Quote“শ্রী প্রহ্লাদজী পেটেলৰ কর্মৰাজি বর্তমান প্রজন্মৰ বাবে অতি উপযোগী আৰু সেইবোৰে ভৱিষ্যৎ প্রজন্মক প্ৰেৰণা যোগাব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাটৰ বেচাৰাজিত মহান স্বাধীনতা সংগ্রামী শ্রী প্রহ্লাদজী পেটেলৰ ১১৫সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান উপলক্ষে ভাষণ আগবঢ়োৱাৰ লগতে তেওঁৰ এখন জীৱনী উন্মোচন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেলৰ লগতে একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে বেচাৰাজিৰ পবিত্র ভূমি তথা মহান স্বাধীনতা সংগ্রামী আৰু সমাজ সংস্কাৰক শ্রী প্রহ্লাদজী পেটেলৰ প্রতি প্রধানমন্ত্রীয়ে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে মহান স্বাধীনতা সংগ্রামী শ্রী প্রহ্লাদজী পেটেলৰ সমাজ সেৱাৰ প্ৰতি উদাৰতা আৰু নিঃস্বার্থ ত্যাগৰ কথা উল্লেখ কৰে। মহাত্মা গান্ধীৰ আহ্বানত প্রহ্লাদজী পেটেলে স্বাধীনতা সংগ্রামত যোগদান কৰে আৰু সূদীর্ঘ দিন তেওঁ সবৰমতী আৰু ইয়েৰাৱাড়াত কাৰাবাস খাটিছিল৷

|

শ্রী প্রহ্লাদজী পেটেলৰ 'দেশ সৰ্বপ্ৰথম' মনোভাৱৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে প্রহ্লাদজী পেটেলৰ পিতৃৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া তেওঁ কাৰাবন্দী আছিল৷ অসহনীয় বেদনা সত্বেও শ্রী প্রহ্লাদজী পেটেলে পিতৃৰ শেষকৃত্য অনুষ্ঠানত যোগ দিয়াৰ বাবে ঔপনিৱেশিক শাসকসকলে ক্ষমা প্রার্থনাৰ যি চর্ত ৰাখিছিল, সেয়া তেওঁ প্রত্যাখ্যান কৰিছিল। শ্রী প্রহ্লাদজী পেটেলে বহু স্বাধীনতা সংগ্রামীক বিভিন্ন ধৰণে সহায় কৰিছিল, যিসকলে গোপনে কাম কৰিছিল৷ প্রধানমন্ত্রীয়ে স্বাধীনতাৰ পাছত স্বায়ত্ত শাসিত ৰাজ্যসমূহৰ একত্ৰীকৰণত চর্দাৰ পেটেলক সহায় কৰাৰ বাবে তেওঁ যি ভূমিকা পালন কৰিছিল বুলিও দোঁহাৰে৷ প্রধানমন্ত্রীয়ে আক্ষেপ কৰি কয় যে এনে বহু মহান স্বাধীনতা সংগ্রামী আছে, যিসকলৰ কথা ইতিহাসৰ পাতত স্থান পোৱা নাই। শ্রী প্রহ্লাদজী পেটেলৰ পত্নী কাশীবাৰ প্ৰতিও প্রধানমন্ত্রীয়ে শ্ৰদ্ধা নিবেদন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে সজোৰে কয় যে নৱ প্রজন্মক অনুপ্রাণিত কৰিবলৈ স্বাধীনতা সংগ্রামীসকলকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ জীৱন আৰু তেওঁলোকৰ কথা লিপিবদ্ধ কৰাটো অত্যন্ত জৰুৰী।

প্রধানমন্ত্রীয়ে স্বাধীনতা সংগ্রামীসকলৰ বিভিন্ন অজ্ঞাত বিষয়ক লৈ গৱেষণা কৰাৰ লগতে সেয়া উন্মোচন কৰাৰ বাবে সকলো বিশ্ববিদ্যালয়ৰ প্রতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "নতুন ভাৰত নিৰ্মাণত আমি শ্রী প্রহ্লাদজী পেটেলৰ দৰে স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰা উচিত।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • Aranganathan. P BJP mandal Presidnt August 07, 2022

    தமிழ்நாடு அரியலூர் மாவட்டம் ஜெயங்கொண்டம் சட்டமன்றம் தா பழூர் கிழக்கு ஒன்றியத்தின் 269 பூத்தில் மூத்த நிர்வாகி ஜம்புநாதன் அவர்களை சந்தித்து உறுப்பினர் கார்டு கொடுத்துள்ளோம்
  • R N Singh BJP June 27, 2022

    jai hind 1
  • G.shankar Srivastav May 30, 2022

    नमो
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narsimh
  • Bijan Majumder April 30, 2022

    Modi ji Jindabad BJP Jindabad
  • ranjeet kumar April 19, 2022

    jay ho
  • Chowkidar Margang Tapo April 18, 2022

    vande mataram Jai BJP,,,,.
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government

Media Coverage

India’s ‘Thumbs Up’ for the Jan Man Survey on 11 Years of Modi Government
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity