Quoteসবকা সাথ, সবকা বিকাশ আমাৰ সামূহিক দায়িত্বঃ প্ৰধানমন্ত্ৰী
Quoteদেশৰ জনসাধাৰণে আমাৰ উন্নয়নৰ আৰ্হিক বুজি পাইছে, পৰীক্ষা কৰি চাইছে আৰু সমৰ্থন কৰিছেঃ প্ৰধানমন্ত্ৰী
Quoteতুষ্টিকৰণৰ বিপৰীতে ২০১৪ৰ পিছত দেশত এটা নতুন আৰ্হি দেখা গৈছে আৰু এয়া হৈছে সন্তুষ্টিৰঃ প্ৰধানমন্ত্ৰী
Quoteআমাৰ শাসনৰ মন্ত্ৰ হ’ল – সবকা সাথ, সবকা বিকাশঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতৰ অগ্ৰগতিক নাৰী শক্তিয়ে চালিত কৰিছেঃ প্ৰধানমন্ত্ৰী
Quoteআমি দৰিদ্ৰ আৰু উপান্ত লোকসকলৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ: প্ৰধানমন্ত্ৰী
Quoteআমি পিএম-জনমানৰ জৰিয়তে জনজাতীয় সমাজসমূহক সবলীকৰণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
Quoteদেশৰ ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তৰে নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈছে, আজি তেওঁলোকৰ আকাংক্ষাই হৈছে ৰাষ্ট্ৰৰ প্ৰগতিৰ আটাইতকৈ মজবুত ভেটিঃ প্ৰধানমন্ত্ৰী
Quoteউন্নয়নৰ দিশত ভাৰতৰ যাত্ৰাক আগুৱাই নিবলৈ মধ্যবিত্ত শ্ৰেণীটো আত্মবিশ্বাসী আৰু দৃঢ়প্ৰতিজ্ঞঃ প্ৰধানমন্ত্ৰী
Quoteআমি সমগ্ৰ দেশতে আন্তঃগাঁথনি সুদৃঢ়কৰণত মনোনিৱেশ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
Quoteআজি বিশ্বই ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক স্বীকাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে ৭০ গৰাকীৰো অধিক সন্মানীয় সাংসদে তেওঁলোকৰ মূল্যৱান চিন্তাৰে ধন্যবাদসূচক প্ৰস্তাৱটোক সমৃদ্ধ কৰিছে। তেখেতে উল্লেখ কৰে যে দুয়োপক্ষৰ মাজত আলোচনা হৈছে, সকলোৱে নিজৰ বুজাবুজিৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ ভাষণৰ ব্যাখ্যা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সবকা সাথ, সবকা বিকাশ সন্দৰ্ভত বহু কথা কোৱা হৈছে। তেখেতে কয় যে সবকা সাথ, সবকা বিকাশ আমাৰ সামূহিক দায়িত্ব আৰু সেইবাবেই দেশে তেওঁলোকক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে।

২০১৪ৰ পৰা ভাৰতৰ জনসাধাৰণক অবিৰতভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদানৰ বাবে ধন্যবাদ জনাই শ্ৰী মোদীয়ে কয় যে এয়াই আমাৰ উন্নয়নৰ আৰ্হিৰ সাক্ষ্য, যাক জনসাধাৰণে পৰীক্ষা কৰিছে, বুজি পাইছে আৰু সমৰ্থন জনাইছে। তেখেতে লগতে কয় যে ‘ৰাষ্ট্ৰ প্ৰথম’ বাক্যাংশই তেওঁলোকৰ উন্নয়নৰ আৰ্হিকে বুজাইছে আৰু ইয়াৰ উদাহৰণ চৰকাৰৰ নীতি, আঁচনি আৰু কাৰ্য্যত দেখা গৈছে। স্বাধীনতাৰ ৫ - ৬ দশকৰ দীৰ্ঘ বিৰতিৰ পিছত শাসন আৰু প্ৰশাসনৰ বিকল্প আৰ্হিৰ প্ৰয়োজন হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে দেশখনে তুষ্টিকৰণৰ বিপৰীতে সন্তুষ্টিৰ ওপৰত ভিত্তিৰে ২০১৪ৰ পৰা উন্নয়নৰ এক নতুন আৰ্হিৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।

“ভাৰতৰ সম্পদৰাজিৰ অনুকূল ব্যৱহাৰ সুনিশ্চিতকৰণৰ বাবে আমি আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে ইয়াৰ জৰিয়তে ভাৰতৰ সময়ো যাতে অপচয় নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়, সেয়া নিশ্চিত কৰা হৈছে। সেয়েহে তেখেতে লগতে কয়, “আমি চেচুৰেচন পন্থা গ্ৰহণ কৰিছোঁ।” তেখেতে কয় যে এই পন্থাৰ আঁৰৰ উদ্দেশ্য আছিল আঁচনি এখনৰ প্ৰকৃত হিতাধিকাৰীসকলে ১০০% সুবিধা লাভ নিশ্চিত কৰা। বিগত দশকত “সবকা সাথ, সবকা বিশ্বাস”ৰ প্ৰকৃত মনোভাৱ তৃণমূল পৰ্য্যায়ত কাৰ্য্যকৰী হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে উন্নয়ন আৰু প্ৰগতিৰ ৰূপত ফলপ্ৰসূতা লাভৰ পৰিপ্ৰেক্ষিতত এতিয়া সেয়া স্পষ্ট হৈ পৰিছে। “সবকা সাথ, সবকা বিশ্বাস আমাৰ শাসনৰ মূল মন্ত্ৰ”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আইন সুদৃঢ়কৰণেৰে নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে, যিয়ে দৰিদ্ৰ আৰু জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান আৰু নিৰাপত্তা বৃদ্ধিৰে সবলীকৰণ কৰিব।

আজি জাতিবাদৰ বিষবাষ্প বিয়পাবলৈ একাধিক অপচেষ্টা চলোৱা হৈছে বুলি দুখ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত তিনিটা দশক ধৰি উভয় সদনৰ ভিন্ন দলৰ অ’বিচি সাংসদসকলে অ’বিচি আয়োগক সাংবিধানিক মৰ্য্যাদা প্ৰদানৰ দাবী জনাই আহিছে। তেখেতে লগতে কয় যে তেওঁলোকৰ চৰকাৰেই অ’বিচি আয়োগক সাংবিধানিক মৰ্য্যাদা প্ৰদান কৰিছিল। তেখেতে উল্লেখ কৰে যে পিছপৰা শ্ৰেণীৰ সন্মান আৰু মৰ্য্যাদা তেওঁলোকৰ চৰকাৰৰ বাবেও গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে ১৪০ কোটি ভাৰতীয়ক পূজা কৰে।

দেশত সংৰক্ষণৰ বিষয়টো উত্থাপন হোৱা মাত্ৰেকে সমস্যাটোক আগ্ৰহেৰে সমাধানৰ প্ৰচেষ্টা হাতত লোৱা হোৱা নাই বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এনে প্ৰতিটো মুহূৰ্ততে দেশখনক বিভাজিত কৰা, উত্তেজনা সৃষ্টি কৰা, পৰস্পৰে-পৰস্পৰৰ বিৰুদ্ধে শত্ৰুতা গঢ়ি তোলাৰ পন্থা গ্ৰহণ কৰা হৈছে। তেখেতে কয় যে দেশখনে স্বাধীনতা লাভৰ পাছতো একেধৰণৰ পন্থা অৱলম্বন কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পোন-প্ৰথমবাৰৰ বাবে তেখেতৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰে অনুপ্ৰাণিত হৈ কোনো ধৰণৰ উত্তেজনা বা বঞ্চনা নোহোৱাকৈ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে প্ৰায় ১০% সংৰক্ষণৰ ব্যৱস্থাৰে এক আৰ্হি দাঙি ধৰিছে। তেখেতে কয় যে এই সিদ্ধান্তক অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সমাজে আদৰণি জনাইছে, কোনেও কোনো অস্বস্তি প্ৰকাশ কৰা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সবকা সাথ, সবকা বিকাশৰ নীতিৰ ওপৰত ভিত্তিৰে কাৰ্য্যকৰী পদ্ধতি সুস্থ আৰু শান্তিপূৰ্ণভাৱে অৱলম্বন কৰা হয়, যাৰ ফলত এই সিদ্ধান্ত দেশজুৰি গ্ৰহণ কৰা হয়।

