Quote“We must be ready to prevent, prepare, and respond to the next health emergency”
Quote“Global celebration of the International Day of Yoga is testament to the universal desire for holistic health”
Quote“We are on our way to achieve TB elimination well ahead of the global target of 2030”
Quote“Let us open our innovations for public good. Let us avoid duplication of funding. Let us facilitate equitable availability of technology”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।

জাতিৰ পিতা গান্ধীজীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীয়ে স্বাস্থ্যক ইমানেই গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰিছিল যে তেওঁ এই বিষয়ত ‘স্বাস্থ্যৰ চাবিকাঠি’ নামৰ এখন গ্ৰন্থ লিখিছিল। তেওঁ কয় যে সুস্থ হ’বলৈ মন আৰু শৰীৰৰ মাজত সমন্বয় আৰু ভাৰসাম্যতা প্ৰয়োজন। আচলতে স্বাস্থ্যই হৈছে জীৱনৰ আধাৰ।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত পদ্য আবৃত্তি কৰে৷ যাৰ অৰ্থ হৈছে ‘স্বাস্থ্যই হৈছে মুল সম্পদ আৰু যিকোনো কাম সুস্বাস্থ্যৰে সম্পন্ন কৰিব পাৰি’।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ক’ভিড-১৯ মহামাৰীয়ে আমাক সোঁৱৰাই দিছে যে স্বাস্থ্য অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দু হ’ব লাগে। তেওঁ লগতে কয় যে সেই সময়ে দেখুৱাইছে যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কিমান মূল্যৱান-সেয়া ঔষধ বা ভেকচিন যোগান ধৰাই হওক বা মানুহক ঘৰলৈ ঘূৰাই অনাই হওক।

বিশ্ববাসীক ক’ভিড-১৯ ভেকচিন প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ মানৱীয় পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভেকচিন মৈত্ৰী পদক্ষেপৰ অধীনত ভাৰতে দক্ষিণ বিশ্বকে ধৰি ১০০খনতকৈও অধিক দেশলৈ ৩০ কোটি ভেকচিন প্ৰদান কৰিছে।

মহামাৰীৰ সময়ত হোৱা পৰিস্থিতিক আটাইতকৈ ডাঙৰ শিক্ষা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য ব্যৱস্থাপনাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়োজন আছে। পৰৱৰ্তী স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে আমি সাজু থাকিব লাগিব। যিটো আজিৰ আন্তঃসংযোগী বিশ্বত বিশেষভাৱে গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়ত আমি দেখিছিলো যে বিশ্বৰ এটা প্ৰান্তৰ স্বাস্থ্য পৰিস্থিতিয়ে অতি কম সময়ৰ ভিতৰতে আন অঞ্চলত কেনে প্ৰভাৱ পেলাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতত আমি এক সামগ্ৰিক আৰু সৰ্বাংগীন পন্থা অনুসৰণ কৰিছো।’ তেওঁ কয়, আমি স্বাস্থ্যৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছো। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাপনাক প্ৰসাৰ কৰা আৰু সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা। বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ফলত সামগ্ৰিকভাৱে সু-স্বাস্থ্যৰ ক্ষেত্ৰত সকলোৰে অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ হিচাপে পালন কৰা হৈছে। বজৰা বা ‘শ্ৰী অন্না’ ভাৰতত পৰিচিত। ইয়াৰ উপৰিও ইয়াৰ স্বাস্থ্যৰ কেইবাটাও উপকাৰ আছে।

প্ৰধানমন্ত্ৰীয়ে কয়, আমি বিশ্বাস কৰোঁ যে সামগ্ৰিক স্বাস্থ্য আৰু আৰোগ্যতাই সকলোৰে সুস্থিৰতা বৃদ্ধি কৰাত সহায় কৰে। গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগ ঔষধৰ বিশ্ব কেন্দ্ৰ প্ৰতিষ্ঠা এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সন্মিলনৰ আয়োজনে ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে পৰম্পৰাগত ঔষধৰ বিশ্ব ভঁৰাল গঢ়ি তোলাৰ বাবে আমি যৌথ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।

স্বাস্থ্য আৰু পৰিৱেশ জৈৱিক বিষয়ৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশুদ্ধ বায়ু, বিশুদ্ধ খোৱাপানী, পৰ্যাপ্ত পুষ্টি আৰু নিৰাপদ আশ্ৰয় স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ কাৰক। জলবায়ু আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে গণ্যমান্য ব্যক্তিসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে এণ্টি মাইক্ৰ’বিয়াল ৰেজিষ্টেন্সৰ সমস্যা মোকাবিলা কৰিবলৈ লোৱা পদক্ষেপসমূহ প্ৰশংসনীয়।

