ৰাষ্ট্ৰপতি মেক্ৰন,

মহামহিমসকল,

নমস্কাৰ!

মহাসাগৰক লৈ অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ গোলকীয় সন্মিলনত মই ৰাষ্ট্ৰপতি মেক্ৰনক অভিনন্দন জনাইছো। ভাৰত সদায়ে এখন সামুদ্ৰিক সভ্যতাৰ দেশ। আমাৰ প্ৰাচীন শাস্ত্ৰ তথা সাহিত্যিক সমলসমূহত সামুদ্ৰিক জীৱনকে ধৰি মহাসাগৰসমূহে প্ৰদান কৰি অহা উপহাৰ সন্দৰ্ভত বিস্তৃত চৰ্চা সম্বলিত কৰা হৈছে। আজিৰ প্ৰেক্ষাপটতো আমাৰ সুৰক্ষা আৰু সমৃদ্ধি মহাসাগৰৰে সংযোজিত হৈছে। ভাৰতৰ ‘ভাৰত-প্ৰশান্তমহাসাগৰীয় উদ্যোগ’-ৰো প্ৰধান প্ৰাতিপাদ্য প্ৰসংগ হৈছে সামুদ্ৰিক জীৱন। ফ্ৰান্সে আৰম্ভ কৰা ‘হাই এম্বিশ্যন কোৱালিশ্যন অন বায়’-ডাইভাৰছিটী বিয়ণ্ড নেশ্যনেল জুৰিছডিকশ্যন’ শীৰ্ষক উদ্যোগলৈ ভাৰতে সমৰ্থন আগবঢ়াইছে। চলিত বছৰতে আমি  নীতিগত ভাবে প্ৰণিত এক আন্তঃৰাষ্ট্ৰীয় চুক্তি লাভ কৰিব পাৰিম বুলি আশা কৰিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নোহোৱা কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। উপকূলীয় অঞ্চলসমূহৰ পৰা প্লাষ্টিক তথা অন্যান্য আৱৰ্জনাসমূহ পৰিষ্কৰণৰ লক্ষ্যৰে ভাৰতে অলপতে এক ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰিছে।

তিনিলাখ যুৱ-যুৱতীয়ে প্ৰায় ১৩টন পৰিমাণৰ আৱৰ্জনা সংগ্ৰহ কৰিছে। সাগৰসমূহৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ১০০টা ‘জাহাজ-দিৱস’ আগবঢ়োৱাৰ বাবে মই ইতিমধ্যে আমাৰ নৌসেনা বাহিনীক নিৰ্দেশ দিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে ফ্ৰান্সে আৰম্ভ কৰা গোলকীয় উদ্যোগত অংশগ্ৰহণ কৰিবলৈ পালে ভাৰত নিশ্চয় আনন্দিত হ’ব।

ৰাষ্ট্ৰপতি মেক্ৰন, আপোনাক ধন্যবাদ।

  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Vaishali Tangsale February 15, 2024

    🙏🏻🙏🏻
  • Laxman singh Rana July 31, 2022

    namo namo 🇮🇳🙏🌷
  • Laxman singh Rana July 31, 2022

    namo namo 🇮🇳🙏
  • G.shankar Srivastav June 18, 2022

    नमस्ते
  • ranjeet kumar May 02, 2022

    jay sri ram🙏🙏🙏
  • Vivek Kumar Gupta March 29, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta March 29, 2022

    नमो नमो.
  • Vivek Kumar Gupta March 29, 2022

    जयश्रीराम
  • Vivek Kumar Gupta March 29, 2022

    नमो नमो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Maratha bastion in Tamil heartland: Gingee fort’s rise to Unesco glory

Media Coverage

Maratha bastion in Tamil heartland: Gingee fort’s rise to Unesco glory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2025
July 21, 2025

Green, Connected and Proud PM Modi’s Multifaceted Revolution for a New India