Quoteপ্ৰায় ১০,০০০ কোটি টকা ব্যয়সাপেক্ষ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
Quote"আমি স্বচ্ছ ভাৰতৰ দহ বছৰ উপলক্ষে পৰিষ্কাৰ-পৰিচ্ছন্নতাক 'জন আন্দোলন' হিচাপে গঢ়ি তোলাৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ অটল মনোভাৱক অভিবাদন জনাইছোঁ"
Quote"ক্লীন ইণ্ডিয়া’ হৈছে এই শতিকাত বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সফল প্ৰাপ্ত গণ আন্দোলন"
Quote"স্বচ্ছ ভারত মিছন’-য়ে দেশৰ সাধাৰণ লোকসকলৰ জীৱনত যি প্ৰভাৱ পেলাইছে সেয়া অমূল্য"
Quote"স্বচ্ছ ভারত অভিযান’ৰ ফলত মহিলাসকলৰ মাজত সংক্ৰামক ৰোগৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে"
Quote"পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বৰ্ধিত সন্মানৰ বাবে দেশত বৃহৎ মনঃস্তাত্বিক পৰিৱৰ্তন সাধিত হৈছে"
Quote"এতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা সমৃদ্ধিৰ এক নতুন পথ হৈ উঠিছে"
Quote"স্বচ্ছ ভাৰত অভিযান’-য়ে ‘চক্ৰীয় অৰ্থনীতি’ক নতুন গতি প্ৰদান কৰিছে"

‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীজীৰ জন্ম বাৰ্ষিকীৰ কথা উল্লেখ কৰে আৰু আই ভাৰতীৰ পুত্ৰসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজিৰ অনুষ্ঠানটো মহাত্মা গান্ধী আৰু অন্যান্য মহান ব্যক্তিসকলৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ বাবে এক অনুপ্ৰেৰণাদায়ক অনুষ্ঠান।

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মন কৰ্তব্যবোধেৰে ভৰি আছে যদিও ২ অক্টোবৰত তেওঁ একে সময়তে আৱেগিক হৈয়ো উঠে। ‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, "স্বচ্ছ ভাৰত অভিযান’ৰ যাত্ৰা কোটি কোটি ভাৰতীয়ৰ অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক।" তেওঁ বিগত ১০টা বছৰত এই আন্দোলনে লাভ কৰা ব্যাপক জনসমৰ্থনৰ কথা উল্লেখ কৰি কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক তেওঁলোকৰ নিজৰ লক্ষ্য কৰি লৈছে- তেওঁলোকৰ জীৱনৰ এটা অংগ কৰি লৈছে। স্বচ্ছ ভাৰতে ১০ বছৰীয়া মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘স্বচ্ছ ভাৰত মিছন’ক এক বৃহৎ ৰাজহুৱা আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ‘চাফাইমিত্ৰ’, ধৰ্মীয় নেতা, খেলুৱৈ, ‘চেলিব্ৰিটী’, বেচৰকাৰী সংগঠন আৰু সংবাদ মাধ্যমৰ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে শ্ৰমদানৰ ৰূপত ‘স্বচ্ছ ভাৰত’ৰ প্ৰতি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা অৱদানৰ কথাও উল্লেখ কৰে আৰু দেশবাসীক অনুপ্ৰেৰণা যোগোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি গাঁও, চহৰ আৰু কলনীসমূহত সম্পাদিত হোৱা অসংখ্য পৰিচ্ছন্নতামূলক কাৰ্যকলাপৰ কথা উল্লেখ কৰে আৰু ৰাজ্যৰ মন্ত্ৰী, নেতা আৰু প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণৰ কথাও উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে ‘স্বচ্ছতা পখৱাড়া’-ৰ এই সংস্কৰণত ‘স্বচ্ছতা হী সেৱা’ কাৰ্যসূচীত কোটি কোটি লোকে অংশগ্ৰহণ কৰিছে, তেওঁ কয় যে ‘সেৱা পখৱাড়া’ৰ ১৫টা দিনত সমগ্ৰ দেশতে ২৮ কোটি লোকৰ অংশগ্ৰহণেৰে ২৭ লাখতকৈয়ো অধিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। ভাৰতক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিটোৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিচ্ছন্নতা সম্পৰ্কীয় প্ৰায় ১০,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে 'মিছন অমৃত'ৰ অংশ হিচাপে বহুতো চহৰত পানী আৰু নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নমামী গঙ্গেই হওঁক বা জৈৱিক আৱৰ্জনাক জৈৱগেছলৈ ৰূপান্তৰ কৰা ‘গোবৰ্ধন প্ৰকল্প’ই হওঁক, এইসকলোবোৰ প্ৰকল্পই ‘স্বচ্ছ ভাৰত অভিযান’ক এক নতুন উচ্চতালৈ লৈ যাব। "স্বচ্ছ ভাৰত অভিযান যিমানেই সফল হ'ব আমাৰ দেশ সিমানেই উজ্জ্বল হ'ব", শ্ৰী মোদীয়ে কয়।