শ্ৰী মোদীয়ে কয় যে এএমআৰ এনে এক ভাবুকিস যি বিশ্বৰ জনস্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এতিয়ালৈকে কৰা সকলো সাফল্যক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। জি-২০ স্বাস্থ্যকৰ্মী গোটে ‘এক স্বাস্থ্য’ৰ ধাৰণাটোক অগ্ৰাধিকাৰ দিয়াত তেওঁ সুখ প্ৰকাশ কৰে। আমাৰ মূলমন্ত্ৰ হৈছে ‘এক বিশ্ব এক স্বাস্থ্য’, যি সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ মংগলৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ভিতৰত মানুহ, জীৱ-জন্তু, উদ্ভিদ আৰু পৰিৱেশ। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংহত পন্থাই গান্ধীজীৰ কাকো পিছুৱাই নাযাবলৈ দিয়া বাৰ্তাক প্ৰতিফলিত কৰিছে।

স্বাস্থ্য খণ্ডৰ সফলতাত মানুহৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ কুষ্ঠ ৰোগ নিৰ্মূল অভিযানৰ সফলতাৰ অন্যতম মূল কাৰণ। তেওঁ কয় যে আমি যক্ষ্মা নিৰ্মূল কাৰ্যসূচীত জনতাৰ অংশগ্ৰহণক উৎসাহিত কৰিছো। প্ৰধানমন্ত্ৰীয়ে কয়, আমি দেশবাসীক ‘নি-ক্ষয় মিত্ৰ’ বা ‘যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বন্ধু’ হ’বলৈ আহ্বান জনাইছো। ইয়াৰ অধীনত প্ৰায় ১০ লাখ ৰোগীক সাধাৰণ নাগৰিকে দত্তক লৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ২০৩০ চনৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দি আমি যক্ষ্মা ৰোগ নিৰ্মূলৰ দিশত কাম কৰি আছো।

স্বাস্থ্য সেৱাসমূহ সকলোৰে বাবে সুলভ কৰি তোলাত ডিজিটেল সমাধান আৰু উদ্ভাৱনৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ প্ৰচেষ্টা হৈছে ন্যায্য আৰু সৰ্বাংগীন ব্যৱস্থাপনা। কাৰণ দূৰ্গম অঞ্চলৰ ৰোগীয়ে টেলিমেডিচিনৰ জৰিয়তে মানসম্পন্ন চিকিৎসা সেৱা লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় মঞ্চ ই-সঞ্জীৱনীক প্ৰশংসা কৰি কয় যে এই পৰ্যন্ত ১৪০ কোটি লোক টেলিহেল্থ কনচালটেচনৰ দ্বাৰা উপকৃত হৈছে।

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ কো-উইন মঞ্চ হৈছে মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ টিকাকৰণ অভিযান, যিটো সফলতাৰে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে ২২০ কোটিৰো অধিক ভেকচিন ড’জ যোগান ধৰা হৈছে আৰু তাৎক্ষণিকভাৱে টিকাকৰণৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হৈছে। ডিজিটেল স্বাস্থ্যৰ ওপৰত বিশ্বমানৰ পদক্ষেপে ডিজিটেল স্বাস্থ্য ব্যৱস্থাপনাক এক উমৈহতীয়া মঞ্চলৈ আনে।

প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰে, “ৰাইজৰ মংগলৰ বাবে আমাৰ উদ্ভাৱনসমূহ মুকলি কৰো আহক। বাৰে বাৰে একেটা পুঁজি সৃষ্টিৰ পৰা বিৰত থাকো আহক। আহক আমি সমানে সকলোৰে বাবে প্ৰযুক্তি সুলভ কৰি তোলো।” তেওঁ কয় যে এই পদক্ষেপে বিশ্ব দক্ষিণৰ দেশসমূহৰ স্বাস্থ্য সেৱাৰ ব্যৱধান দূৰ কৰাৰ সুযোগ প্ৰদান কৰিব আৰু সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাক এখোজ আগুৱাই লৈ যাব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সংস্কৃত ভাষাত সনাতন ভাৰতৰ পৰা মানৱতালৈ এক বাৰ্তা আগবঢ়ায়। যাৰ অৰ্থ হৈছে ‘সকলোৱে সুখী হওক, ৰোগমুক্ত হওক’। আপোনালোকৰ আলোচনা সফল কামনা কৰিলোঁ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Premlata Singh September 03, 2023

    वन्दे मातरम् 🙏🏻🌷
  • mahesh puj August 28, 2023

    Bjp
  • Ambikesh Pandey August 25, 2023

    👌
  • rajendra gaur August 22, 2023

    seva mein shriman aadarniy pradhanmantri ji Modi Sahab aap se anurodh hai ki hamara sabka ek sujhav hai rail karmchariyon ka paschim madhya railway Kota mandal mein chikitsalay ko upgrade Karen aur rogiyon ke liye doctoron ki avashyakta hai दूर-दूर se pure Kota mandal mein rogi aate Hain Lekin aadhunik suvidha nahin hone ke Karan niraash hokar Anya aspataalon ki or agrsar hote Hain aapse anurodh hai ki kripa karke is Samadhan ka prayas Karen Ham aapke aabhari rahenge samast welcome Chari paschim Madhya rail Kota junction mandal
  • Nihar Ranjan Nayak August 22, 2023

