Today, with the grace of Sri Sri Harichand Thakur ji, I have got the privilege to pray at Orakandi Thakurbari: PM Modi
Both India and Bangladesh want to see the world progressing through their own progress: PM Modi in Orakandi
Our government is making efforts to make Orakandi pilgrimage easier for people in India: PM Modi

জয় হৰি-বোল! জয় হৰি-বোল!

হৰি-বোল! হৰি-বোল! জয় হৰি-বোল!

 

বাংলাদেশ চৰকাৰৰ সম্মানীয় প্রতিনিধি কৃষিমন্ত্রী ডঃ মহম্মদ আব্দুৰ ৰেজ্জাক ডাঙৰীয়া, শ্রী শ্বেখ ছেলিম ডাঙৰীয়া, লেফটেনেন্ট কৰ্ণেল মহম্মদ ফাৰুক খান ডাঙৰীয়া, ভাৰতৰ সংসদত মোৰ বিশিষ্ট সহকৰ্মী আৰু মোৰ বন্ধু, শ্রী শ্রী হৰিচান্দ ঠাকুৰৰ পৰম্পৰা আৰু তেখেতৰ মূল্যবোধৰ উত্তৰাধিকাৰী শ্রী শান্তনু ঠাকুৰ ডাঙৰীয়া, ভাৰতৰ পৰা অহা সর্বভাৰতীয় মতুয়া সম্প্রদায়ৰ প্রতিনিধি, শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ অনুগামী ভাই আৰু ভনীসকল আৰু সম্মানীয় বন্ধুসকল। আপোনালোক সকলোকে সশ্রদ্ধ নমস্কাৰ!

 

শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ কৃপাত আজি মোৰ ওড়াকান্দিৰ ঠাকুৰবাড়ীৰ পূণ্যভূমিলৈ অহাৰ সৌভাগ্য হৈছে। শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়া আৰু শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ চৰণত নতশিৰে প্রণাম জনাইছোঁ।

 

আজি ইয়াত ভালেমান গণ্যমান্য ব্যক্তিৰ সৈতে মোৰ কথা হৈছিল, তেতিয়া তেওঁলোকে কৈছিল- ভাৰতৰ প্রধানমন্ত্রী কেতিয়াবা ওড়াকান্দিলৈ আহিব বুলি কোনে ভাবিছিল। ভাৰতত থকা মতুয়া সম্প্রদায়ৰ আমাৰ হাজাৰ-লাখ ভাই-ভনীয়ে ওড়াকান্দলৈ আহি যিধৰণৰ অনুভব কৰে, ময়ো সেই একেধৰণৰ অনুভব কৰিছোঁ। মই আজি তেওঁলোকৰ ফালৰ পৰাও এই পবিত্র ভূমিৰ চৰণ স্পর্শ কৰিছোঁ।

 

মই বহু বছৰ ধৰি এই পবিত্র সুযোগৰ অপেক্ষাত আছিলোঁ। প্রধানমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে ২০১৫ চনত যেতিয়া বাংলাদেশলৈ আহিছিলোঁ, তেতিয়াই মই ইয়ালৈ অহাৰ ইচ্ছা প্রকাশ কৰিছিলোঁ। আজি মোৰ সেই ইচ্ছা পূৰণ হৈছে।

 

আমি সদায়ে শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ শিষ্যসকলৰ পৰা স্নেহ আৰু প্ৰেম লাভ কৰি আহিছোঁ। তেখেতৰ পৰিয়ালৰ পৰা স্নেহ লাভ কৰি আহিছোঁ। মই অনুভৱ কৰিছোঁ তেওঁলোকৰ আশীর্বাদৰ ফলতেই আজি মোৰ ঠাকুৰবাৰী দর্শন কৰাৰ সৌভাগ্য ঘটিছে।

 

মোৰ মনত আছে যেতিয়া মই পশ্চিমবংগৰ ঠাকুৰনগৰলৈ গৈছিলোঁ, আমাৰ মতুয়া ভাই-ভনীৰ পৰিয়ালৰ সদস্যৰ দৰেই মোক যথেষ্ট মৰম দিছিল। বিশেষভাৱে, ‘বৰমা’ৰ স্নেহ, মাৰ দৰে তেওঁৰ আশীর্বাদ, মোৰ জীবনৰ বাবে অমূল্য মুহূর্ত হিচাপে ৰৈ গৈছে।

 

পশ্চিমবংগৰ ঠাকুৰনগৰৰ পৰা বাংলাদেশৰ ঠাকুৰবাৰীলৈকে সেই একেই শ্রদ্ধা, একেই বিশ্বাস আৰু একেই অনুভৱ আছে।

 

