প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে, ২০২২ তাৰিখে টকিঅ'ত ইউনিক্ল'ৰ মূল কোম্পানী ফাষ্ট ৰিটেইলিং কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া তাদাশী য়ানাইক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে ভাৰতত দ্ৰুতগতিত বৰ্ধিত বস্ত্ৰ আৰু পোছাকৰ বজাৰ আৰু ভাৰতত বস্ত্ৰ প্ৰকল্পৰ বাবে উৎপাদন সংযোজিত ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত বিনিয়োগৰ সুযোগ সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে ভাৰতৰ বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় কৰাৰ সুচলতা সম্পৰ্কীয় বিভিন্ন সংস্কাৰৰ বিষয়েও আলোচনা কৰে, যাৰ ভিতৰত আছে ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি, কৰ আৰু শ্ৰমিক শক্তিৰ ক্ষেত্ৰসমূহ।
প্ৰধানমন্ত্ৰীয়ে বস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষকৈ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাত অধিক অংশগ্ৰহণৰ বাবে UNICLO 'ক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে বস্ত্ৰ খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী-মিত্ৰ আঁচনিত অংশগ্ৰহণ কৰিবলৈ UNICLO 'ক আমন্ত্ৰণ জনায়।
PM @narendramodi interacted with Mr. Tadashi Yanai, Chairman, President and CEO of @UNIQLO_JP. Mr. Yanai appreciated the entrepreneurial zeal of the people of India. PM Modi asked Mr. Yanai to take part in the PM-Mitra scheme aimed at further strengthening the textiles sector. pic.twitter.com/fKCjWwYNH2
— PMO India (@PMOIndia) May 23, 2022