহাৰস্বৰূপ৷ আজি মই ৰাজস্থানৰ সংস্কৃতিক প্ৰতিবিম্বিত কৰি পত্ৰিকা গেটলৈকো সমৰ্পিত কৰাৰ অৱকাশ লাভ কৰিছো৷ এয়া স্থানীয় আবাসীৰ সৈতে ইয়ালৈ অহা পৰ্যটকসকলৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিব৷ এই প্ৰয়াসৰ বাবেও আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনাইছো৷
বন্ধুসকল,
যিকোনো সমাজত সমাজৰ বৌদ্ধিক অংশ, সমাজৰ লেখক অথবা সাহিত্যিক, এওঁলোকে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে৷ বিদ্যালয়ৰ শিক্ষা সমাপ্ত হয় কিন্তু আমাৰ শিকাৰ প্ৰক্ৰিয়া নিৰন্তৰে চলি থাকে, প্ৰতি দিনে চলি থাকে৷ ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰন্থ আৰু লেখকসকলে পালন কৰে৷ আমাৰ দেশত লিখা কাৰ্যৰ নিৰন্তৰ বিকাশ ভাৰতীয়ত্ব আৰু ৰাষ্ট্ৰীয়ত্বৰ সৈতে হৈছে৷
স্বতন্ত্ৰতা সংগ্ৰামৰ সময়ছোৱাত প্ৰায় সকলো ডাঙৰ নাম কোনোবা নহয় কোনোবা লেখনৰ সৈতে জড়িত আছিল৷ আমাৰ ইয়াত মহান মহান সন্ত, ডাঙৰ ডাঙৰ বৈজ্ঞানিকো লেখক আৰু সাহিত্যিক আছিল৷ মই সুখী যে সেই পৰম্পৰাক জীৱন্ত ৰখাৰ প্ৰয়াস আপোনালোক সকলোৱে কৰি আছে৷ আৰু ডাঙৰ কথা এয়েই যে ৰাজস্থান পত্ৰিকা গোষ্ঠীয়ে স্বয়ং এই কথা ক’বলৈ সাহস কৰে যে আমি বিদেশৰ অন্ধ অনুকৰণৰ দৌৰত অৱতীৰ্ণ হোৱা নাই৷ আপোনালোকে ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতা আৰু মূল্যবোধৰ সংৰক্ষণক আগুৱাই লৈ যোৱাত প্ৰাথমিকতা প্ৰদান কৰে৷
গুলাব কোঠাৰী মহোদয়ৰ এই গ্ৰন্থ, সংবাদ উপনিষদ আৰু অক্ষৰ যাত্ৰাও ইয়াৰ জীৱন্ত প্ৰমাণ৷ গুলাব কোঠাৰী মহোদয়ে আজি যি পৰম্পৰাক আগুৱাই লৈ গৈছে, পত্ৰিকাৰ আৰম্ভণিও এই সংস্কাৰৰ সৈতেই হৈছে৷ শ্ৰী কৰ্পুৰ চন্দ্ৰ কুলিশ মহোদয়ে ভাৰতীয়ত্ব আৰু ভাৰতৰ সেৱাৰ সংকল্প গ্ৰহণ কৰিয়েই পত্ৰিকাৰ পৰম্পৰা আৰম্ভ কৰিছিল৷ সাংবাদিকতাত তেওঁৰ অৱদানক আমি সকলোৱে সোঁৱৰণ কৰো কিন্তু কুলিশ মহোদয়ে বেদৰ জ্ঞান যি ধৰণে সমাজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছিল, সেয়া সঁচাকৈয়ে অপূৰ্ব আছিল৷ মইও ব্যক্তিগত ৰূপত স্বৰ্গীয় কুলিশ মহোদয়ৰ সৈতে সাক্ষাৎ কৰাৰ অৱকাশ লাভ কৰিছিলো৷ তেওঁৰ সৈতে মোৰ আত্মীয়তা আছিল৷ তেওঁ প্ৰায়েই কৈছিল, ‘‘সাংবাদিকতাই ইতিবাচক প্ৰক্ৰিয়াৰেহে সাৰ্থকতা লাভ কৰে৷’’