পূৰ্বে দেশৰ দিব্যাংগ বা বিশেষভাৱে সক্ষম ব্যক্তিসকলে প্ৰাপ্য মনোযোগ লাভ কৰা নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰ অধীনত তেখেতৰ চৰকাৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সংৰক্ষণ বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ বাবে সুবিধা প্ৰদানৰ ক্ষেত্ৰত মিছন মোডত কাম কৰিছে। তেখেতে উল্লেখ কৰে যে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুবিধাৰ্থে অসংখ্য কল্যাণমূলক আঁচনি যুগুত আৰু ৰূপায়ণ কৰা হৈছে। তদুপৰি শ্ৰী মোদীয়ে তৃতীয় লিংগৰ আইনী অধিকাৰৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ওপৰত গুৰুত্ব আৰোপেৰে শক্তিশালী আইনী ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ নিশ্চিতকৰণৰ অংগীকাৰত আলোকপাত কৰে। তেখেতে কয় যে সবকা সাথ, সবকা বিকাশৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি তেওঁলোকৰ দয়ালু বিবেচনাৰ জৰিয়তে প্ৰদৰ্শিত হৈছে।

“নাৰী শক্তিয়ে ভাৰতৰ অগ্ৰগতিক চালিত কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে মহিলাসকলক সুযোগ প্ৰদান আৰু তেওঁলোক নীতি নিৰ্ধাৰণৰ অংশ হোৱা মাত্ৰেকে দেশৰ অগ্ৰগতি ত্বৰান্বিত হোৱাটো নিশ্চিত। তেখেতে কয় যে এই কাৰণেই নতুন সংসদত চৰকাৰৰ প্ৰথমটো সিদ্ধান্ত নাৰী শক্তিৰ সন্মানৰ বাবে উৎসৰ্গা কৰা হৈছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে নতুন সংসদ কেৱল ইয়াৰ ৰূপৰ বাবেই নহয়, বৰঞ্চ প্ৰথম সিদ্ধান্তৰ বাবেও স্মৰণীয় হৈ ৰ’ব, যি আছিল নাৰী শক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কাৰ্য্য। তেখেতে উল্লেখ কৰে যে প্ৰশংসাৰ স্বাৰ্থত নতুন সংসদক বেলেগ ধৰণেৰে উদ্বোধন কৰিবপৰা গ’লহেঁতেন, কিন্তু ইয়াৰ পৰিৱৰ্তে ইয়াক মহিলাৰ সন্মানৰ বাবে উৎসৰ্গা কৰা হৈছে। তেখেতে কয় যে সংসদে নাৰী শক্তিৰ আশীৰ্বাদত কাম আৰম্ভ কৰিছে।

ডঃ বাবাছাহেব আম্বেদকাৰক পূৰ্বৰ চৰকাৰসমূহে কেতিয়াও ভাৰতৰত্নৰ বাবে যোগ্য বুলি বিবেচনা কৰা নাছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ পিছতো দেশৰ জনসাধাৰণে ডঃ আম্বেদকাৰৰ মনোভাৱ আৰু আদৰ্শক সদায় সন্মান জনাই আহিছে। তেখেতে কয় যে সমাজৰ সকলো শ্ৰেণীৰপৰা লাভ কৰা এই সন্মানৰ বাবে এতিয়া সকলো দলৰে সকলোৱে অনিচ্ছা সত্ত্বেও "জয় ভীম" ক'বলৈ ধৰিছে।

শ্ৰী মোদীয়ে কয় যে ডঃ বাবাছাহেব আম্বেদকাৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলে সন্মুখীন হোৱা মৌলিক প্ৰত্যাহ্বানসমূহ গভীৰভাৱে বুজি পাইছিল, ব্যক্তিগতভাৱে যন্ত্ৰণা আৰু দুখ-কষ্ট অনুভৱ কৰিছিল। তেখেতে উল্লেখ কৰে যে ডঃ আম্বেদকাৰে এই সমাজসমূহৰ অৰ্থনৈতিক উত্থানৰ বাবে এক স্পষ্ট ৰূপৰেখা দাঙি ধৰিছিল। ডঃ আম্বেদকাৰৰ এটা উক্তি “ভাৰত এখন কৃষিভিত্তিক দেশ হ’লেও কৃষি দলিতসকলৰ মূল জীৱিকা হ’ব নোৱাৰে” উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডঃ আম্বেদকাৰে দুটা কাৰণ চিনাক্ত কৰিছিলঃ প্ৰথম, মাটি ক্ৰয় কৰিব নোৱাৰা আৰু দ্বিতীয়তে, ধনেৰেও মাটি ক্ৰয়ৰ কোনো সুযোগ নাছিল। তেখেতে কয় যে ডঃ আম্বেদকাৰে দলিত, জনজাতীয়, প্ৰান্তীয় শ্ৰেণীয়ে সন্মুখীন হোৱা এই অন্যায়ৰ সমাধান হিচাপে ঔদ্যোগীকৰণৰ পোষকতা কৰিছিল। তেখেতে উল্লেখ কৰে যে ডঃ আম্বেদকাৰে অৰ্থনৈতিক আত্মনিৰ্ভৰতাৰ বাবে দক্ষতাভিত্তিক নিয়োগ আৰু উদ্যমিতাক প্ৰসাৰিতকৰণত বিশ্বাস কৰিছিল। তেখেতে উল্লেখ কৰে যে স্বাধীনতাৰ পাছত বহু দশক ধৰি ডঃ আম্বেদকাৰৰ এনে দৃষ্টিভংগীক বিবেচনা কৰা নহৈছিল আৰু সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল। তেখেতে কয় যে ডঃ আম্বেদকাৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অৰ্থনৈতিক কষ্ট লাঘৱৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

২০১৪ত তেখেতৰ চৰকাৰে দক্ষতা বিকাশ, আৰ্থিক অন্তৰ্ভুক্তি আৰু ঔদ্যোগিক বিকাশক অগ্ৰাধিকাৰ প্ৰদান কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাজৰ আধাৰৰ বাবে অপৰিহাৰ্য্য আৰু গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা কমাৰ আৰু মৃৎশিল্পীৰ দৰে পৰম্পৰাগত শিল্পীসকলৰ কল্যাণৰ বাবে পিএম বিশ্বকৰ্মা যোজনা প্ৰৱৰ্তন কৰা কাৰ্য্যত আলোকপাত কৰে। তেখেতে কয় যে পোন-প্ৰথমবাৰৰ বাবে সমাজৰ এই শ্ৰেণীটোৰ প্ৰতি চিন্তা কৰা হৈছে, তেওঁলোকক প্ৰশিক্ষণ প্ৰদান, তেওঁলোকৰ প্ৰযুক্তিগত অগ্ৰগতি, নতুন সঁজুলি, ডিজাইনৰ সহায়, আৰ্থিক সহায় আৰু বজাৰত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। তেখেতে কয় যে তেখেতৰ চৰকাৰে এই অৱহেলিত গোটটোত গুৰুত্ব আৰোপ কৰিবলৈ এক বিশেষ অভিযান আৰম্ভ কৰে। ইয়াৰ জৰিয়তে সমাজ গঢ়াত তেওঁলোকৰ উল্লেখযোগ্য ভূমিকাক স্বীকাৰ কৰা হৈছে।

