তৃতীয়বাৰৰ বাবে পুনর্নির্বাচিত হোৱাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীলৈ আজি অভিনন্দনবার্তা প্ৰেৰণ কৰে লুক্সেমবার্গৰ প্রধানমন্ত্রী লুক ফ্রাইডেনে।
লুক্সেমবার্গৰ প্রধানমন্ত্রীক ইয়াৰ বাবে ধন্যবাদ জনাই দুয়োখন দেশৰ মাজত বহুমুখী সহযোগিতাৰ ক্ষেত্র প্রসাৰিত হ’ব বুলি আশা প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে।
শিল্প, বিনিয়োগ, দীৰ্ঘস্থায়ী অর্থনীতি, শিল্প নির্মাণ, স্বাস্থ্য, মহাকাশ আৰু মানুহৰ মাজত সংযোগৰ ক্ষেত্রসহ নানা ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যত কাম কৰিবলৈ উভয় নেতাই দৃঢ় প্রত্যয় ব্যক্ত কৰিছে। ইউক্রেইন সংঘর্ষসহ আঞ্চলিক আৰু বিশ্বৰ নানা বিষয় সন্দৰ্ভত উভয় নেতাৰ মাজত আলোচনা হয়। প্রধানমন্ত্রী ফ্রাইডেনে সংঘর্ষ নিৰাময়ৰ ক্ষেত্ৰত আৰু দ্রুত শান্তি তথা স্থিতাৱস্থা ঘূৰাই আনিবলৈ ভাৰতে লোৱা ভূমিকাৰ প্রশংসা কৰে।
প্রধানমন্ত্রী ফ্রাইডেন আৰু গ্রেণ্ড ডিউক হেনৰীক ভাৰত ভ্ৰমণলৈ আমন্ত্রণো জনাইছে প্রধানমন্ত্রীয়ে।
উভয় নেতাই পাৰস্পৰিক সংযোগ অব্যাহত ৰাখিবলৈ একমত হৈছে।
Had a good conversation with Prime Minister @LucFrieden. Reiterated commitment to deepen and strengthen India-Luxembourg ties including in the areas of trade, investment, financial services and industrial manufacturing. As democracies, we support regional and global peace and…
— Narendra Modi (@narendramodi) July 22, 2024