প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদ্যালয়ৰ শিক্ষক শ্ৰী সোমভাই পেটেলে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ২০০৫ চনত শিক্ষকসকলক কিদৰে সন্মান জনাইছিল, সেই কথা আন্তৰিকতাৰে স্মৰণ কৰে৷ শ্ৰী পেটেলে এটা ভিডিঅ’ত শ্ৰী মোদীৰ তেওঁৰ গুৰুসকলৰ প্ৰতি থকা সন্মান আৰু মৰমৰ বিষয়ে উল্লেখ কৰিছে।
শ্ৰী পেটেলে কয়, “২০০৫ চনত নৰেন্দ্ৰ ভায়ে তেওঁৰ সকলো বিদ্যালয়ৰ শিক্ষকৰ বাবে আহমেদাবাদত গুৰু বন্দনা নামেৰে এক কাৰ্যসূচী আয়োজন কৰিছিল। তেওঁ প্ৰায় ২৭গৰাকী শিক্ষকক আমন্ত্ৰণ জনাইছিল। তেওঁ প্ৰতিগৰাকী শিক্ষকৰ ওচৰলৈ গৈ তেওঁলোকক নামেৰে সম্বোধন কৰি তেওঁলোকৰ সন্মুখত প্ৰণাম কৰি ফুলৰ মালা পিন্ধাই সকলো শিক্ষকক সন্মান জনাইছিল।”
শ্ৰী সোমনাথ পেটেলৰ কয় যে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা তদানিন্তন গুজৰাটৰ ৰাজ্যপাল পণ্ডিত নৱাল কিশোৰ শৰ্মাই কৈছিল যে এয়া এক অসাধাৰণ কাৰ্যসূচী যিটো আগতে ভাৰতৰ ক’তো হোৱা নাছিল। “ৰাজ্যপাল গৰাকীয়ে কৈছিল যে নৰেন্দ্ৰ ভায়ে তেওঁৰ শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী আয়োজন কৰিছে। এনে এক কাৰ্যসূচী সমগ্ৰ দেশতে নাভূত-নাশ্ৰুত কথা,’ শ্ৰী সোমনাথ পেটেলে লগতে কয়।
It is humbling to note the respect and affection that Narendra Modi has for his Gurus.
— Modi Story (@themodistory) July 13, 2022
His school teacher Sombhai Patel fondly remembers how Modi honoured his teachers in 2005 after becoming the Gujarat CM!
A #ModiStory on #GuruPurnimahttps://t.co/EdWZ1iSKel @themodistory pic.twitter.com/HyedjugdIN