মই বাংলাদেশৰ জাতীয় উৎসৱ উপলক্ষে ভাৰতৰ ১৩০ কোটি ভাই-ভনীৰ ফালৰ পৰা আপোনালোকৰ বাবে শুভেচ্ছা আৰু মৰম লৈ আহিছোঁ। আপোনালোক সকলোকে বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ উপলক্ষে বহুত বহুত অভিনন্দন, আন্তৰিক শুভেচ্ছা।

 

কালি ঢাকাত জাতীয় দিৱস অনুষ্ঠানৰ সময়ত আমি বাংলাদেশৰ শৌর্য, সংস্কৃতিৰ এক আশ্চর্যকৰ চমক প্ৰত্যক্ষ কৰিছোঁ, যি এই দেশে সযত্নে সুৰক্ষিত কৰি ৰাখিছে, আৰু আপোনালোক ইয়াৰ এক গুৰুত্বপূর্ণ অংশ।

ইয়ালৈ অহাৰ আগেয়ে আমি জাতিৰ পিতা ‘বংগবন্ধু’ শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলীলৈ গৈ শ্রদ্ধা নিবেদন কৰিছোঁ। শ্বেখ মুজিবুৰ ৰহমানৰ ডাঙৰীয়াৰ নেতৃত্ব, তেওঁৰ দূৰদৃষ্টি আৰু বাংলাদেশৰ মানুহৰ প্রতি তেওঁৰ বিশ্বাস নজিৰবিহীন।

 

আজি, যিদৰে ভাৰত আৰু বাংলাদেশৰ চৰকাৰে দুয়োখন দেশৰ মাজত স্বাভাৱিক সম্পর্ক মজবুত কৰিছে, ঠাকুৰবাৰী আৰু শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ বার্তাই সাংস্কৃতিকভাবে কেইবা দশক ধৰি সেই একেই কাম কৰি আহিছে।

 

এটা ফালৰ পৰা, এই ঠাইখিনি ভাৰত আৰু বাংলাদেশৰ আধ্যাত্মিক সম্পর্কৰ তীর্থস্থান। আমাৰ সম্পর্ক মানুহৰ সৈতে মানুহৰ, মনৰ সৈতে মনৰ সম্পর্ক।

 

ভাৰত আৰু বাংলাদেশ উভয়ে তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ অগ্রগতিৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ অগ্রগতি চাবলৈ বিচাৰে। উভয় দেশেই বিশ্বত অস্থিৰতা, সন্ত্রাস আৰু অশান্তিৰ পৰিৱর্তে স্থিতিশীলতা, প্রেম আৰু শান্তি বিচাৰে।

 

এই মূল্যবোধ, এই শিক্ষাকেই আমাৰ শ্রী শ্রী হৰিচান্দ ঠাকুৰদেৱ ডাঙৰীয়াই দিছিল। আজি সমগ্ৰ বিশ্বই যি মূল্যবোধৰ কথা কয়, মানৱ জাতিৰ যি ভৱিষ্যতৰ সপোন দেখে, শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াই সেই মূল্যবোধৰ বাবে নিজৰ জীৱন উত্সৰ্গিত কৰিছিল।

 

মহান কবি শ্রী মহানন্দ হালদাৰে শ্ৰী শ্ৰী গুৰুচান্দ চৰিতত লিখিছিল-

 

তপশীল জাতি মাধুর্য যা কিছু হয়েছে।
হৰিচান্দ কল্পবৃক্ষ সকলি ফলেছে।।

 

অর্থাৎ শোষিত, দলিত, বঞ্চিত সমাজে যিখিনি বিচাৰিছে, অর্জন কৰিছে, সেয়া শ্রী শ্রী হৰিচান্দ ডাঙৰীয়াৰ দৰে কল্পবৃক্ষৰেই ফল।

 

আজি আমি শ্রী শ্রী হৰিচান্দ ডাঙৰীয়াই দেখুওৱা পথ অনুসৰণ কৰিয়েই এখন সমমানৰ সমাজৰ দিসে আগুৱাই গৈছেঁ। তেওঁ সেই সময়ত মহিলাসকলৰ শিক্ষাৰ বাবে, তেওঁলোকৰ সামাজিক অংশগ্রহণৰ বাবে কাম আৰম্ভ কৰছিল। আজি, আমি দেখিছোঁ সমগ্ৰ বিশ্বই মহিলাসকলৰ ক্ষমতায়নৰ প্রচেষ্টাত অগ্রসৰ হৈছে ।

 

আমি যেতিয়া শ্রী শ্রী হৰিচান্দ ঠাকুৰৰ বার্তা পঢোঁ, যেতিয়া আমি ‘হৰি-লীলা-অমৃত’ আবৃত্তি কৰোঁ তেতিয়া এনে ভাৱ হয় যেন তেওঁ আগতেই ভৱিষ্যৎ দেখা পাইছিল। তেওঁৰ দিব্যদৃষ্টি আছিল, এক অলৌকিক জ্ঞান আছিল।