“প্ৰথমবাৰৰ উদ্যোগীসকলক আমন্ত্ৰণ আৰু উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে মুদ্ৰা আঁচনিৰ প্ৰৱৰ্তন কৰিছে”, শ্ৰী মোদীয়ে কয় আৰু সমাজৰ এক উল্লেখযোগ্য শ্ৰেণীক আত্মনিৰ্ভৰশীলতাৰ সপোন পূৰণত সহায় কৰিবলৈ নিশ্চয়তা অবিহনে ঋণ প্ৰদানৰ বৃহৎ পৰিসৰৰ অভিযানত আলোকপাত কৰে, যিয়ে অতিশয় সফলতা লাভ কৰিছে। তেখেতে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ লক্ষ্য হৈছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু যিকোনো সমাজৰ মহিলাসকলক তেওঁলোকৰ উদ্যোগসমূহক সহায় কৰিবলৈ নিশ্চয়তা অবিহনে ১ (এক) কোটি টকা পৰ্য্যন্ত ঋণ প্ৰদান কৰা। তেখেতে উল্লেখ কৰে যে এইবাৰ এই আঁচনিৰ বাজেট দুগুণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰান্তীয় সমাজৰ লাখ-লাখ যুৱক-যুৱতী আৰু একাধিক মহিলাই মুদ্ৰা আঁচনিৰ অধীনত ব্যৱসায় আৰম্ভ কৰিছে, কেৱল নিজৰ বাবে কৰ্মসংস্থাপন নিশ্চিতকৰণেই নহয়, আনৰ বাবেও চাকৰিৰ সৃষ্টি কৰিছে। তেখেতে প্ৰতিগৰাকী শিল্পী-কাৰিকৰ আৰু প্ৰতিখন সমাজৰ সবলীকৰণত আলোকপাত কৰে আৰু মুদ্ৰা আঁচনিৰ জৰিয়তে ডঃ বাবাছাহেব আম্বেদকাৰৰ সপোন পূৰণ কৰা হৈছে বুলি কয়।

দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ কল্যাণৰ প্ৰতি তেখেতৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে, পূৰ্বে যিসকলক আওকাণ কৰা হৈছিল তেওঁলোকক এতিয়া অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বৰ্তমানৰ বাজেটখনে চামৰা আৰু ফুটৱেৰ উদ্যোগৰ দৰে ভিন্ন ক্ষুদ্ৰ খণ্ডক স্পৰ্শ কৰিছে, যাৰ ফলত দৰিদ্ৰ আৰু প্ৰান্তীয় সমাজসমূহ উপকৃত হ’ব। এটা উদাহৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলনা উদ্যোগৰ কথা উল্লেখেৰে প্ৰান্তীয় সমাজৰ বহু লোক খেলনা প্ৰস্তুতৰে জড়িত হৈছে বুলি কয়। চৰকাৰে এই খণ্ডত গুৰুত্ব আৰোপ কৰিছে, দৰিদ্ৰ পৰিয়ালক ভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰিছে। ফলত খেলনাৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে, যি তিনিগুণ বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই উদ্যোগৰ ওপৰত জীৱিকাৰ বাবে নিৰ্ভৰশীল অনগ্ৰসৰ সমাজসমূহ উপকৃত হৈছে।

ভাৰতৰ মাছমৰীয়া সমাজৰ উল্লেখযোগ্য অৱদানত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মাছমৰীয়াসকলৰ বাবে এটা সুকীয়া মন্ত্ৰালয় স্থাপনেৰে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা তেওঁলোকৰ মাজলৈ সম্প্ৰসাৰণ কৰিছে। তেখেতে উল্লেখ কৰে যে মীন খণ্ডত প্ৰায় ৪০ হাজাৰ কোটি টকা অন্তৰ্ভুক্ত কৰা হৈছে। তেখেতে কয় যে এই প্ৰচেষ্টাসমূহে মাছৰ উৎপাদন আৰু ৰপ্তানি দুগুণ বৃদ্ধি কৰিছে, যাৰ ফলত মাছমৰীয়া সমাজখন প্ৰত্যক্ষভাৱে উপকৃত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাজৰ অতিশয় অৱহেলিত শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি পুনৰবাৰ উল্লেখ কৰে।

আমাৰ জনজাতীয় সমাজক ভিন্ন স্তৰত প্ৰভাৱিতকৰণেৰে জাতিবাদৰ বিষবাষ্প বিয়পাবলৈ নতুন অপচেষ্টা গ্ৰহণ কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান গোটৰ জনসংখ্যা অতি কম, দেশৰ ২০০-৩০০ ঠাইত বিয়পি পৰিছে আৰু তেওঁলোক অতিশয় অৱহেলিত। এই সমাজসমূহৰ সম্পৰ্কে ৰাষ্ট্ৰপতিগৰাকীৰপৰা লাভ কৰা পথ-প্ৰদৰ্শনৰ বাবে তেখেতে কৃতজ্ঞতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহক নিৰ্দিষ্ট আঁচনিসমূহত অন্তৰ্ভুক্তকৰণৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেখেতে এই সমাজসমূহৰ বাবে সুবিধা আৰু কল্যাণমূলক ব্যৱস্থা প্ৰদান কৰিবলৈ ২৪,০০০ কোটি টকাৰ আবন্টনেৰে পিএম জনমান যোজনা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে। ইয়াৰ লক্ষ্য হৈছে তেওঁলোকক আন জনজাতীয় সমাজৰ স্তৰলৈ উন্নীত কৰা আৰু শেষত সমগ্ৰ সমাজৰ সম-পৰ্য্যায়লৈ অনা।

“আমাৰ চৰকাৰে দেশৰ এনে ভিন্ন অঞ্চলত গুৰুত্ব আৰোপ কৰিছে, যিসমূহ পূৰ্বে পিছপৰা আছিল, যেনেঃ সীমান্তৱৰ্তী গাঁও”, শ্ৰী মোদীয়ে কয়। তেখেতৰ চৰকাৰে সঞ্চাৰ কৰা মানসিক পৰিৱৰ্তনত আলোকপাতেৰে কয় যে এতিয়া সীমান্তৱৰ্তী গাঁওবাসীক অগ্ৰাধিকাৰ প্ৰদান নিশ্চিত কৰা হৈছে। তেখেতে কয় যে সূৰ্য্যৰ প্ৰথম আৰু শেষ ৰশ্মিয়ে স্পৰ্শ কৰা এই গাঁওসমূহক নিৰ্দিষ্ট উন্নয়ন পৰিকল্পনাৰে "প্ৰথম গাঁও" হিচাপে বিশেষ মৰ্য্যাদা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গাঁওবাসীৰ সমস্যা বুজিবলৈ আৰু সমাধান কৰিবলৈ মাইনাছ ১৫ ডিগ্ৰীৰ দৰে চৰম পৰিস্থিতিতো ২৪ ঘন্টা থাকিবলৈ দূৰৱৰ্তী গাঁওসমূহলৈ মন্ত্ৰীসকলক প্ৰেৰণ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ দৰে ৰাষ্ট্ৰীয় উদযাপনত এই সীমান্তৱৰ্তী অঞ্চলসমূহৰ গাঁও নেতাসকলক অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। তেখেতে সবকা সাথ, সবকা বিকাশৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু প্ৰতিখন অৱহেলিত সমাজৰ ওচৰলৈ যোৱাৰ বাবে অব্যাহত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে ৰাষ্ট্ৰখনৰ সুৰক্ষাৰ বাবে ভাইব্ৰেন্ট ভিলেজছ কাৰ্য্যসূচীৰ গুৰুত্ব আৰু উপযোগিতাত আলোকপাতেৰে চৰকাৰে ইয়াত অবিৰত মনোনিৱেশত গুৰুত্ব আৰোপ কৰিছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত, গণৰাজ্যৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে, সংবিধানৰ প্ৰণেতাসকলৰপৰা প্ৰেৰণা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। সংবিধানৰ প্ৰণেতাসকলৰ আৱেগক চৰকাৰে শ্ৰদ্ধা জনাই প্ৰেৰণা সহকাৰে আগবাঢ়িছে বুলি কয়। ইউনিফৰ্ম চিভিল কোড (UCC) বিষয়ত শ্ৰী মোদীয়ে কয় যে সংবিধান সভাৰ বিতৰ্ক পঢ়াসকলে সেই আৱেগসমূহ উত্থাপনৰ প্ৰচেষ্টা বুজি পায়। তেখেতে স্বীকাৰ কৰে যে কেতবোৰ ৰাজনৈতিক আপত্তি থাকিব পাৰে, কিন্তু চৰকাৰে সাহস আৰু নিষ্ঠাৰে এই দৃষ্টিভংগী পূৰণ কৰিবলৈ অংগীকাৰবদ্ধ।

