প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ জন্ম জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল। তেওঁ সদায় দলিত আৰু প্রান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।"
Chandra Shekhar Ji was a towering personality who was widely admired for his commitment to democratic values and efforts to remove poverty. He always worked for the welfare of the downtrodden and marginalised. Tributes to him on his birth anniversary.
— Narendra Modi (@narendramodi) April 17, 2022