প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’(পিএম-কিষাণ)ৰ অধীনত আদায় দিব লগা বিত্তীয় সহযোগিতাৰ পৰৱৰ্তি কিস্তিৰ ধন মোকলাই দিয়ে। এই কাৰ্যক্ৰমতে প্ৰধানমন্ত্ৰীয়ে একাংশ হিতাধিকাৰী খেতিয়কৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ জৰিয়তে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰাটো সম্ভৱ হয়। এয়া ‘পিএম কিষাণ’-ৰ জৰিয়তে খেতিয়কসকললৈ প্ৰদান কৰা নৱমটো কিস্তিৰ ধন।
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে খেতিৰ বতৰৰ প্ৰসংগ উথ্থাপন কৰাৰ লগতে আজি প্ৰেৰণ কৰা ধনৰাশিয়ে শস্য ৰোৱাৰ সময়ত খেতিয়কসকলক বাৰুকৈয়ে সকাহ দান কৰিব বুলি আশা প্ৰকাশ কৰে। ইফালে ১লাখ কোটি মূলধনী পুঁজিৰে গঠিত ‘কিষাণ আন্তঃগাঁথনি পুঁজি’য়ে আজিৰ দিনটোতে এটা বছৰ সম্পূৰ্ণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ মিছন মৌমাখি আৰু নাফেডৰ দোকানসমূহত জম্মু-কাশ্মীৰৰ পৰা উত্পাদিত কেশৰ উপলব্ধ কৰোৱাৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। মৌ মিছনে ৭০০কোটি টকাৰ উল্লেখ্য, ৰপ্তানী সম্ভৱ কৰাৰ ফলত খেতিয়ক ৰাইজে অতিৰিক্ত আয়ৰ মুখ দেখিবলৈ পাইছে।
৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গৌৰৱপূৰ্ণ এনে এক উপলক্ষত আমি নতুন সংকল্পও গ্ৰহণ কৰা উচিত। আগন্তুক ২৫টা বছৰত আমি ভাৰতক কোন স্থানত থকাতো বিচাৰিম সেয়া নিশ্চিত কৰিব লাগিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, দেশে স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ২০৪৭ চনত ভাৰতৰ অৱস্থা নিৰ্ণিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি আৰু কৃষকে বৃহত্ ভূমিকা পালন কৰিব লাগিব। তেওঁ পৰিৱৰ্তিত সময়ৰ সৈতে উদ্ভৱ হোৱা চাহিদা পূৰণ কৰিব পৰাকৈ ভাতৰ কৃষিখণ্ডকো সলনি কৰাৰ আহ্বান জনায়। কৰোনাৰ মহামাৰী কালতো সকলো দুৰ্যোগ মূৰ পাতি লৈয়ো অভিলেখ পৰিমাণৰ উত্পাদন সম্ভৱ কৰি তোলাৰ বাবে কৃষকসমাজক ভূয়সী প্ৰশংসা কৰে। চৰকাৰেও এইখিনি সময়ত বীজ, সাৰৰ বাধাহীন যোগান আৰু বজাৰত প্ৰৱেশৰ সকলো প্ৰক্ৰিয়া সম্ভৱ কৰাটো নিশ্চিত কৰিছিল। সমগ্ৰ সময়ছোৱাত ইউৰীয়াৰ যোগান পৰ্যাপ্ত থকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিএপি-ৰ মূল্য বৃদ্ধি পোৱাৰ সময়ত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ১২,০০০কোটি টকাৰ তাত্ক্ষণিক বন্দোবস্তি কৰাৰ কথাও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।
ইফালে, ‘এমএছপি’-ৰ জৰিয়তে কৃষকৰ পৰা সৰ্বাধিক ক্ৰয় কৰাৰ কথা উল্লেখ কৰি, চাউল উত্পাদক খেতিয়কৰ একাউণ্টত প্ৰত্যক্ষ ভাবে ১,৭০,০০০কোটি টকা আৰু আটা উত্পাদক খেতিয়কৰ একাউণ্টত ৮৫,০০০কোটি টকা সোমাইছেগৈ বুলি তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে।
তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শেহতীয়া ৬টা বছৰত মাহ জাতীয় শস্যৰ উত্পাদন বৃদ্ধি কৰাৰ বাবে দেশৰ খেতিয়কসকলক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়।
‘ৰাষ্ট্ৰীয় খোৱা তেল মিছন-তেল তাল’ অৰ্থাত্ ‘এনএমইঅ’-অ’পি’-ৰ জৰিয়তে দেশে খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ পণ লৈছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ৰন্ধন তেলৰ ব্যৱস্থাতটোত ১১,০০০কোটি টকাৰো অধিক পুঁজি বিনিয়োগ কৰা হ’ব বুলিও তথ্য সদৰী কৰে।
ইফালে, পোন প্ৰথমবাৰৰ বাবে কৃষি ৰপ্তানীৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষৰ ১০খন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
अब से कुछ दिन बाद ही 15 अगस्त आने वाला है।
— PMO India (@PMOIndia) August 9, 2021
इस बार देश अपना 75वां स्वतंत्रता दिवस मनाने जा रहा है।
ये महत्वपूर्ण पड़ाव हमारे लिए गौरव का तो है ही, ये नए संकल्पों, नए लक्ष्यों का भी अवसर है।
इस अवसर पर हमें तय करना है कि आने वाले 25 वर्षों में हम भारत को कहां देखना चाहते हैं: PM
देश जब आज़ादी के 100 वर्ष पूरे करेगा, 2047 में तब भारत की स्थिति क्या होगी, ये तय करने में हमारी खेती, हमारे किसानों की बहुत बड़ी भूमिका है।
— PMO India (@PMOIndia) August 9, 2021
ये समय भारत की कृषि को एक ऐसी दिशा देने का है, जो नई चुनौतियों का सामना कर सके और नए अवसरों का लाभ उठा सके: PM @narendramodi
सरकार ने खरीफ हो या रबी सीज़न, किसानों से MSP पर अब तक की सबसे बड़ी खरीद की है।
— PMO India (@PMOIndia) August 9, 2021
इससे, धान किसानों के खाते में लगभग 1 लाख 70 हज़ार करोड़ रुपए और गेहूं किसानों के खाते में लगभग 85 हज़ार करोड़ रुपए डायरेक्ट पहुंचे हैं: PM @narendramodi
कुछ साल पहले जब देश में दालों की बहुत कमी हो गई थी, तो मैंने देश के किसानों से दाल उत्पादन बढ़ाने का आग्रह किया था।
— PMO India (@PMOIndia) August 9, 2021
मेरे उस आग्रह को देश के किसानों ने स्वीकार किया।
परिणाम ये हुआ कि बीते 6 साल में देश में दाल के उत्पादन में लगभग 50 प्रतिशत की वृद्धि हुई है: PM @narendramodi
इस मिशन के माध्यम से खाने के तेल से जुड़े इकोसिस्टम पर 11 हज़ार करोड़ रुपए से अधिक का निवेश किया जाएगा।
— PMO India (@PMOIndia) August 9, 2021
सरकार ये सुनिश्चित करेगी कि किसानों को उत्तम बीज से लेकर टेक्नॉलॉजी, हर सुविधा मिले: PM @narendramodi
खाने के तेल में आत्मनिर्भरता के लिए अब राष्ट्रीय खाद्य तेल मिशन-ऑयल पाम यानि NMEO-OP का संकल्प लिया गया है।
— PMO India (@PMOIndia) August 9, 2021
आज जब देश भारत छोड़ो आंदोलन को याद कर रहा है, तो इस ऐतिहासिक दिन ये संकल्प हमें नई ऊर्जा से भर देता है: PM @narendramodi
आज भारत कृषि निर्यात के मामले में पहली बार दुनिया के टॉप-10 देशों में पहुंचा है। कोरोना काल में देश ने कृषि निर्यात के नए रिकॉर्ड बनाए हैं।
— PMO India (@PMOIndia) August 9, 2021
आज जब भारत की पहचान एक बड़े कृषि निर्यातक देश की बन रही है तब हम खाद्य तेल की अपनी ज़रूरतों के लिए आयात पर निर्भर रहें, ये उचित नहीं है: PM