বন্ধুসকল,
সমাজক কিবা ইতিবাচক ফলাফল প্ৰদান কৰাৰ চিন্তা কেৱল সাংবাদিক অথবা লেখকৰ হওক, এয়া আৱশ্যক নহয়৷ এই ইতিবাচক, এই চিন্তা ব্যক্তিবিশেষৰ বাবেও অতিশয় আৱশ্যক৷ কুলিশ মহোদয়ৰ এই চিন্তাধাৰা, তেওঁৰ সংকল্পক পত্ৰিকা গোষ্ঠী আৰু গুলাব কোঠাৰী মহোদয়ে নিৰন্তৰে আগুৱাই লৈ যোৱাত মই সন্তোষ লাভ কৰিছো৷ গুলাব কোঠাৰী মহোদয়, আপোনাৰ চাগে মনত আছে, যেতিয়া ক’ৰোনাৰ বাবে মই ছপা মাধ্যমৰ বন্ধুসকলৰ সৈতে সাক্ষাৎ কৰিছিলো তেতিয়াও আপোনাৰ প্ৰস্তাৱ, আপোনাৰ পৰামৰ্শত মই কৈছিলো যে আপোনাৰ শব্দই মোক আপোনাৰ পিতৃলৈ মনত পেলায়৷ সংবাদ উপনিষদ আৰু অক্ষৰ যাত্ৰা প্ৰত্যক্ষ কৰি এনে লাগিছে যেন আপুনি আপোনাৰ পিতৃৰ বৈদিক ঐতিহ্য কিমান শক্তিশালীভাৱে আগুৱাই লৈ গৈ আছে৷
বন্ধুসকল,
যেতিয়া মই গুলাব মহোদয়ৰ গ্ৰন্থখন প্ৰত্যক্ষ কৰিছিলো তেতিয়া তেওঁৰ এটা সম্পাদকীয় মোৰ মনত পৰিছিল৷ ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পিছত যেতিয়া মই প্ৰথমবাৰলৈ দেশবাসীক উদ্দেশ্যি সম্বোধন কৰিছিলো তেতিয়া কোঠাৰী মহদয়ে তাৰে ওপৰত ‘স্তত্য সংকল্প’ লিখিছিল৷ তেওঁ লিখিছিল যে, ‘‘মোৰ কথা শুনি তেওঁৰ এনেকুৱা লাগিছিল যে তেওঁৰ কথাকেই যেন মই ১৩০ কোটি ভাৰতীয়ৰ সন্মুখত প্ৰস্তুত কৰিছো৷’’ কোঠাৰী মহোদয়, আপোনাৰ গ্ৰন্থসমূহত যেতিয়াই উপনিষদীয় জ্ঞান আৰু বৈদিক পৰামৰ্শ লাভ কৰো, সেয়া পঢ়ি কেতিয়াবা কেতিয়াবা মোৰ এনে লাগে, মই যেন আপোনাৰ চিন্তাধাৰাকেই প্ৰত্যক্ষ কৰিছো৷
