বায়ু সেনা প্ৰধান আৰ কে এছ ভদৰীয়ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

দেশত ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিৱেশটোত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীৰ তৰফৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে।

এই সন্দৰ্ভত তথ্য দাঙি ধৰি বায়ুসেনা প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰীক কয় যে যি কোনো পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াব পৰাকৈ বায়ু সেনাবাহিনীক দিনটোৰ চৌব্বিশ ঘণ্টাই সষ্টম হৈ থকাৰ বাবে ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে। সমগ্ৰ দেশৰ লগতে বিদেশতো ক’ভিড সম্পৰ্কীয় কাম-কাজ কৰিব পৰাকৈ বাহিনীৰ গধুৰ সামগ্ৰী কঢ়িয়াব পৰা সকলো বিমানৰ লগতে মধ্যমীয়া সা-সামগ্ৰী কঢ়িয়াব পৰা বুজন সংখ্যক বিমান সাজু কৰি ৰখাৰ দিহা কৰা হৈছে। চৌব্বিশ ঘণ্টাই কাম-কাজ চলাব পৰাকৈ বৈমানিককে ধৰি অন্যান্য কৰ্মীবৃন্দকো পৰ্যাপ্ত সংখ্যাত সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

আলোচনা কালত প্ৰধানমন্ত্ৰীয়ে অক্সিজেন টেংকাৰৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ পৰিবহণৰ গতিবেগ, পৰিসৰ বৃদ্ধিৰ লগতে অভিযানৰে জড়িত সকলৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড সম্পৰ্কীয় কাম-কাজৰে জড়িত সকলোৰে সুৰক্ষা নিশ্চিত কৰাটো গুৰুত্ব দিয়ে।

ইফালে, দুৰ্গম এলেকাসমূহত সা-সামগ্ৰীৰ যোগান ধৰিব পৰাকৈ বৃহত্ আৰু মজলীয়া আকাৰৰ বিমানসমূহক নিয়োজিত কৰাৰ কথা জানিবলৈ দিয়ে বায়ুসেনা প্ৰধানগৰাকীয়ে। প্ৰসংগক্ৰমে তেওঁ ক’ভিড সম্পৰ্কীয় অভিযান সুচাৰুৰূপে চলোৱাৰ বাবে বিভিন্ন মন্ত্ৰালয়েৰে সমন্বয় স্থাপন কৰি কাম-কাজ আগবঢ়াই নিব পৰাকৈ বায়ুসেনা বাহিনীয়ে গঠন কৰা ‘ক’ভিড এয়াৰ ছাপ’ৰ্ট চে’ল’ৰ বিষয়েও প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।

আলোচনাকালত প্ৰধানমন্ত্ৰীয়ে বায়ু সেনাবাহিনীৰ সদস্যসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ স্বাস্থ্যৰো বুজ লয়। এই সন্দৰ্ভত তথ্য দি চীফ এয়াৰ মাৰ্শ্বাল ভদৰীয়াই প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত নিৰ্দ্ধাৰিত লক্ষ্যত অচিৰেই উপনীত হ’ব পৰা যাব বুলি মন্তব্য কৰে।

বায়ু সেনাবাহিনীৰ সকলোবোৰ চিকিত্সালয়তে ক’ভিডৰ চিকিত্সা প্ৰদান কৰিব পৰা সা-সুবিধা বৃদ্ধি কৰাৰ লগতে য’তেই সম্ভৱ হৈছে এইবোৰ চিকিত্সালয় সাধাৰণ জনতাৰ বাবেও মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget touches all four key engines of growth: India Inc

Media Coverage

Budget touches all four key engines of growth: India Inc
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2025
February 03, 2025

Citizens Appreciate PM Modi for Advancing Holistic and Inclusive Growth in all Sectors