সংবিধানৰ প্ৰণেতাসকলক সন্মান জনোৱাত গুৰুত্ব আৰোপেৰে তেওঁলোকৰ কথাৰপৰা প্ৰেৰণা গ্ৰহণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতাৰ লগে-লগে সংবিধানৰ প্ৰণেতাসকলৰ আৱেগক অৱজ্ঞা কৰা হৈছিল বুলি দুখ প্ৰকাশ কৰে। তেখেতে কয় যে নিৰ্বাচিত চৰকাৰ নোহোৱা এক অন্তৱৰ্তীকালীন ব্যৱস্থাই নিৰ্বাচিত চৰকাৰ এখনলৈ অপেক্ষা নকৰাকৈ সংবিধান সংশোধনী কৰিছিল। তেখেতে কয় যে বাক স্বাধীনতা ৰোধ কৰা হৈছিল আৰু গণতন্ত্ৰ অক্ষুণ্ণ ৰখাৰ দাবীৰে সংবাদ মাধ্যমৰ ওপৰত বাধা আৰোপ কৰা হৈছিল। তেখেতে কয় যে এয়া সংবিধানৰ মনোভাৱক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰাৰ দৃষ্টান্ত।

শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰৰ কাৰ্য্যকালত বাক স্বাধীনতা দমনৰ দৃষ্টান্ত দেখা গৈছিল। তেখেতে উল্লেখ কৰে যে মুম্বাইত শ্ৰমিকৰ ধৰ্মঘটৰ সময়ত প্ৰখ্যাত কবি মজৰূহ চুলতানপুৰীয়ে কমনৱেলথক সমালোচনাৰে কবিতা আবৃত্তি কৰিছিল, যাৰ পৰিণতিত তেওঁক কাৰাগাৰত বন্দী কৰা হৈছিল। তেখেতে লগতে কয় যে বিখ্যাত অভিনেতা বলৰাজ সাহনীক কেৱল প্ৰতিবাদী সমদলত অংশগ্ৰহণৰ বাবেই কাৰাগাৰত ভৰোৱা হৈছিল। তেখেতে আৰু কয় যে লতা মংগেশকাৰৰ ভ্ৰাতৃ হৃদয়নাথ মংগেশকাৰে বীৰ সাৱৰকাৰৰ কবিতা অল ইণ্ডিয়া ৰেডিঅ’ত আবৃত্তিৰ পৰিকল্পনাৰ বাবে প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেখেতে কয় যে কেৱল এই কাৰণেই হৃদয়নাথ মংগেশকাৰক অল ইণ্ডিয়া ৰেডিঅ’ৰপৰা স্থায়ীভাৱে বৰ্খাস্ত কৰা হৈছিল।

জৰুৰীকালীন সময়ছোৱাত দেশত বিৰাজ কৰা পৰিবেশৰ কথা উল্লেখেৰে তেখেতে কয় যে সেই সময়ত ক্ষমতাৰ স্বাৰ্থত সংবিধানখনক চেপি ধৰা হৈছিল আৰু ইয়াৰ আত্মাক ভৰিৰে মোহাৰি পেলোৱা হৈছিল। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰই এই কথা মনত ৰাখিছে। তেখেতে উল্লেখ কৰে যে জৰুৰীকালীন সময়ত প্ৰখ্যাত জ্যেষ্ঠ অভিনেতা দেৱ আনন্দক জৰুৰীকালীন অৱস্থাক ৰাজহুৱাভাৱে সমৰ্থন কৰিবলৈ অনুৰোধ কৰা হৈছিল। দেৱ আনন্দই সাহস দেখুৱাই সমৰ্থন কৰিবলৈ অস্বীকাৰৰ পৰিণতিত তেওঁৰ সকলো ছবি দূৰদৰ্শনত প্ৰদৰ্শনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যিসকলে সংবিধানৰ কথা কয়, কিন্তু বছৰ-বছৰ ধৰি পকেটতে ৰাখিছে, ইয়াৰ প্ৰতি কোনো সন্মান প্ৰদৰ্শন নকৰাসকলক সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে কিশোৰ কুমাৰে তেতিয়াৰ শাসকীয় দলৰ হৈ গান গাবলৈ অস্বীকাৰ কৰিছিল আৰু ফলস্বৰূপে তেওঁৰ সকলো গীত অল ইণ্ডিয়া ৰেডিঅ’ত নিষিদ্ধ কৰা হৈছিল।

জৰুৰীকালীন অৱস্থাৰ দিনবোৰৰ কথা পাহৰিব নোৱাৰি বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰ আৰু মানৱ মৰ্য্যাদাৰ কথা কোৱাসকল সেই একেই লোক, যিয়ে জৰুৰীকালীন অৱস্থাত জৰ্জ ফাৰ্নাণ্ডেছকে প্ৰমুখ্য কৰি দেশৰ মহান ব্যক্তিসকলক শিকলিৰে বান্ধিছিল। তেখেতে কয় যে এই সময়ছোৱাত সাংসদ আৰু ৰাষ্ট্ৰীয় নেতাসকলকো শিকলি আৰু হেণ্ডকাফ লগাই বান্ধি ৰখা হৈছিল। তেখেতে উল্লেখ কৰে যে "সংবিধান" শব্দটো তেওঁলোকৰ লগত খাপ নাখায়।

শ্ৰী মোদীয়ে কয় যে ক্ষমতা আৰু এটা ৰাজপৰিয়ালৰ অহংকাৰৰ স্বাৰ্থত দেশৰ লাখ-লাখ পৰিয়াল ধ্বংস হৈছিল আৰু ৰাষ্ট্ৰখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছিল। তেখেতে কয় যে দীৰ্ঘদিনীয়া সংগ্ৰামৰ সৃষ্টি হৈছিল, যাৰ ফলত নিজকে অজেয় বুলি ভবাসকলে জনসাধাৰণৰ শক্তিৰ আগত প্ৰণাম কৰিবলৈ বাধ্য হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় জনসাধাৰণৰ শিৰাত নিহিত হৈ থকা গণতান্ত্ৰিক মনোভাৱৰ বাবেই জৰুৰীকালীন অৱস্থা উঠাই লোৱা হৈছে। তেখেতে জ্যেষ্ঠ নেতাসকলক অতিশয় সন্মান কৰে আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া জনসেৱাক সন্মান জনায় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী দেৱগৌড়াৰ দৰে নেতাৰ সাফল্যৰ কথা উল্লেখ কৰে।

দৰিদ্ৰসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ উত্থান তেখেতৰ চৰকাৰৰ কাৰ্য্যকালত হোৱাৰ দৰে পূৰ্বে কেতিয়াও হোৱা নাছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু দৰিদ্ৰতা দূৰ কৰাৰ লক্ষ্যৰে আঁচনি ৰূপায়ণ কৰিছে। তেখেতে দেশৰ দৰিদ্ৰ লোকসকলৰ সম্ভাৱনাত বিশ্বাস প্ৰকাশেৰে সুযোগ পালে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে বুলি উল্লেখ কৰে। তেখেতে কয় যে দৰিদ্ৰ লোকসকলে এই আঁচনি আৰু সুযোগৰ সুবিধা লৈ নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। “সবলীকৰণৰ জৰিয়তে ২৫ কোটি লোক সফলতাৰে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই আহিছে, যিটো চৰকাৰৰ বাবে গৌৰৱৰ বিষয়”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিসকলে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই আহিছে তেওঁলোকে কঠোৰ পৰিশ্ৰম, চৰকাৰৰ ওপৰত আস্থা আৰু আঁচনিসমূহৰ লাভেৰে এনে কৰিছে আৰু আজি তেওঁলোকে দেশত এক নব্য মধ্যবিত্ত শ্ৰেণী গঠন কৰিছে।