বাস্তৱিকতে, মানৱ কল্যাণৰ বাবে, সাধাৰণ মানুহৰ সেৱাৰ বাবে শব্দ যাৰেই নহওক কিয়, সেয়া হৃদয়েৰে নিৰ্গত হয়৷ সেইবাবে আমাৰ বেদ, বেদৰ চিন্তাধাৰাক কালাতীত বুলি অভিহিত কৰা হৈছে৷ বেদৰ মন্ত্ৰৰ স্ৰষ্টা যি ঋষিয়েই নহওক কিয়, তাৰে ভাৱনা, তাৰে দৰ্শন মানৱ মাত্ৰৰ বাবেহে, সেয়ে আমাৰ বেদ, আমাৰ সংস্কৃতি বিশ্বজনীন৷ উপনিষদ সংবাদ আৰু অক্ষৰ যাত্ৰাও সেই ভাৰতীয় চিন্তনৰ এক পৰ্যায়ৰ ৰূপত জনসাধাৰণৰ মাজত প্ৰচাৰিত হ’ব, এয়াই মোৰ আকাংক্ষা৷ আজি টেক্সট আৰু টুইটাৰৰ এই দৌৰত আমাৰ নতুন প্ৰজন্মই যাতে জ্ঞান অন্বেষণৰ পৰা আঁতৰি নাযায় সেয়া অতিশয় আৱশ্যক৷
বন্ধুসকল,
আমাৰ উপনিষদৰ এই জ্ঞান, বেদৰ এই চিন্তন, এয়া কেৱল আধ্যাত্মিক অথবা দাৰ্শনিক আকৰ্ষণৰ ক্ষেত্ৰই নহয়৷ বেদ আৰু বেদান্তত সৃষ্টি আৰু বিজ্ঞানৰো দৰ্শন আছে, কিমান বৈজ্ঞানিকক ই আকৰ্ষিত কৰিছে, কিমান বৈজ্ঞানিকে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শিত কৰিছে৷ আপোনালোক সকলোৱে নিকোলা টেচলাৰ নাম নিশ্চয় শুনিছে৷ টেচলাৰ অবিহনে আজিৰ এই আধুনিক বিশ্ব আমি দেখা নাপালোহেঁতেন৷ আজিৰ পৰা এক শতিকা পূৰ্বে যেতিয়া স্বামী বিবেকানন্দ আমেৰিকালৈ গৈছিল তেতিয়া নিকোলা টেচলাৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল৷ স্বামী বিবেকানন্দই টেচলাক যেতিয়া উপনিষদৰ জ্ঞান, বেদান্তৰ ব্ৰহ্মাণ্ডৰ ব্যাখ্যা প্ৰদান কৰিছিল, তেতিয়া তেওঁ হতভম্ব হৈ পৰিছিল৷
আকাশ আৰু প্ৰাণৰ দৰে সংস্কৃত শব্দৰ পৰা ব্ৰহ্মাণ্ডৰ দৰে গভীৰ চৰ্চা উপনিষদত কৰা হৈছে৷ টেচলাই কৈছিল যে তেওঁ ইয়াক আধুনিক বিজ্ঞানৰ ভাষালৈ, গণিতীয় সমীকৰণলৈ লৈ আহিব৷ তেওঁ ভাবিছিল যে এই জ্ঞানৰ পৰা বিজ্ঞানৰ গূঢ় ৰহস্যসমূহ সমাধান কৰিব পৰা যাব৷ ইয়াৰ পিছত অৱশ্যে বহু গৱেষণা হ’ল৷ কিন্তু এই প্ৰসংগ উত্থাপিত হ’লেই আমি আমাৰ জ্ঞানক লৈ পুনৰ্চিন্তন কৰিবলৈ প্ৰেৰণা লাভ কৰো৷ আজি আমাৰ যুৱ প্ৰজন্মই এই দৃষ্টিভংগীৰ সৈতে পৰিচিত হ’ব লাগিব৷ সেয়ে সংবাদ উপনিষদৰ দৰে গ্ৰন্থ, অক্ষৰ যাত্ৰাৰ ওপৰত ইমান গভীৰ মন্থনে আমাৰ যুৱ প্ৰজন্মৰ বাবে এক নতুন দুৱাৰ মুকলি কৰিব, তেওঁলোকৰ চিন্তাধাৰাক গভীৰতা প্ৰদান কৰিব৷
বন্ধুসকল,