    प्रणाम🙏❤Generic name prescription is the normal code of conduct in the whole world, except India and few countries only. Brand name prescription practice by doctors in India is the biggest corrupt practices, doctors taking 30-50℅ commission on brand name Rx, which you know very well, without brand name prescription also Pharma companies can run their business very well and doctors continue their patient's treatment, what they should. Pharma companies can grow very well in the Generic market, the monopoly of the oldest pharmaceutical companies get end soon. Market and marketing persons career will continue to grow, by changing their strategies. Rabeprazole 20mg and Domperidone 30mg SR manufacturing cost is ₹63/100 capaules, where as average MRP is ₹95 to ₹115 for 10 capaules only! It means ₹950--₹1150/100 capsules! Is it rational? Mrp x 100/112 (-) 20℅ =PTR PTR (-) 10℅ = PTS PTS (-) 40℅ = DR commission A General Manager salary is less then the commission of a DR. This New Law is not to destroy pharma companies, it's to "control" the corruption! Many modifications needed for a good healthcare system in our country. Always, Retail Chemists and Hospital chemists are the real customers for Pharma companies, in future pharma companies should deal with them only. Doctors are just middle men, which they should not? They need commission on pathology, on brand name Rx? They deviated their patient's care towards an unethical business practice? Let's create huge awareness in media about this corrupt nexus between 🩺💊 dr and pharma companies, rest public will..?
  • virendra pandey August 21, 2023

    गोद में बच्चा लेकर भारत में आनेवाली विदेशियों के मॉडल और भारतीयों के प्रति उमडे उनके अकस्मात प्रेम पर कमांड करना होगा।
  • Yogesh Kuldeep August 21, 2023

    जय श्री राम 🙏🙏
  • Ramanlal Amin August 21, 2023

    માનનિય.વડાપ્ધાન .મોદી સાહેબ ! આરોગ્ય ની બાબતમાં મારુ આ સુચન મોકલુ છુ તો આરોગ્ય મંત્રી સાથે પરામશઁ કરો ત્યારે આટલું અવશ્ય ધ્યાનમાં લેવા વિનંતી ! (૧) દુનિયાના દેશોની સરખામણીમાં ભારતના લોકોની સરેરાશ જીવિત રહેવાની ઉંમર મને ઓછી લાગે છે . (૨)ઃ- છેલલા્ (૪/૫) વષઁમા ૬૦/૭૦ વષઁની ઉંમરવાળાની સંખ્યામાં કિડનીની બિમારી અને કેન્સરની બિમારી વધૂ છે .. તો ડોકટરોનુ વિશેષ ધ્યાન અને પ્શ્નો ગુટકા ,તમાકુ / સિગારેટ બાબતના જ હોય છે . આ સિવાય ડોકટરે દદીઁ તથા તેના સગાવ્હાલાને આ પ્શનો પણ પૂછવા જોઈએ . (૧) તમારા ઘરમાં ફી્જ રાખો છો . (૨) તેમાં શાકભાજી જે મુકો છો તે કેટલા દિવસ સુધી પડી રહે છે ? (૩) ફી્જ કેટલા દિવસે કેવી રીતે સાફ કરોછો ? (૪) સાહેબ ઃ- બજારમાં જે વસ્તુ તાજી મળતી હોય તે પોતાની આળસને લીધે ફી્જમા સંગીઁ રાખવાની ટેવ કેવી હોવી જોઈએ ….. તે તમે કેવી રીતે મુકો છો . પ્લાસ્ટિકની થેલીઓમાં ભરી મુકી રાખો છો ? આ બધા પર વિચારમવિમશઁનો સમય આવી ગયો છે … જેથી રોગના કારણો જાણી શકાશે .
  • Sanjy Panwar August 21, 2023

    जय हो
  • Raghuthaman n v August 21, 2023

    poor people r worried about their immediate needs.everything has bcome costly.i think govt not doing enough for poor people.if bjp govt has to hold to the govt they must address poor peoples problem.they r not worried about these road projects etc.immediate needs the govt shud address.about sowchalay .the sowchalay which was built earlier how may of them in gud condition or all of them now not working.has the govt taken any action to know this and take remedial action.
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi

Media Coverage

Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister welcomes Amir of Qatar H.H. Sheikh Tamim Bin Hamad Al Thani to India
February 17, 2025

The Prime Minister, Shri Narendra Modi extended a warm welcome to the Amir of Qatar, H.H. Sheikh Tamim Bin Hamad Al Thani, upon his arrival in India.

|

The Prime Minister said in X post;

“Went to the airport to welcome my brother, Amir of Qatar H.H. Sheikh Tamim Bin Hamad Al Thani. Wishing him a fruitful stay in India and looking forward to our meeting tomorrow.

|

@TamimBinHamad”