Your Excellency,

প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাজী,

সন্মানীয় প্ৰতিনিধিগণ,

মিডিয়াৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰধানমন্ত্ৰী দেউবাজীক ভাৰতলৈ আদৰণি জনাই মই খুবেই আনন্দিত। আজি ভাৰতীয় নৱবৰ্ষ আৰু নবৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে দেউবাজীৰ শুভ আগমন হৈছে। মই তেওঁক আৰু ভাৰত তথা নেপালৰ সকলো নাগৰিকক নবৰাত্ৰিৰ বহুত বহুত শুভকামনা জনাইছো।

দেউবাজী ভাৰতৰ পুৰণি মিত্ৰ। প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ পঞ্চম ভাৰত যাত্ৰা। ভাৰত-নেপালৰ সম্পৰ্কৰ বিকাশত দেউবাজীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

 

বন্ধুসকল,

ভাৰত আৰু নেপালৰ বন্ধুত্ব, আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, এনেকুৱা মিলাপ্ৰীতি বিশ্বত আন ক'তো দেখিবলৈ পোৱা নাযায়। আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ আদান-প্ৰদানৰ এনাজৰি প্ৰাচীন কালৰ পৰা সম্পৃক্ত। অনাদি কালৰ পৰা আমি পৰস্পৰে পৰস্পৰৰ সুখ আৰু দুখৰ সমভাগী হৈ আছো। আমাৰ বন্ধুত্বৰ আধাৰ, সেই আধাৰত আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, তেওঁলোকৰ মাজত আদান-প্ৰদান আছে। ই আমাৰ সম্পৰ্কক শক্তি দিয়ে, সম্বল দিয়ে। আৰু নেপাল সন্দৰ্ভত ভাৰতৰ নীতি, আমাৰ প্ৰয়াস, এই আত্মীয়তাৰ ভাবনাৰেই অনুপ্ৰাণিত। নেপালৰ শান্তি, প্ৰগতি আৰু বিকাশৰ যাত্ৰাত ভাৰত এক দৃঢ় সংগী হৈ আছে। আৰু সদায় থাকিব।

বন্ধুসকল,

আজি দেউবাজী আৰু মোৰ মাজত এই সকলো বিষয়, আৰু কেইবাটাও অন্য গুৰুত্বপূৰ্ণ বিষয়টো, সাৰ্থক কথা-বতৰা হৈছে। আমি নিজৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিলো। বিভিন্ন প্ৰজেক্টৰ অগ্ৰগতিৰ সমীক্ষা কৰিলো। আৰু ভৱিষ্যতৰ ৰূপ-ৰেখাৰ ওপৰতো বিচাৰ-বিমৰ্ষ কৰিলো।

আমি দুয়ো সহমত যে আমি শক্তি খণ্ডত সহযোগিতাৰ সুযোগৰ সম্পূৰ্ণ মুনাফা ল'ব লাগে। আমাৰ জইণ্ট ভিজন ষ্টেটমেণ্ট অন পাৱাৰ ক'-অপাৰেচন ভৱিষ্যতে সহযোগিতাৰ ব্লুপ্ৰিণ্ট হিচাপে প্ৰতিপন্ন হ'ব। আমি পঞ্চেশ্বৰ পৰিকল্পনাত দ্ৰুত গতিত আগবঢ়াৰ গুৰুত্বৰ ওপৰত জোৰ দিওঁ। এই প্ৰজেক্ট এই ক্ষেত্ৰৰ বিকাশৰ বাবে এক গেম চেঞ্জাৰ হিচাপে প্ৰতিপন্ন হ'ব। আমি ভাৰতীয় কোম্পানীৰ দ্বাৰা নেপালৰ হাইড্ৰ পাৱাৰ ডেভেলপমেন্ট যোজনাবিলাকত আৰু অধিক অংশীদাৰিত্বৰ বিষয়তো সন্মতি ব্যক্ত কৰোঁ। এয়া প্ৰসন্নতাৰ বিষয় যে নেপালে নিজৰ উদ্বৃত্ত শক্তি ভাৰতলৈ ৰপ্তানি কৰি আছে। ইয়াৰ ফলত নেপালৰ অৰ্থনৈতিক প্ৰগতিত ভাল যোগদান থাকিব। মই এই কথা ক'বলৈ পাই আনন্দিত হৈছো যে নেপালৰ পৰা শক্তি আমদানি কৰাৰ আৰু কেইবাটাও প্ৰস্তাৱকো স্বীকৃত কৰা হৈছে।

