জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ গ্ৰামীণ জনসাধাৰণৰ সৱলীকৰণৰ প্ৰতি শ্ৰী দেশমুখৰ নিষ্ঠা আৰু সেৱাক স্মৰণ আৰু প্ৰশংসা কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ কয়:
"ভাৰত ৰত্ন’ নানাজী দেশমুখৰ জন্ম জয়ন্তীত দেশবাসীৰ হৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেশৰ গাওঁবাসী, বিশেষকৈ দুখীয়া সমাজৰ সৱলীকৰণৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা সদায় স্মৰণীয় হৈ থাকিব। ”
देशवासियों की ओर से भारत रत्न नानाजी देशमुख को उनकी जयंती पर विनम्र श्रद्धांजलि। देश के ग्रामीणों विशेषकर वंचित समाज के सशक्तिकरण के लिए उनके समर्पण और सेवा भाव को हमेशा याद किया जाएगा। pic.twitter.com/GNshnjxxcQ
— Narendra Modi (@narendramodi) October 11, 2024