নব্য মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি চৰকাৰৰ দৃঢ় দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ আকাংক্ষা দেশৰ প্ৰগতিৰ চালিকা শক্তি, নতুন শক্তি আৰু ই ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে এক সুদৃঢ় ভেটি প্ৰশস্ত কৰিছে। তেখেতে মধ্যবিত্ত শ্ৰেণী আৰু নব্য মধ্যবিত্ত শ্ৰেণীৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰচেষ্টাত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে চলিত বাজেটত মধ্যবিত্ত শ্ৰেণীৰ এক উল্লেখযোগ্য অংশক কৰ ৰেহাই দিয়া হৈছে। ২০১৩ত আয়কৰ ৰেহাইৰ সীমা ২ লাখ টকা আছিল যদিও এতিয়া ইয়াক ১২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৭০ বছৰ উৰ্ধ ব্যক্তি, শ্ৰেণী বা সম্প্ৰদায় নিৰ্বিশেষে আয়ুষ্মান ভাৰত আঁচনিৰদ্বাৰা উপকৃত হৈছে, যাৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ বৃদ্ধ লোকসকলৰ বাবে যথেষ্ট সুবিধা হৈছে।

“আমি নাগৰিকসকলৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছোঁ, চহৰত এনে এক কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে পূৰ্বে এই ক্ষেত্ৰত যথেষ্ট প্ৰৱঞ্চনা হৈছিল, যাৰ বাবে সুৰক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল। তেখেতে কয় যে এই সংসদত ৰিয়েল এষ্টেট (ৰেগুলেচন এণ্ড ডেভেলপমেন্ট) (RERA) আইন প্ৰণয়ন কৰাটো মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘৰৰ মালিকীস্বত্বৰ সপোনৰ বাধা অতিক্ৰমৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আহিলা হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ বাজেটত স্বামিহ (SWAMIH) পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত স্থবিৰ হৈ থকা গৃহ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ ১৫ হাজাৰ কোটি টকা আবন্টন দিয়া হৈছে। তেখেতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰা।

বিশ্বজুৰি স্বীকৃতি লাভ কৰা ষ্টাৰ্টআপ বিপ্লৱৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ষ্টাৰ্টআপসমূহক মূলতঃ মধ্যবিত্ত শ্ৰেণীৰ যুৱক-যুৱতীসকলে পৰিচালিত কৰে। বিশেষকৈ দেশৰ ৫০-৬০ স্থানত অনুষ্ঠিত হোৱা জি-২০ বৈঠকৰ বাবে বিশ্বখন ভাৰতৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হোৱা বুলি কয়। তেখেতে কয় যে ইয়াৰ জৰিয়তে দিল্লী, মুম্বাই, বেংগালুৰুৰ বাহিৰেও ভাৰতৰ বিশালতা উন্মোচিত হৈছে। তেখেতে কয় যে ভাৰতীয় পৰ্যটনৰ প্ৰতি ক্ৰমবৰ্ধমান বৈশ্বিক আগ্ৰহে অসংখ্য ব্যৱসায়িক সুযোগ প্ৰশস্ত কৰিছে, যিয়ে মধ্যবিত্ত শ্ৰেণীক ভিন্ন আয়ৰ উৎস প্ৰদানেৰে বহুখিনি উপকৃত কৰিছে।

“আজিৰ মধ্যবিত্ত শ্ৰেণী আত্মবিশ্বাসেৰে ভৰি পৰিছে, যি অভূতপূৰ্ব আৰু যিয়ে ৰাষ্ট্ৰখনক বহু পৰিমাণে শক্তিশালী কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে দৃঢ় বিশ্বাস প্ৰকাশেৰে কয় যে ভাৰতীয় মধ্যবিত্ত শ্ৰেণীটো উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আৰু সম্পূৰ্ণ প্ৰস্তুত। তেওঁলোকে শক্তিশালীভাৱে থিয় দি একেলগে আগবাঢ়িছে।

এখনি উন্নত ভাৰত গঢ়াত যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনগাঁথনিগত লভ্যাংশৰ ওপৰত গুৰুত্ব আৰোপেৰে কয় যে বৰ্তমান বিদ্যালয়-মহাবিদ্যালয়ত থকা ছাত্ৰ-ছাত্ৰীসকল এখন উন্নত ৰাষ্ট্ৰৰ প্ৰাথমিক হিতাধিকাৰী হ’ব। তেখেতে কয় যে যুৱক-যুৱতীসকলৰ বয়স বৃদ্ধিৰ লগে-লগে দেশৰ উন্নয়নৰ যাত্ৰা আগবাঢ়ি যাব, যাৰ ফলত তেওঁলোক উন্নত ভাৰতৰ বাবে এক উল্লেখযোগ্য ভেটি হৈ পৰিব। তেখেতে কয় যে যোৱা দশকত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত যুৱক-যুৱতীৰ ভিত্তি সুদৃঢ়কৰণৰ বাবে কৌশলগত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেখেতে কয় যে বিগত ৩০ বছৰ ধৰি একবিংশ শতিকাৰ শিক্ষাৰ প্ৰতি কমকৈ চিন্তা কৰা হৈছিল আৰু পূৰ্বৰ মনোভাৱ আছিল যে কামবোৰ যিদৰে আছে তেনেদৰেই চলি থাকিলেই হ’ল। শ্ৰী মোদীয়ে কয় যে এই সমস্যাসমূহ সমাধানৰ বাবে প্ৰায় তিনি দশকৰ পিছত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) প্ৰৱৰ্তন কৰা হয়। তেখেতে উল্লেখ কৰে যে এই নীতিৰ অধীনত পিএম শ্ৰী বিদ্যালয় স্থাপনকে প্ৰমুখ্য কৰি গ্ৰহণ কৰা ভিন্ন পদক্ষেপৰ লক্ষ্য হৈছে শিক্ষাত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা। তেখেতে উল্লেখ কৰে যে ইতিমধ্যে প্ৰায় ১০,০০০ৰ পৰা ১২,০০০ পিএম শ্ৰী বিদ্যালয় স্থাপন কৰা হৈছে, ভৱিষ্যতে আৰু অধিক স্থাপনৰ পৰিকল্পনা আছে। তেখেতে শিক্ষা নীতিৰ পৰিৱৰ্তন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ততো আলোকপাত কৰে, য’ত এতিয়া মাতৃভাষাত শিক্ষা আৰু পৰীক্ষা অনুষ্ঠিত হ’ব পৰা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতত ভাষা সম্পৰ্কে দীৰ্ঘদিনীয়া ঔপনিৱেশিক মানসিকতাত আলোকপাতেৰে তেখেতে ভাষাৰ বাধাৰ বাবে দৰিদ্ৰ, দলিত, জনজাতীয়, আৰু প্ৰান্তীয় সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইংৰাজী ভাষাত দক্ষতা নিৰ্বিশেষে ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক আৰু অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িব পৰাকৈ নিজৰ মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। সকলো পটভূমিৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন দেখিব পাৰে, তাৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য সংস্কাৰৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰে, এটা দশক পূৰ্বে প্ৰায় ১৫০ খন বিদ্যালয়ৰপৰা আজি ৪৭০ খন বিদ্যালয়লৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে আৰু ২০০ ৰো অধিক বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি কয়।

শিক্ষাৰ ক্ষেত্ৰত সাধন কৰা সংস্কাৰ সম্পৰ্কে অধিক বিশদভাৱে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সৈনিক বিদ্যালয়সমূহত বৃহৎ সংস্কাৰ সাধন, ছোৱালীৰ নামভৰ্তিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এই বিদ্যালয়সমূহৰ গুৰুত্ব আৰু সামৰ্থ্যত আলোকপাতেৰে তেখেতে কয় যে বৰ্তমান এনে বিদ্যালয়সমূহত শ-শ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, ইয়াৰ জৰিয়তে স্বাভাৱিকতে তেওঁলোকৰ মনত দেশৰ প্ৰতি ভক্তিবোধ গঢ় লৈ উঠিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰুমিঙত নেচনেল কেডেট কৰ্পছৰ (NCC) উল্লেখযোগ্য ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনচিচিৰ সৈতে জড়িতসকলে জানে যে ই এক গুৰুত্বপূৰ্ণ বয়সত ব্যাপক বিকাশ আৰু প্ৰকাশৰ বাবে এক সোণালী সুযোগ প্ৰদান কৰে। যোৱা বছৰ কেইটাত এনচিচিৰ অভূতপূৰ্ব সম্প্ৰসাৰণত গুৰুত্ব আৰোপৰে তেখেতে উল্লেখ কৰে যে ২০১৪ত কেডেটৰ সংখ্যা প্ৰায় ১৪ লাখৰপৰা আজি ২০ লাখৰো অধিক হৈছে।

