প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
শ্ৰী মোদীয়ে লগতে মন কী বাতৰ এটা খণ্ডত শ্ৰী মোৰাৰজীভাই দেশাইৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়;
“জন্ম বাৰ্ষিকীত শ্ৰী মোৰাৰজীভাই দেশাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰবল আৰু সৎ আৰু সৰলতাৰ দিগ্গজ ব্যক্তি মোৰাৰজীভাই দেশাইয়ে পৰম নিষ্ঠাৰে আমাৰ দেশৰ সেৱা কৰিছিল৷ #MannKiBaatৰ পূৰ্বে প্ৰচাৰিত খণ্ডত মই তেওঁৰ বিষয়ে এইদৰে কৈছিলো৷”
Tributes to Shri Morarjibhai Desai on his birth anniversary. A stalwart of Indian politics and a beacon of integrity and simplicity, he served our nation with immense dedication. Here is what I had said about him during a previous #MannKiBaat episode. pic.twitter.com/2aniTmTlzV
— Narendra Modi (@narendramodi) February 29, 2024