 

|

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০০০ বছৰৰ পাছতো ‘স্বচ্ছ ভাৰত অভিযান’ স্মৰণীয় হৈ থাকিব যেতিয়া ভাৰত সন্দৰ্ভত অধ্যয়ন কৰা হ'ব। "স্বচ্ছ ভাৰত অভিযান’ হৈছে জনসাধাৰণৰ অংশগ্ৰহণ আৰু জননেতৃত্বৰ সৈতে এই শতিকাৰ আটাইতকৈ ডাঙৰ আৰু সফল জন আন্দোলন", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে এই অভিযানে তেওঁৰ সন্মুখত মানুহৰ প্ৰকৃত শক্তি আৰু সম্ভাৱনা প্ৰকাশিত কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা জনশক্তিৰ উপলব্ধিৰ উৎসৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ‘স্বচ্ছতা অভিযান’ আৰম্ভ হোৱাৰ সময়ত লাখ লাখ লোকে কেনেকৈ হাত উজান দিছিল, সেয়া বিবাহেই হওঁক বা ৰাজহুৱা অনুষ্ঠানেই হওঁক বা আন কোনো ঠাইতেই হওঁক, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা কাৰ্যকৰীভাৱে বিয়পি পৰিছিল। তেওঁ কয় যে এনে কিছুমান উদাহৰণ আছে য'ত বৃদ্ধ মাতৃসকলে শৌচাগাৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ গৰু বিক্ৰী কৰিছিল, কিছুমান মহিলাই তেওঁলোকৰ ‘মঙ্গলসূত্ৰ’ বিক্ৰী কৰিছিল, কিছুমানে আকৌ তেওঁলোকৰ মাটি বিক্ৰী কৰিছিল, কিছুমান অৱসৰপ্ৰাপ্ত শিক্ষকে তেওঁলোকৰ পেঞ্চন দান কৰিছিল, কিছুমান অৱসৰপ্ৰাপ্ত সেনাকৰ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ বাবে তেওঁলোকৰ অৱসৰৰ সুবিধা দান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যদি মন্দিৰ বা যিকোনো অনুষ্ঠানত এই একেটা অনুদানকে দিয়া হল হয় তেন্তে বাতৰি কাকতৰ এক মুখ্য শিৰোনাম হ'লহেঁতেন। তেওঁ লগতে কয় যে লাখ লাখ লোক যে আছে, যাৰ মুখ কেতিয়াও টিভিত দেখুওৱা হোৱা নাছিল বা তেওঁলোকৰ নাম কেতিয়াও যে বাতৰি কাকতত প্ৰকাশ কৰা হোৱা নাছিল, যিসকলে এই অভিযান সফল কৰিবলৈ তেওঁলোকৰ ধন আৰু মূল্যৱান সময় দান কৰিছিল দেশে তেওঁলোকৰ বিষয়ে জানিব লাগিব। শ্ৰী মোদীয়ে কয় যে এই সকলোবোৰ উদাহৰণে ভাৰতৰ চৰিত্ৰকে প্ৰতিফলিত কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যেতিয়া তেওঁ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছিল বহুলোকে বজাৰ কৰিবলৈ যাওঁতে মৰাপাট আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰাৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছিল। তেওঁ একক ব্যৱহাৰযোগ্য প্লাষ্টিক উৎপাদনৰ সৈতে জড়িত উদ্যোগসমূহৰ লগতে হাতত হাত মিলাই এই পদক্ষেপক সমৰ্থন কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ জ্ঞাপন কৰে। তেওঁ এই অভিযানলৈ সমৰ্থন আগবঢ়োৱা ৰাজনৈতিক দলসমূহকো ধন্যবাদ জনায়।

 