নিয়মীয়া কামৰ বাহিৰেও দেশৰ যুৱক-যুৱতীসকলৰ নতুন কিবা এটা লাভৰ বাবে উদ্যম আৰু আগ্ৰহত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে স্বচ্ছ ভাৰত অভিযান সন্দৰ্ভত ব্যক্ত কৰি বহু চহৰৰ যুৱ সমাজে আত্মপ্ৰেৰণাৰে স্বচ্ছতা অভিযান অব্যাহত ৰাখিছে বুলি কয়। তেখেতে উল্লেখ কৰে যে একাংশ যুৱক-যুৱতীয়ে বস্তিসমূহত শিক্ষা আৰু আন-আন ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক সংগঠিত সুযোগ প্ৰদানৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে, যাৰ ফলশ্ৰুতিতে "মাই ভাৰত" (MY Bharat) বা মেৰা যুৱ ভাৰত আন্দোলন আৰম্ভ হৈছিল। আজি ১.৫ কোটিৰো অধিক যুৱক-যুৱতীয়ে ইয়াত পঞ্জীয়ন কৰিছে আৰু সমসাময়িক বিষয়সমূহত আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, সমাজত সজাগতা বৃদ্ধি কৰিছে আৰু নিজৰ সামৰ্থ্যৰে ইতিবাচক কাৰ্য্যসমূহ আগবঢ়াইছে বুলি তেখেতে লগতে কয়।

ক্ৰীড়া দক্ষতাক লালন-পালনত ক্ৰীড়াৰ গুৰুত্ব আৰু ক্ৰীড়াৰ ব্যাপক প্ৰচলনৰ ফলশ্ৰুতিত এখন ৰাষ্ট্ৰৰ মনোভাৱ কেনেকৈ ফুটি উঠে, সেই সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়া প্ৰতিভাক সমৰ্থন কৰিবলৈ অভূতপূৰ্ব আৰ্থিক সহায় আৰু আন্তঃগাঁথনি উন্নয়নকে প্ৰমুখ্য কৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেখেতে টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি (TOPS) আৰু ক্ৰীড়া ব্যৱস্থাত খেলো ইণ্ডিয়া পদক্ষেপৰ ৰূপান্তৰশীল শক্তিত আলোকপাত কৰে। তেখেতে লগতে কয় যে বিগত দশকত ভাৰতীয় খেলুৱৈসকলে ভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে, যুৱতীসকলকে প্ৰমুখ্য কৰি ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বৰ মঞ্চত দেশৰ শক্তি প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নশীল ৰাষ্ট্ৰ এখনক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিতকৰণৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে। তেখেতে উল্লেখ কৰে যে এখন দেশৰ বিকাশৰ বাবে কল্যাণমূলক আঁচনি আৰু আন্তঃগাঁথনি উভয়েই গুৰুত্বপূৰ্ণ। তেখেতে আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে পলমৰ পৰিণতিত কৰদাতাৰ ধনৰ অপচয় হয় আৰু ৰাষ্ট্ৰখন সুবিধা লাভৰপৰা বঞ্চিত হয়। প্ৰকল্প সম্পাদনত পলম আৰু ৰাজনৈতিক হস্তক্ষেপৰ বাবে পূৰ্বৰ ব্যৱস্থাসমূহক সমালোচনাৰে শ্ৰী মোদীয়ে ড্ৰোন ব্যৱহাৰেৰে বাস্তৱ-সময়ৰ ভিডিঅ’গ্ৰাফী আৰু অংশীদাৰসকলৰ সৈতে লাইভ মত-বিনিময়কে প্ৰমুখ্য কৰি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিশদ নিৰীক্ষণৰ বাবে প্ৰগতি প্লেটফৰ্ম স্থাপনৰ কথা উল্লেখ কৰে, য’ত তেখেতে ব্যক্তিগতভাৱে পৰ্য্যালোচনা কৰে। তেখেতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বা ভিন্ন বিভাগৰ মাজত সমন্বয়ৰ সমস্যাৰ বাবে প্ৰায় ১৯ লাখ কোটি টকা মূল্যৰ প্ৰকল্প স্থবিৰ হৈ পৰিছিল। তেখেতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত আলোকপাত কৰে যিয়ে প্ৰগতিক প্ৰশংসা কৰে আৰু ইয়াৰ অভিজ্ঞতাৰপৰা আন উন্নয়নশীল দেশসমূহ লাভৱান হ’ব পাৰে বুলি পৰামৰ্শ আগবঢ়ায়। উত্তৰ প্ৰদেশৰ এটা উদাহৰণ দাঙি ধৰি অতীতৰ অদক্ষতাৰ নমুনাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৭২ত অনুমোদিত সৰ্য্যু খাল প্ৰকল্পৰ কথা উল্লেখ কৰে, যি ২০২১ত সম্পূৰ্ণ নোহোৱালৈকে পাঁচ দশক ধৰি স্থবিৰ হৈ আছিল। জম্মু-কাশ্মীৰৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰেলপথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ হৰিদাসপুৰ-পৰদীপ ৰেলপথ সম্পূৰ্ণ হোৱাৰ কথাও কয়। তেখেতে কয় যে ১৯৯৬ত এই প্ৰকল্পত অনুমোদন জনোৱা হৈছিল যদিও বছৰ-বছৰ ধৰি স্থবিৰ হৈ আছিল। অৱশেষত ২০১৯ত বৰ্তমানৰ প্ৰশাসনৰ কাৰ্য্যকালত সম্পূৰ্ণ হৈ উঠে। আৰু অধিক বিশদভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯৮ত অনুমোদন জনোৱা আৰু ২০১৮ত তেখেতৰ চৰকাৰে সম্পূৰ্ণ কৰা অসমৰ বগীবিল দলং নিৰ্মাণৰ কামত আলোকপাত কৰে। পূৰ্বতে প্ৰচলিত পলমৰ ক্ষতিকাৰক সংস্কৃতিৰ চিত্ৰণ কৰা শ-শ উদাহৰণ তেখেতে আগবঢ়াব পাৰে বুলি কয়। এনে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ সংস্কৃতিৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে তেখেতে কয় যে পূৰ্বৰ সময়ছোৱাত এই সংস্কৃতিয়ে সৃষ্টি কৰা উল্লেখযোগ্য বিপৰ্য্যয়সমূহে ৰাষ্ট্ৰখনক সঠিক অগ্ৰগতিৰপৰা বঞ্চিত কৰি তুলিছিল। আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সঠিক পৰিকল্পনা আৰু সময়োপযোগী ৰূপায়ণৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনি প্ৰৱৰ্তন কৰা হয়। তেখেতে ৰাজ্যসমূহক সিদ্ধান্ত গ্ৰহণ কাৰ্য্য সুশৃংখলিত আৰু প্ৰকল্প ৰূপায়ণ ত্বৰান্বিতকৰণৰ বাবে ১৬০০ ডাটা লেয়াৰ অন্তৰ্ভুক্ত কৰা পিএম গতি শক্তি প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। দেশৰ আন্তঃগাঁথনিৰ কাম ক্ষীপ্ৰ কৰিবলৈ এই মঞ্চখন এক গুৰুত্বপূৰ্ণ ভেটিত পৰিণত হৈছে বুলিও তেখেতে লগতে কয়।

আজিৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ পিতৃ-মাতৃয়ে সন্মুখীন হোৱা কষ্ট আৰু ৰাষ্ট্ৰখনৰ অতীতৰ অৱস্থাৰ আঁৰৰ কাৰণসমূহ তেওঁলোকে বুজি পোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত সক্ৰিয় সিদ্ধান্ত আৰু কাৰ্য্যৰ অবিহনে ডিজিটেল ইণ্ডিয়াৰ সুবিধাসমূহ বাস্তৱায়িত হ’বলৈ বছৰ-বছৰ লাগিলহেঁতেন। তেখেতে কয় যে সক্ৰিয় সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য্যই ভাৰতক সময়োপযোগী আৰু কিছুমান ক্ষেত্ৰত অগ্ৰদূত হ’বলৈ সক্ষম কৰিছে। তেখেতে আৰু উল্লেখ কৰে যে ৫জি প্ৰযুক্তি এতিয়া ভাৰতত বিশ্বৰ অন্যতম দ্ৰুত হাৰত অধিক ব্যাপকভাৱে উপলব্ধ।

শ্ৰী মোদীয়ে অতীতৰ অভিজ্ঞতাৰ প্ৰতি দৃষ্টি আকৰ্ষণৰে কয় যে কম্পিউটাৰ, ম’বাইল ফোন, এটিএম আদি প্ৰযুক্তি ভাৰতৰ বহু আগতেই বহু দেশত উপলব্ধ হৈছিল, কিন্তু ভাৰতলৈ আহিবলৈ প্ৰায়ে দশক-দশক সময় লাগিছিল। তেখেতে কয় যে স্বাস্থ্য খণ্ডতো বিশ্বজুৰি স্মলপক্স আৰু বিচিজিৰ দৰে ৰোগৰ ভেকচিন উপলব্ধ হোৱাৰ বিপৰীতে ভাৰত ব্যৱস্থাগত অদক্ষতাৰ বাবে পিছ পৰি আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পলমৰ কাৰণ অতীতৰ দুৰ্বল শাসন ব্যৱস্থা বুলি কয়, যেতিয়া গুৰুত্বপূৰ্ণ জ্ঞান আৰু কাৰ্য্যকৰীকৰণ কঠোৰভাৱে নিয়ন্ত্ৰিত আছিল, যাৰ ফলত “লাইচেন্স পাৰ্মিট ৰাজ”ৰ সৃষ্টি হৈছিল, যিয়ে অগ্ৰগতিক স্তব্ধ কৰি পেলাইছিল। পৰিশেষত ৰাষ্ট্ৰখনৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল।

কম্পিউটাৰ আমদানিৰ প্ৰাৰম্ভিক দিনবোৰৰ কথা স্মৰণেৰে কম্পিউটাৰ আমদানিৰ অনুজ্ঞাপত্ৰ লাভ কৰাটো বছৰ-বছৰ ধৰি লোৱা এক দীঘলীয়া প্ৰক্ৰিয়া বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰয়োজনীয়তাই ভাৰতত নতুন প্ৰযুক্তি অভিযোজনা কাৰ্য্য যথেষ্ট পলম কৰিছিল।

অতীতৰ আমোলাতন্ত্ৰিক প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঘৰ নিৰ্মাণৰ বাবে চিমেন্ট লাভ কৰিবলৈয়ো অনুমতিৰ প্ৰয়োজন হৈছিল আৰু বিয়াৰ সময়ত আনকি চাহৰ বাবে চেনি লাভ কৰিবলৈয়ো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হৈছিল। তেখেতে এই প্ৰত্যাহ্বানসমূহ স্বাধীনোত্তৰ ভাৰতত সংঘটিত হোৱা বুলি গুৰুত্ব আৰোপেৰে আজিৰ যুৱক-যুৱতীসকলে ইয়াৰ প্ৰভাৱ বুজিব পাৰে বুলি কয়। তেখেতে উৎকোচৰ বাবে কোন দায়ী আৰু ধনসমূহ ক’লৈ গ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।

অতীতৰ আমোলাতন্ত্ৰিক বাধাসমূহত আলোকপাতেৰে স্কুটাৰ ক্ৰয় কৰিবলৈ বুকিং আৰু পেমেন্টৰ প্ৰয়োজন হোৱা, তাৰ পিছত ৮-১০ বছৰ অপেক্ষাৰ প্ৰয়োজন আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্কুটাৰ বিক্ৰী কৰিবলৈয়ো চৰকাৰী অনুমতিৰ প্ৰয়োজন আছিল। তেখেতে অত্যাৱশ্যকীয় সামগ্ৰী, যেনেঃ গেছ চিলিণ্ডাৰ, গেছ সংযোগৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল বুলি কয়। তেখেতে টেলিফোনৰ সংযোগ লাভৰ দীঘলীয়া প্ৰক্ৰিয়াৰ কথা উল্লেখেৰে আজিৰ যুৱক-যুৱতীসকলে এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি সচেতন হোৱা উচিত বুলি কয়। তেখেতে কয় যে আজি মহান ভাষণ প্ৰদান কৰাসকলে তেওঁলোকৰ অতীতৰ শাসন ব্যৱস্থা আৰু ৰাষ্ট্ৰখনৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত চিন্তা-চৰ্চা কৰিব লাগে।

“যি নিষেধাজ্ঞামূলক নীতি আৰু অনুজ্ঞাপত্ৰ ৰাজে ভাৰতক বিশ্বজুৰি আটাইতকৈ লেহেমীয়া অৰ্থনৈতিক বিকাশৰ হাৰলৈ ঠেলি দিছিল”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে এই দুৰ্বল বৃদ্ধিৰ হাৰ "হিন্দু বৃদ্ধিৰ হাৰ" নামেৰে জনাজাত হ'ল, যি এক বৃহৎ সমাজৰ প্ৰতি অপমান আছিল। তেখেতে কয় যে বিফলতাৰ কাৰণ হৈছে ক্ষমতাত থকাসকলৰ অযোগ্যতা, বুজাবুজিৰ অভাৱ, দুৰ্নীতি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় বণিকসকলে কোনো বাধা-নিষেধ নোহোৱাকৈ বাণিজ্যৰ বাবে দূৰৈৰ দেশলৈ যাত্ৰা কৰিছিল, যি ভাৰতৰ প্ৰাকৃতিক সংস্কৃতিৰ অংশ আছিল। তেখেতে উল্লেখ কৰে যে বৰ্তমান ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা আৰু দ্ৰুত বিকাশৰ বৈশ্বিক স্বীকৃতিয়ে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰে। “ভাৰতক এতিয়া দ্ৰুত-বৰ্ধমান দেশসমূহৰ অন্যতম হিচাপে দেখা গৈছে আৰু দেশখনৰ অৰ্থনীতি যথেষ্ট সম্প্ৰসাৰিত হৈছে”, তেখেতে কয়।

নিষেধাজ্ঞামূলক অনুজ্ঞাপত্ৰ ৰাজ আৰু ত্ৰুটিপূৰ্ণ নীতিৰ কবলৰপৰা মুক্ত হৈ ৰাষ্ট্ৰখনে এতিয়া সহজে উশাহ লৈছে আৰু উচ্চ শিখৰত উপনীত হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে "মেক ইন ইণ্ডিয়া" পদক্ষেপৰ প্ৰচাৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে। তেখেতে প্ৰডাকচন লিংকড ইনচেন্টিভ (PLI) আঁচনিৰ প্ৰৱৰ্তন আৰু প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI)ৰ সৈতে জড়িত সংস্কাৰ সাধনৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰত প্ৰধানকৈ আমদানিকাৰী হোৱাৰপৰা ম’বাইল ফোনৰ ৰপ্তানীকাৰীলৈ পৰিৱৰ্তিত হৈ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল ফোন উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যত গুৰুত্ব আৰোপেৰে বিগত দশকত প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি দহগুণ বৃদ্ধি পোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৌৰ মডিউল নিৰ্মাণ দহগুণ বৃদ্ধি পাইছে বুলি কয়। তেখেতে কয়, “ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী দেশ।” একেদৰে যোৱা দশকত যন্ত্ৰপাতি আৰু ইলেক্ট্ৰনিক ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে। তেখেতে লগতে উল্লেখ কৰে যে খেলনাৰ ৰপ্তানি তিনিগুণৰো অধিক বৃদ্ধি পাইছে আৰু কৃষি ৰাসায়নিক ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। “ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে “মেড ইন ইণ্ডিয়া” পদক্ষেপৰ অধীনত ১৫০ খনৰো অধিক দেশলৈ ভেকচিন আৰু ঔষধ যোগান ধৰিছিল”, শ্ৰী মোদীয়ে কয়। তেখেতে আয়ুষ আৰু বনৌষধিজাত সামগ্ৰীৰ ৰপ্তানিৰ দ্ৰুত বৃদ্ধিত আলোকপাত কৰে।

