প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপক সাহস, বীৰত্ব আৰু স্বাভিমানৰ প্ৰতীক বুলি আখ্যা দিয়ে৷ মহাৰাণা প্ৰতাপৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তেওঁৰ জীৱনটো মাতৃভূমিৰ সেৱাৰ বাবে উচৰ্গিত কৰিছিল আৰু তেওঁৰ জীৱনটো প্ৰতিটো প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়ঃ
“সাহস, বীৰত্ব আৰু স্বাভিমানৰ প্ৰতীক মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁ নিজৰ সম্পূৰ্ণ জীৱন মাতৃভূমিৰ সুৰক্ষাৰ বাবে সমৰ্পিত কৰিছিল, যি দেশৰ প্ৰতিটো প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ আহিছে৷”
साहस, शौर्य और स्वाभिमान के प्रतीक महाराणा प्रताप को उनकी जन्म-जयंती पर आदरपूर्ण श्रद्धांजलि। उन्होंने अपना संपूर्ण जीवन मातृभूमि की रक्षा के लिए समर्पित कर दिया, जो देश की हर पीढ़ी के लिए प्रेरणास्रोत बना रहेगा।
— Narendra Modi (@narendramodi) May 9, 2023