এই কথাক লৈ মই আনন্দিত যে নেপাল ইণ্টাৰনেচনেল ছ'লাৰ এলায়েন্সৰ সদস্য হ'ল। ইয়াৰ ফলত আমাৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী, বহনক্ষম আৰু স্বচ্ছ এনাৰ্জি উৎসাহিত হ'ব।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী দেউবাজী আৰু মই বাণিজ্য আৰু সকলো প্ৰকাৰৰ ক্ৰছ-ব'ৰ্ডাৰ কানেক্টিভিটি, সেই পদক্ষেপসমূহক অগ্ৰাধিকাৰ দিয়াৰ ওপৰতো সন্মতি প্ৰকাশ কৰিছো। জয়নগৰ-কুৰ্থা ৰে'ললাইনৰ আৰম্ভণি ইয়াৰে এটা অংশ। দুয়োখন দেশৰ মানুহৰ মাজত সুগম, বাধাহীন আদান-প্ৰদানৰ বাবে এনেকুৱা যোজনাই ভাল বৰঙণি যোগাব।

নেপালত ৰুপে কাৰ্ডৰ আৰম্ভণিয়ে আমাৰ ফাইনেঞ্চিয়েল কানেক্টিভিটিত এক নতুন অধ্যায়ৰ সংযোজন ঘটাব। অন্য প্ৰজেক্ট যেনে নেপাল পুলিচ অকাডেমী, নেপালগঞ্জত ইণ্টেগ্ৰেটেড চেক পোষ্ট, ৰামায়ণ চাৰ্কিট আদিয়েও দুয়োখন দেশক আৰু ওচৰ চপাই আনিব।

বন্ধুসকল,

ভাৰত আৰু নেপালৰ অ'পেন ব'ৰ্ডাৰৰ অবাঞ্ছিত তত্ত্বৰ দ্বাৰা অপপ্ৰয়োগ কৰা নহওক, এই সন্দৰ্ভতো আজি আমি আলোচনা কৰো। নিজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত গভীৰ সহযোগিতা অব্যাহত ৰখাৰ ওপৰতো আমি জোৰ দিছো। মোৰ বিশ্বাস আছে যে আজিৰ আমাৰ কথা-বতৰাই ভাৰত-নেপালৰ সম্পৰ্কৰ ভৱিষ্যতৰ বাবে মহত্বাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ফলপ্ৰসু হিচাপে প্ৰতিপন্ন হ'ব।

দেউবাজী,

আপুনি কাইলৈ কাশীত থাকিব। নেপাল আৰু বেনাৰসৰ শতিকা পুৰণি সম্পৰ্ক আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে কাশীৰ নতুন ৰূপ দেখি আপুনি নিশ্চয় প্ৰভাৱিত হ'ব। এবাৰ আকৌ, আপোনাক আৰু আপোনাৰ প্ৰতিনিধি মণ্ডলক ভাৰতলৈ আদৰণি জনাইছো।

বহুত বহুত ধন্যবাদ।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit

Media Coverage

When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
I reaffirm India’s commitment to strong bilateral relations with Mauritius: PM at banquet hosted by Mauritius President
March 11, 2025

Your Excellency राष्ट्रपति धरमबीर गोकुल जी,

First Lady श्रीमती बृंदा गोकुल जी,
उप राष्ट्रपति रोबर्ट हंगली जी,
प्रधान मंत्री रामगुलाम जी,
विशिष्ट अतिथिगण,

मॉरिशस के राष्ट्रीय दिवस समारोह में मुख्य अतिथि के रूप में एक बार फिर शामिल होना मेरे लिए सौभाग्य की बात है।

इस आतिथ्य सत्कार और सम्मान के लिए मैं राष्ट्रपति जी का हार्दिक आभार व्यक्त करता हूँ।
यह केवल भोजन का अवसर नहीं है, बल्कि भारत और मॉरीशस के जीवंत और घनिष्ठ संबंधों का प्रतीक है।

मॉरीशस की थाली में न केवल स्वाद है, बल्कि मॉरीशस की समृद्ध सामाजिक विविधता की झलक भी है।

इसमें भारत और मॉरीशस की साझी विरासत भी समाहित है।

मॉरीशस की मेज़बानी में हमारी मित्रता की मिठास घुली हुई है।

इस अवसर पर, मैं - His Excellency राष्ट्रपति धरमबीर गोकुल जी और श्रीमती बृंदा गोकुल जी के उत्तम स्वास्थ्य और कल्याण; मॉरीशस के लोगों की निरंतर प्रगति, समृद्धि और खुशहाली की कामना करता हूँ; और, हमारे संबंधों के लिए भारत की प्रतिबद्धता दोहराता हूँ

जय हिन्द !
विवे मॉरीस !