প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় নেতা শ্ৰী কাৰ্তিক ওৰাৱনৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰী ওৰাৱনক এগৰাকী মহান নেতা হিচাপে প্ৰশংসা কৰে, যিয়ে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু আত্মসন্মানৰ বাবে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল আৰু জনজাতীয় সংস্কৃতি তথা পৰিচয় সুৰক্ষিত কৰাৰ বাবে জনজাতীয় সমাজৰ স্পষ্টবাদী কণ্ঠ আছিল।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে:
"দেশৰ মহান নেতা কাৰ্তিক ওৰাৱনজীক তেওঁৰ জন্ম শতবাৰ্ষিকীত সন্মানজনক শ্ৰদ্ধাঞ্জলি, যিয়ে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু আত্মসন্মানৰ বাবে তেওঁৰ গোটেই জীৱন সমৰ্পিত কৰিছিল। তেওঁ জনজাতীয় সমাজৰ এগৰাকী স্পষ্টবাদী কণ্ঠ আছিল, যিয়ে জনজাতীয় সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰিবলৈ নিৰন্তৰ সংগ্ৰাম কৰিছিল। দুখীয়া লোকৰ কল্যাণৰ বাবে তেওঁৰ অতুলনীয় অৱদানে সদায় দেশবাসীক অনুপ্ৰাণিত কৰিব।"
आदिवासी समुदाय के अधिकार और आत्मसम्मान के लिए जीवनपर्यंत समर्पित रहे देश के महान नेता कार्तिक उरांव जी को उनकी जन्म-शताब्दी पर आदरपूर्ण श्रद्धांजलि। वे जनजातीय समाज के एक मुखर प्रवक्ता थे, जो आदिवासी संस्कृति और अस्मिता की रक्षा के लिए निरंतर संघर्षरत रहे। वंचितों के कल्याण के…
— Narendra Modi (@narendramodi) October 29, 2024