মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে শ্ৰী পেটেলৰ ব্যক্তিত্ব আৰু কাৰ্যাৱলী দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্পৰ সফলতাৰ বাবে নাগৰিকসকলৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।
‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:
"দেশৰ ‘লৌহ পুৰুষ’ চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ ব্যক্তিত্ব আৰু কৃতিত্ব দেশবাসীৰ বাবে ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প প্ৰাপ্তিৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।”
देश के लौह पुरुष सरदार वल्लभभाई पटेल को उनकी पुण्यतिथि पर शत-शत नमन। उनका व्यक्तित्व और कृतित्व राष्ट्र की एकता, अखंडता और विकसित भारत के संकल्प की सिद्धि के लिए देशवासियों की प्रेरणाशक्ति बना रहेगा।
— Narendra Modi (@narendramodi) December 15, 2024