 

আনকি দাসত্বৰ সেই যুগতো তেওঁ সমাজক আমাৰ প্ৰকৃত অগ্রগতিৰ পথ দেখুৱাইছিল। আজি ভাৰতেই হওক বা বাংলাদেশ, সামাজিক সংহতি, সম্প্রীতিৰ সেই একই মন্ত্র লৈয়েই ভবিষ্যত গঢ়িছে, উন্নয়নৰ নতুন শিখৰ স্পর্শ কৰিছে ।

 

বন্ধুসকল,

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ জীৱনৰ পৰা আমি আৰু এক শিক্ষা লাভ কৰিছোঁ। তেওঁ ঐশ্বৰিক প্রেমৰ বার্তাও দিছিল, লগতে একে সময়তে আমাক আমাৰ কর্তব্যৰ প্ৰতি সজাগ কৰিছিল। তেওঁ আমাক কৈছিল যে শোষণ আৰু দুর্দশাৰ বিৰুদ্ধে সংগ্রামো একধৰণৰ সাধনা ।

 

আজি, শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ লক্ষ লক্ষ অনুগামী, ভাৰত, বাংলাদেশ নাইবা অন্য যিকোনো স্থানতেই থাকক, তেওঁ দেখুওৱা পথেৰেই অগ্ৰসৰ হৈছে, মানৱ জাতিৰ সন্মুখত যি সংকট আহিছে, তাৰ সমাধানত সহযোগ আগবঢ়াই আছে।

 

আমাৰ সৌভাগ্য যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ উত্তৰাধিকাৰী, শান্তনু ঠাকুৰ ডাঙৰীয়া ভাৰতৰ সংসদত আমাৰ সহকর্মী। বয়সত মোতকৈ সৰু হলেও ময়ো তেওঁৰ পৰা বহু কথা শিকিছোঁ। ইয়াৰ কাৰণ হ'ল তেওঁৰ জীৱন শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ শিক্ষাৰে দিক্ষিত। তেওঁ অতি পৰিশ্রমী। সমাজৰ মানুহৰ বাবে সংবেদনশীলতাৰ সৈতে দিনে-নিশাই কৰি গৈছে।

 

বন্ধুসকল,

 

আজি, ভাৰত আৰু বাংলাদেশৰ সন্মুখত যি সমস্যাসমূহ আছে, সেয়া সমাধান কৰাৰ বাবে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ অনুপ্রেৰণা অত্যন্ত গুৰুত্বপূর্ণ। দুয়োখন দেশ একগোট হৈ প্রতিটো প্ৰত্যাহ্বান মোকাবিলা কৰা উচিত। এয়াই আমাৰ কর্তব্য, এয়াই দয়োখন দেশৰ কোটি কোটি জনসাধাৰণৰ কল্যাণৰ পথ।

 

ক’ৰোনা অতিমাৰীৰ সময়ত, ভাৰত আৰু বাংলাদেশ উভযে নিজৰ নিজৰ সামর্থ্য প্রদর্শন কৰিছে। আজি, উভয় দেশে দৃঢ়ভাৱে এই মহামাৰীৰ মোকাবিলা কৰিছে, আৰু একগোট হৈ মোকাবিলা কৰিছে। ভাৰতত প্ৰস্তুত কৰা টিকাসমূহ বাংলাদেশৰ নাগৰিকসকলেও লাভ কৰক, ভাৰতে ইয়াক নিজৰ কর্তব্য বুলি ভাবি কাম কৰি আছে।

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়া সদায়ে আধুনিকতা আৰু পৰিৱর্তনৰ সমর্থক আছিল। মোক কোৱা হৈছে যে যেতিয়া অতিমাৰীৰ সংকট আৰম্ভ হৈছিল, আপোনালোক সকলোৱে ইয়াত ওড়াকান্দিত প্রযুক্তিৰ মাধ্যমেৰে অনলাইনযোগে কীর্তন কৰিছে, সামাজিক আস্থা বৃদ্ধি কৰিছে। ইয়াৰ পৰা প্রমাণ পোৱা যায় যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ অনুপ্রেৰণাই আমাক প্রতিটো অসুবিধাৰ মাজতো আগুৱাই যাবলৈ শিকায়।

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ শিক্ষাসমূহ জনসাধাণৰ ওচৰলৈ লৈ যোৱাত, দলিত-শোষিত সম্প্ৰদায়ক ঐক্যবদ্ধ কৰাত তেওঁলোকৰ শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ বিশাল ভূমিকা আছে। শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াই আমাক ‘ভক্তি, ক্রিয়া আৰু জ্ঞান’ৰ সূত্র দিছিল।

 

শ্রী শ্রী গুৰুচান্দ চৰিতত উল্লেখ আছেঃ

 