অক্ষৰ আমাৰ ভাষাৰ, আমাৰ অভিব্যক্তিৰ প্ৰথমটো ঢাপ হয়৷ সংস্কৃতত অক্ষৰৰ অৰ্থ হ’ল যাৰ ক্ষৰণ নহয়৷ অৰ্থাৎ যি সদায়েই থাকে৷ চিন্তাৰ এয়াই শক্তি৷ এয়াই সামৰ্থ৷ সহস্ৰ বৰ্ষ পূৰ্বে যি চিন্তাধাৰা, যি জ্ঞান কোনো ঋষি, মহৰ্ষি, বৈজ্ঞানিক, দাৰ্শনিকে আমাক প্ৰদান কৰিছিল সেয়া আজিও সংসাৰক আগুৱাই লৈ গৈ আছে৷ সেইবাবে আমাৰ উপনিষদত, আমাৰ শাস্ত্ৰত অক্ষৰ ব্ৰহ্মৰ বিষয়ে এইদৰে কোৱা হৈছে, ‘‘অক্ষৰম ব্ৰহ্ম পৰমং’ৰ সিদ্ধান্তৰ বিষয়ে কোৱা হৈছে৷ আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে- ‘‘শব্দ ব্ৰহ্মাণি নিষান্তঃ পৰমং ব্ৰহ্মাধি গচ্ছতি’’৷ অৰ্থাৎ শব্দই ব্ৰহ্ম৷ যি এই শব্দ ব্ৰহ্মৰ সৈতে সম্পূৰ্ণৰূপে অৱগত, তেওঁৱেই ব্ৰহ্মত্ব, ঈশ্বৰত্বক লাভ কৰিছে৷
শব্দৰ মহিমা, শব্দক ঈশ্বৰ বুলি কোৱা, এনে উদাহৰণ আৰু ক’তো পোৱা নাযাব৷ সেয়ে শব্দৰে সত্য কোৱাৰ সাহস, শব্দৰে ইতিবাচকতা প্ৰদান কৰাৰ শক্তি, শব্দৰে সৃজন কৰাৰ চিন্তা, এয়াই ভাৰতীয় মানসিকতাৰ স্বভাৱ৷ আমাৰ প্ৰকৃতি৷ যেতিয়াই আমি এই শক্তিক অনুভৱ কৰিব পাৰিম তেতিয়াই এক সাহিত্যিকৰ ৰূপত, এক লেখকৰ ৰূপত নিজৰ মহত্ব অনুধাৱন কৰিব পাৰিম, সমাজৰ প্ৰতি নিজৰ দায়িত্ব অনুভৱ কৰিব পাৰিম৷
আপোনালোকে চাওক, দুখীয়াক শৌচালয় প্ৰদান কৰা, অনেক ৰোগৰ পৰা ৰক্ষা কৰা স্বচ্ছ ভাৰত অভিযানেই হওক, মাতৃ-ভগ্নীক খৰিৰ ধোঁৱাৰ পৰা ৰক্ষা কৰা উজ্বলা গেছ যোজনাই হওক, প্ৰতিখন ঘৰলৈ পানীৰ যোগানৰ বাবে চলি থকা জল জীৱন অভিযানেই হওক, সকলোতে সংবাদ মাধ্যমে সজাগতা বৃদ্ধিৰ বাবে কাম কৰিছে৷ মহামাৰীৰ এই সময়ছোৱাত ক’ৰোনাৰ বিৰুদ্ধে সজাগতা অভিযানতো ভাৰতীয় সংবাদ মাধ্যমে জনতাৰ অভুতপূৰ্ব সেৱা কৰিছে৷ চৰকাৰৰ কাম-কাজৰ বিবেচনা, চৰকাৰৰ যোজনাসমূহৰ তৃণমূল পৰ্যায়ত যি অভাৱ আছে, সেয়া প্ৰকাশ কৰা, সেয়া আলোচনা কৰাও আমাৰ সংবাদ মাধ্যমসমূহে সুন্দৰভাৱে পালন কৰিছে৷
হয়, বহু সময়ত এনেকুৱা সুযোগ পোৱা যায় যে যেতিয়াই সংবাদ মাধ্যমৰ আলোচনা কৰা হয়, ছ’চিয়েল মিডিয়াৰ এই সময়ছোৱাত এয়া অধিক স্বাভাৱিক হৈ পৰে৷ কিন্তু আলোচনাৰ পৰা শিক্ষণ লাভ কৰাটোও আমাৰ বাবে সিমানেই স্বাভাৱিক৷ সেইবাবে আজি আমাৰ গণতন্ত্ৰ ইমান শক্তিশালী৷