প্ৰধানমন্ত্ৰীয়ে চলচ্চিত্ৰৰ ৰূপত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত যোৱা ১০টা বছৰত ভাৰতৰ চলচ্চিত্ৰ উদ্যোগে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে আৰু কয় যে এনে কাম কেৱল এবাৰেই নহয়, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্পন্ন কৰিব লাগিব। তেওঁ তেওঁৰ মন কী বাত কাৰ্যসূচীত বিভিন্ন জনে গ্ৰহণ কৰা উদ্যোগৰ নিদৰ্শনেৰে প্ৰায় ৮০০ বাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰসংগ উত্থাপন কৰাৰ কথা উল্লেখ কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে আজি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত জনসাধাৰণৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কয়, "স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পথ দেখুৱাইছিল", প্ৰসংগক্ৰমে তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা পূৰ্বৰ চৰকাৰসমূহে স্বচ্ছতাৰ প্ৰতি অৱহেলা কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যিসকলে মহাত্মা গান্ধীক তেওঁলোকৰ ৰাজনৈতিক লাভালাভ আৰু ভোট বেংকৰ বাবে ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া তেওঁৰ আগ্ৰহৰ বিষয়টো পাহৰি গৈছে। তেওঁ কয় যে বিগত সময়ছোৱাত অপৰিচ্ছন্নতা আৰু শৌচালয়ৰ অভাৱক কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ ফলতে সমাজত এই সন্দৰ্ভত কোনো আলোচনাই হোৱা নাছিল আৰু অপৰিচ্ছন্নতা জীৱনৰ এক অংগ হৈ উঠিছিল। তেওঁ লালকিল্লাৰ প্ৰাচীৰৰ পৰা এই বিষয়টো উত্থাপন কৰাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱাৰ কথাও স্মৰণ কৰে। তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰাথমিকতা হৈছে সাধাৰণ নাগৰিকৰ জীৱন সহজসাধ্য কৰি তোলা", তেওঁ শৌচালয় আৰু ‘ছেনিটাৰী পেড’ৰ বিষয়ে কথা পতাটো তেওঁৰ দায়িত্ব বুলিয়েই গুৰুত্ব আৰোপ কৰিছিল। তেওঁ লগতে কয় যে ইয়াৰ ফলাফল আজি প্ৰত্যক্ষ কৰিব পৰা গৈছে।

 

দহ বছৰ আগলৈকে শৌচালয়ৰ অভাৱৰ বাবে ভাৰতৰ জনসংখ্যাৰ ৬০ শতাংশতকৈয়ো অধিক লোকে মুকলিস্থানত শৌচ কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই মানৱীয় মৰ্যাদাৰ বিৰোধী আৰু দেশৰ দৰিদ্ৰ, দলিত, জনজাতীয় আৰু পিছপৰা সম্প্ৰদায়ৰ প্ৰতি অসন্মানজনক কথা যি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ অব্যাহত আছিল। শ্ৰী মোদীয়ে শৌচালয়ৰ অভাৱৰ বাবে মাতৃ, ভগ্নী আৰু কন্যাসকলৰ দুখ-কষ্টৰ কথা উল্লেখ কৰে আৰু লগতে তেওঁলোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি থকা ভাবুকিৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে মুকলিত শৌচ কৰাৰ ফলত লেতেৰা পদাৰ্থই শিশুসকলৰ জীৱন বিপদাপন্ন কৰি তুলিছিল আৰু শিশু মৃত্যুৰ অন্যতম মুখ্য কাৰণ হৈ আহিছিল।

 

এনে অনাকাংক্ষিত পৰিস্থিতিত ৰাষ্ট্ৰৰ বাবে অব্যাহত ৰখাটো কঠিন বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকে সিদ্ধান্ত লৈছে যে বিষয়বোৰ আগৰ দৰে অব্যাহত নাথাকিব। তেওঁ লগতে কয় যে এই চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় আৰু মানৱীয় প্ৰত্যাহ্বান হিচাপে গণ্য কৰিছিল আৰু ইয়াৰ সমাধানৰ বাবে এক অভিযান আৰম্ভ কৰিছিল আৰু ইয়াতেই স্বচ্ছ ভাৰত মিছনৰ বীজ ৰোপণ কৰা হৈছিল। তেওঁ লগতে কয় যে মুহূৰ্তৰ ভিতৰতে কোটি কোটি ভাৰতীয়ই আশ্চৰ্যকৰ কাম কৰি দেখুৱাইছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত ১২ কোটিতকৈয়ো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু শৌচাগাৰে সামৰা পৰিসৰ পূৰ্বৰ ৪০ শতাংশৰ ঠাইত এতিয়া ১০০ শতাংশত উপনীত হৈছেহি।

 