অন্নুনত জাতিৰ মাজে শিক্ষা বিস্তাৰিত।
আজ্ঞা কৰেন হৰিচান্দ তাৰে বিধিমতো।।

 

অর্থাৎ হৰিচান্দ ডাঙৰীয়াই আমাৰ সমাজৰ পিছপৰা শ্ৰেণীৰ মাজলৈ শিক্ষা প্ৰসাৰৰ নির্দেশ দিছিল। শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াই সমগ্ৰ জীৱন হৰিচান্দ দেৱ ডাঙৰীয়াৰ এই আদেশ পালন কৰিছিল। বিশেষভাৱে ছোৱালীসকলৰ পঢ়া-শুনাৰ বাবে তেওঁ অক্লান্ত প্রচেষ্টা কৰিছিল।

 

আজি প্রতিগৰাকী ভাৰতীয়ৰ সৌভাগ্য যে তেওঁলোকে এতিয়া বাংলাদেশত শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ প্রচেষ্টাৰ সৈতে জড়িত হব পাৰিব। ভাৰতীয়সকলেও এতিয়া ওড়াকান্দিত শিক্ষা অভিযানত অংশগ্ৰহণ কৰিব পাৰিব।

 

ভাৰত চৰকাৰে ওড়াকান্দিত ছোৱালীসকলৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন কৰিব, সেয়া আধুনিকীকৰণ কৰিব। ইয়াৰোপৰি, ভাৰত চৰকাৰে ইয়াত এখন প্রাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিব।

 

এয়া ভাৰতৰ কোটি কোটি জনসাধাৰণৰ ফালৰ পৰা শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ প্রতি শ্রদ্ধাঞ্জলি। আমি বাংলাদেশ চৰকাৰৰ প্রতিও কৃতজ্ঞ, যিয়ে এই কামত আমাক সহায় কৰিছে।

 

আমাৰ মতুয়া সম্প্ৰদায়ৰ ভাই-ভনীসকলে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ জন্মজয়ন্তীৰ পুণ্য তিথিত প্ৰতিবছৰে ‘বাৰোণী শ্ৰাণ উৎসৱ’ উদযাপন কৰে। এই উৎসৱত অংশ লবলৈ ভাৰতৰ পৰা অলেখ ভক্ত ওড়াকান্দিলৈ আহে। আমাৰ ভাৰতীয় ভাই-ভনীসকলৰ বাবে এই তীৰ্থযাত্ৰা যাতে আৰু সহজ হৈ পৰে তাৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন প্রয়াস কৰা হব। ঠাকুৰনগৰৰ মতুয়া সম্প্রদায়ৰ গৌৰৱময় ইতিহাসকো প্রতিফলিত কৰিবলৈ বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন কামৰ প্রতি আমি প্রতিশ্রুতিবদ্ধ।

 

বন্ধুসকল,

 

ভাৰতে আজি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ এই মন্ত্রৰে আগুৱাই গৈছে, আৰু বাংলাদেশো ইয়াৰ সহযাত্রী। একেদৰে, বাংলাদেশে আজি বিশ্বৰ সন্মুখত উন্নয়ন আৰু পৰিৱর্তনৰ এক দৃঢ় উদাহৰণ উপস্থাপন কৰিছে আৰু এই প্রচেষ্টাত ভাৰত আপোনাসৱৰ সহযাত্রী।

 

আমি নিশ্চিত যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ আশীর্বাদত, শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ অনুপ্রেৰণাযত, দুয়োখন দেশে একবিংশ শতাব্দীৰ এই গুৰুত্বপূর্ণ সময়ত ঐক্যবদ্ধ হৈ লক্ষ্য অর্জন কৰিব। ভাৰত আৰু বাংলাদেশে সমগ্ৰ বিশ্বত অগ্রগতি আৰু প্রেমৰ পথ প্রদর্শন কৰিব।

 

এই শুভেচ্ছা জনাই, আপোনাসৱ সকলোকে আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ!

 

জয় বাংলা, জয় হিন্দ,

 

ভাৰত বাংলাদেশ মৈত্রী চিৰজীৱী হওক।

 

জয় হৰি-বোল! জয় হৰি-বোল!

হৰি-বোল! হৰি-বোল! জয় হৰি-বোল!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'India Delivers': UN Climate Chief Simon Stiell Hails India As A 'Solar Superpower'

Media Coverage

'India Delivers': UN Climate Chief Simon Stiell Hails India As A 'Solar Superpower'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi condoles loss of lives due to stampede at New Delhi Railway Station
February 16, 2025

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to stampede at New Delhi Railway Station. Shri Modi also wished a speedy recovery for the injured.

In a X post, the Prime Minister said;

“Distressed by the stampede at New Delhi Railway Station. My thoughts are with all those who have lost their loved ones. I pray that the injured have a speedy recovery. The authorities are assisting all those who have been affected by this stampede.”