বন্ধুসকল,
যি ধৰণে আমি আমি আমাৰ ঐতিহ্য, আমাৰ বিজ্ঞান , আমাৰ সংস্কৃতি, আমাৰ সামৰ্থক লৈ আগবাঢ়িছো, ইয়াক স্বীকাৰ কৰিছো, আমি এই আত্মবিশ্বাস আগুৱাই লৈ যাব লাগিব৷ আজি যেতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ কথা কও, আজি যেতিয়া থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ কথা কও, আমাৰ সংবাদ মাধ্যমে এই সংকল্পক এক বৃহৎ অভিযানলৈ পৰিৱৰ্তিত কৰাত মই সন্তোষ লাভ কৰিছো৷ বন্ধুসকল, আমি আমাৰ এই দৃষ্টিভংগীক অধিক ব্যাপক কৰাটো প্ৰয়োজন৷
ভাৰতৰ থলুৱা সামগ্ৰী আজি বিশ্বজনীন হৈছে, কিন্তু ভাৰতৰ কণ্ঠস্বৰো আজি অধিক বিশ্বজনীন হৈছে৷ বিশ্বই আজি ভাৰতৰ কথাত গুৰুত্ব দিছে৷ আজি প্ৰায় সকলো আন্তৰ্জাতিক মঞ্চত ভাৰতৰ স্থিতি শক্তিশালী হৈছে৷ এনে অৱস্থাত ভাৰতীয় সংবাদ মাধ্যমো বিশ্বজনীন হোৱাটো আৱশ্যক৷ আমাৰ বাতৰি কাকত, আলোচনীয়ে যাতে বিশ্বজনীন খ্যাতি লাভ কৰে, ডিজিটেলৰ যুগত সমগ্ৰ বিশ্বতে যাতে উপলব্ধ হয়, বিশ্বত যি ভিন ভিন সাহিত্যৰ বঁটা প্ৰদান কৰা হয়, ভাৰতৰ সংস্থাসমূহেও যাতে এনে বঁটা প্ৰদান কৰে, এয়াই আজিৰ সময়ৰ আহ্বান৷ এয়া দেশৰ বাবেও আৱশ্যক৷
মই জানিব পাৰিছো যে শ্ৰী কৰ্পুৰচন্দ্ৰ কুলিশ মহোদয়ৰ স্মৃতিত পত্ৰিকা গোষ্ঠীয়ে আন্তৰ্জাতিক সাংবাদিক পুৰস্কাৰৰ সূচনা কৰিছে৷ মই ইয়াৰ বাবে গোষ্ঠীটোক অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস যে আপোনালোকৰ এই প্ৰয়াসে ভাৰতক বিশ্বৰ সংবাদ মাধ্যমৰ মঞ্চত এক নতুন পৰিচয় প্ৰদান কৰিব৷ ক’ৰোনাৰ সময়ছোৱাত যি ধৰণে জন সজাগতাৰ কাম পত্ৰিকা গোষ্ঠীয়ে কৰিছে, তাৰ বাবেও পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস, দেশে অতি শীঘ্ৰেই এই যুদ্ধত জয় হ’ব, দেশৰ এই যাত্ৰা অক্ষৰ যাত্ৰা হিচাপে বিবেচিত হ’ব৷
এই শুভকামনাৰ সৈতে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