কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক এক্স পোষ্টযোগে জনায় যে গৃহ মন্ত্ৰালয়ৰ 'সৰ্বভাৰতীয় বৃক্ষ ৰোপণ অভিযান'ৰ অধীনত ৪০ মিলিয়ন গছপুলি ৰোপণ কৰা হৈছে। পৰিৱেশ সুৰক্ষাৰ এই অভিযানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী শ্বাহে চিএপিএফক অভিনন্দন জনায়।
শ্ৰী শ্বাহৰ টুইটাৰ পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"চমৎকাৰ সাফল্য! পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ দিশত গৃহ মন্ত্ৰালয়ে বৃক্ষৰোপণ অভিযানৰ যি উদ্যোগ গ্ৰহণ কৰিছে সেয়া সকলোৰে বাবে অনুপ্ৰেৰণদায়ক।"
शानदार उपलब्धि! पर्यावरण और प्रकृति के संरक्षण की दिशा में गृह मंत्रालय का यह वृक्षारोपण अभियान हर किसी को प्रेरित करने वाला है। https://t.co/HLHX4g9l4e
— Narendra Modi (@narendramodi) August 19, 2023