মহামহিম,
দুখৰ এই মুহূৰ্তত আমি আজি মিলিত হৈছোঁ। আজি আহি জাপানত উপস্থিত হোৱাৰ পিচতে মই অধিক ব্যথা অনুভৱ কৰিছো। কাৰণ, শেহবাৰ ইয়ালৈ আহোতে মই আবে ছেন-ৰ সৈতে দীঘলীয়াকৈ বাৰ্তালাপত মিলিত হৈছিলো। উভতি যোৱাৰ পিচতে তেনে এটা খবৰ শুনিব লগা হ’ব বুলি মই তেতিয়া এবাৰলৈও ভবা নাছিল।
আবে ছেন-ৰ সৈতে আপুনি তেতিয়াৰ বৈদেশিক মন্ত্ৰী হিচাপে ভাৰত-জাপান সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ গৈছিল আৰু এই সম্পৰ্কক অন্যান্য বহু ক্ষেত্ৰলৈকো সম্প্ৰসাৰিত কৰিছিল। আৰু আমাৰ বন্ধুত্ব, ভাৰত আৰু জাপানৰ বন্ধুত্ব, গোলকীয় প্ৰেক্ষাপটত প্ৰভাৱ বিস্তাৰিত কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু এই সকলোবোৰৰ বাবে, আজি ভাৰতৰ জনতাই আবে ছেন-ক খুউবকৈ মনত পেলায়, জাপানক খুউবকৈ মনত পেলায়। এনে ভাবেই ভাৰতে তেওঁৰ অনুপস্থিতি সদায়ে অনুভৱ কৰিব।
পিচে মই নিশ্চিত যে আপোনাৰ নেতৃত্বত ভাৰত-জাপান সম্পৰ্ক আৰু অধিক প্ৰগাঢ় হ’ব, আৰু অধিক উচ্চতাত উপনীত হ’বগৈ। আৰু মই দৃঢ়ভাবে বিশ্বাস কৰো যে পৃথিৱীৰ সমস্যাৱলীৰ সমাধান-সূত্ৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আমি উপযুক্ত ভূমিকা পালন কৰিব পাৰিম।