স্বাধীনতা সংগ্ৰামৰ সময়ত আৰম্ভ হোৱা আন্দোলনটোও আগুৱাই যোৱা নাছিল বুলি উল্লেখেৰে পূর্বৰ চৰকাৰে খাদীৰ প্রচাৰৰ বাবে প্রচেষ্টা গ্ৰহণ নকৰা সন্দর্ভত মন্তব্য প্ৰদানেৰে প্রধানমন্ত্রীগৰাকীয়ে কয় যে প্রথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ টার্নঅভাৰে ১.৫ লাখ কোটি টকা অতিক্রম কৰিছে। তেখেতে উল্লেখ কৰে যে যোৱা দশকত উৎপাদন চাৰিগুণ বৃদ্ধি পাইছে, যাৰ ফলত এমএছএমই খণ্ড যথেষ্ট উপকৃত হৈছে আৰু সমগ্ৰ দেশতে অসংখ্য নিয়োগৰ সুযোগ সৃষ্টি হৈছে।

সকলো নিৰ্বাচিত প্ৰতিনিধি জনসাধাৰণৰ সেৱক বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে জনপ্ৰতিনিধিৰ বাবে দেশ আৰু সমাজৰ মিছন সৰ্বোচ্চ তথা সেৱাৰ মনোভাৱেৰে কাম কৰাটো তেওঁলোকৰ কৰ্তব্য।

উন্নত ভাৰতৰ দৃষ্টিভংগীক আকোৱালি লোৱাৰ বাবে সকলো ভাৰতীয়ৰ সামূহিক দায়িত্বত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল এখন চৰকাৰ বা ব্যক্তিৰ সংকল্প নহয়, বৰঞ্চ ১৪০ কোটি নাগৰিকৰ দায়বদ্ধতা। তেখেতে ভাৰতৰ মধ্যবিত্ত শ্ৰেণী আৰু যুৱক-যুৱতীসকলৰ দেশক আগুৱাই নিয়াৰ অদম্য দৃঢ়তাৰ ওপৰত আলোকপাত কৰে।

উন্নয়নৰ নতুন শিখৰত উপনীত হোৱাৰ লগে-লগে ৰাষ্ট্ৰখনৰ প্ৰগতিৰ ক্ষেত্ৰত সকলোৰে ভূমিকাৰ গুৰুত্বত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে গণতন্ত্ৰত চৰকাৰৰ বিৰোধিতা স্বাভাৱিক আৰু অপৰিহাৰ্য্য, লগতে নীতিৰ বিৰোধিতাও অপৰিহাৰ্য্য। কিন্তু চৰম নেতিবাচকতাবাদ আৰু নিজৰ অৱদান বৃদ্ধিৰ পৰিৱৰ্তে আনৰ হ্ৰাসৰ অপচেষ্টাই ভাৰতৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব পাৰে। তেখেতে এনে নেতিবাচকতাৰপৰা নিজকে মুক্ত কৰি নিৰন্তৰ আত্মচিন্তা আৰু আত্মনিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে আস্থা প্ৰকাশেৰে কয় যে সদনত হোৱা আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টিৰ সৃষ্টি কৰিব। ৰাষ্ট্ৰপতিৰ ভাষণৰপৰা উদ্ভৱ হোৱা নিৰন্তৰ প্ৰেৰণাক স্বীকাৰেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে আৰু ৰাষ্ট্ৰপতি তথা সকলো সন্মানীয় সাংসদৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Virudthan May 28, 2025

    🔴🔴🔴🔴हमारा पीएम, हमारा अभिमान 🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴भारत माता की जय🔴🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴🔴🔴#OperationSindoor🔴🔴🔴🔴
  • Virudthan May 28, 2025

    🔴🔴🔴🔴Jai Shri Ram🔴🔴🌺🔴 Jai Shri Ram🔴🍁🔴🔴🔴Jai Shri Ram🔴🔴Jai Shri Ram🔴🌺 🔴🔴🔴🔴🔴Jai Shri Ram🌺 Jai Shri Ram 🔴🔴🔴🔴Jai Shri Ram🔴🔴🔴
  • Jitendra Kumar May 14, 2025

    🇮🇳🇮🇳🇮🇳🇮🇳
  • Gaurav munday April 25, 2025

    💚💚💚
  • Anjni Nishad April 24, 2025

    जय हो🙏🏻🙏🏻
  • Kiran jain April 23, 2025

    jay SHREE ram
  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025

    ओऐ
  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025

    ऐए
  • Gaurav munday April 22, 2025

    123
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Foreign investors align with India's opportunity as FDI inflows surge in last decade

Media Coverage

Foreign investors align with India's opportunity as FDI inflows surge in last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India’s youth have made a mark globally, Our Yuva Shakti is associated with dynamism, innovation and determination: PM
June 06, 2025
QuoteWith the new education policy and focus on skill development and start-ups, our youth have become important partners in the resolution of 'Developed India: PM
QuoteWe will always give our Yuva Shakti all possible opportunities to shine, they are key builders of a Viksit Bharat: PM

The Prime Minister, Shri Narendra Modi today highlighted the global achievements of India’s youth, stating that India’s youth have made a mark globally. Describing them as symbols of dynamism, innovation, and determination, he said the nation’s growth in the last 11 years has been fuelled by the unmatched energy and conviction of Yuva Shakti.

Shri Modi noted that the extraordinary contributions made by young Indians across a wide range of sectors including StartUps, science, sports, community service, and culture. “In the last 11 years, we have witnessed remarkable instances of youngsters who have done the unthinkable,” he said.

Prime Minister Modi underscored the transformative impact of government policies over the past 11 years aimed at youth empowerment. Government initiatives like StartUp India, Skill India, Digital India and the National Education Policy 2020 are rooted in the firm belief that empowering youth is the most powerful thing a nation can do, Shri Modi stated.

The Prime Minister stated that in the last 11 years, the government has made continuous efforts to empower the youth. With the new education policy and focus on skill development and start-ups, the youth have become important partners in the resolution of ‘Developed India’.

Shri Modi affirmed that the government will always give Yuva Shakti all possible opportunities to shine.

The Prime Minister posted on X;

"India’s youth have made a mark globally. Our Yuva Shakti is associated with dynamism, innovation and determination. Our youth have driven India’s growth with unmatched energy and conviction.

In the last 11 years, we have witnessed remarkable instances of youngsters who have done the unthinkable across various sectors including StartUps, science, sports, community service, culture and more.

The last 11 years have also seen a decisive shift in policy and programmes aimed at youth empowerment. Government initiatives like StartUp India, Skill India, Digital India and the National Education Policy 2020 are rooted in the firm belief that empowering youth is the most powerful thing a nation can do.

I’m confident that our youth will keep strengthening the efforts to build a Viksit Bharat.

#11YearsOfYuvaShakti"

"पिछले 11 वर्षों में हमारी सरकार ने युवा शक्ति को सशक्त बनाने के लिए निरंतर प्रयास किए हैं। नई शिक्षा नीति के साथ कौशल विकास और स्टार्ट-अप्स पर फोकस से हमारे युवा 'विकसित भारत' के संकल्प के अहम भागीदार बने हैं। ये हमारे लिए अत्यंत प्रसन्नता की बात है कि आज देश का युवा राष्ट्र निर्माण में अग्रणी भूमिका निभा रहा है।

#11YearsOfYuvaShakti"

"We will always give our Yuva Shakti all possible opportunities to shine! They are key builders of a Viksit Bharat. #11YearsOfYuvaShakti"