প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷ প্ৰধানমন্ত্ৰী ড০ কালামক এগৰাকী বিজ্ঞানী হিচাপে তেওঁৰ অৱদান আৰু এগৰাকী ৰাষ্ট্ৰপতি হিচাপে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে ৰক্ষা কৰা যোগসুত্ৰৰ কথা স্মৰণ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ এগৰাকী বিজ্ঞানী হিচাপে দেশলৈ তেওঁৰ অৱদান আৰু এগৰাকী ৰাষ্ট্ৰপতি হিচাপে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে ৰক্ষা কৰা যোগসুত্ৰৰ বাবে তেওঁ সদায়েই প্ৰশংসাৰ পাত্ৰ৷”
Tributes to our former President Dr. APJ Abdul Kalam. He is greatly admired for his contribution to our nation as a scientist and as a President who struck a chord with every section of society. pic.twitter.com/vPwICWxA3u
— Narendra Modi (@narendramodi) October 15, 2022