|

প্ৰধানমন্ত্ৰীয়ে দেশৰ সাধাৰণ জনসাধাৰণৰ জীৱনত ‘স্বচ্ছ ভাৰত অভিযান’ৰ প্ৰভাৱ অমূল্য বুলি উল্লেখ কৰে। ৱাশ্বিংটনৰ ‘আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান’, ‘কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু ওহাইঅ' ষ্টেট ইউনিভাৰ্ছিটী’ৰ বিজ্ঞানীসকলে যুটীয়াভাৱে চলোৱা এখন বিখ্যাত আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ শেহতীয়া অধ্যয়নৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে ‘স্বচ্ছ ভাৰত মিছন’-য়ে প্ৰতি বছৰে ৬০ ৰ পৰা ৭০ হাজাৰ শিশুৰ জীৱন ৰক্ষা কৰি অহাৰ কথা পোহৰলৈ আহিছে। তেওঁ লগতে কয় যে ‘বিশ্ব স্বাস্থ্য সংস্থা’-ৰ মতে, ২০১৪ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৩ লাখ লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছিল, যিবোৰ ডায়েৰিয়াৰ ফলত হেৰাই গ'লহেঁতেন। ‘ইউনিচেফ’-ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে ঘৰে ঘৰে শৌচালয় নিৰ্মাণৰ ফলত এতিয়া ৯০ শতাংশৰো অধিক মহিলাই সুৰক্ষিত অনুভৱ কৰিছে আৰু ‘স্বচ্ছ ভাৰত মিছন’-ৰ সুবাদত সংক্ৰমণৰ ফলত হোৱা মহিলাৰ ৰোগো যথেষ্ট হ্ৰাস পাইছে। শ্ৰী মোদীয়ে লগতে কয় যে লাখ লাখ বিদ্যালয়ত ছোৱালীৰ বাবে পৃথক শৌচালয় নিৰ্মাণৰ ফলত ‘ড্ৰপআউট’-ৰ হাৰ হ্ৰাস পাইছে। ‘ইউনিচেফ’-ৰ আন এক অধ্যয়নৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতি বছৰে গাঁওসমূহৰ পৰিয়ালবোৰে গড়ে ৫০ হাজাৰ টকা ৰাহি কৰি আহিছে যিবোৰ আগতে ৰোগ নিৰাময়ৰ বাবে ব্যয় কৰিবলগীয়া হৈছিল।

‘স্বচ্ছ ভাৰত মিছন’-য়ে সম্ভৱ কৰা জনসজাগতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গোৰখপুৰত মগজুৰ জ্বৰৰ ফলত শিশু মৃত্যুৰ উদাহৰণ দাঙি ধৰে যাক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে গুৰুত্ব আৰোপ কৰি সেয়া নিৰাময় কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰিচ্ছন্নতাৰ প্ৰতি সন্মান বৃদ্ধিয়ে দেশলৈ এক বৃহৎ মনঃস্তাত্বিক পৰিৱৰ্তন আনিছে। তেওঁ ‘স্বচ্ছ ভাৰত মিছন’-য়ে অনা চিন্তাধাৰাৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে আৰু পৰিষ্কাৰ কৰাৰ কামত জড়িত লোকসকলৰ উদাহৰণ দিয়ে যাক আগতে নিন্দা কৰা হৈছিল। "যেতিয়া পৰিষ্কাৰকৰোঁতাসকলে সন্মান লাভ কৰে, তেওঁলোকেও দেশ সলনি কৰাত তেওঁলোকৰ ভূমিকাৰ বাবে গৌৰৱান্বিত অনুভৱ কৰিবলৈ লৈছে। স্বচ্ছ ভাৰত অভিযানে লাখ লাখ ‘চাফাই মিত্ৰ’ৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে", ‘চাফাই মিত্ৰ’সকলৰ বাবে এক সন্মানীয় জীৱন আৰু সুৰক্ষাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে ‘চেপ্টিক টেংক’ত ‘মেনুৱেল’ প্ৰৱেশৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰাৰ কথা কয় আৰু জনায় যে চৰকাৰে এই ক্ষেত্ৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সৈতে একেলগে কাম কৰি আছে। "আমি পেছাদাৰী আৰু ‘ষ্টাৰ্টআপ’সমূহকো উৎসাহিত কৰি আছো", তেওঁ লগতে কয়।

 

স্বচ্ছ ভাৰত অভিযানৰ ব্যাপক ভাৱে বিস্তাৰিত পৰিসৰৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এয়া কেৱল এক পৰিচ্ছন্নতামূলক কাৰ্যসূচী নহয় আৰু আজি পৰিচ্ছন্নতাই সমৃদ্ধিৰ এক নতুন পথ সৃষ্টি কৰিছে।

 

|

তেওঁ লগতে কয় যে ‘স্বচ্ছ ভাৰত অভিযানে’ও দেশত বৃহৎ পৰিমাণে নিযুক্তিৰ সৃষ্টি কৰি আছে আৰু বিগত বছৰবোৰত কোটি কোটি শৌচালয় নিৰ্মাণৰ ফলত বহুতো খণ্ড লাভান্বিত হৈছে আৰু বহু লোক নিয়োজিত হৈছে। তেওঁ লগতে কয় যে মিস্ত্ৰী, ‘প্লাম্বাৰ’, শ্ৰমিকৰ দৰে বহুলোকে গাঁৱত নিযুক্তি লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ‘ইউনিচেফ’-য়ে অনুমান কৰিছে যে এই অভিযানৰ ফলত প্ৰায় ১.২৫ কোটি লোকে কিবা নহয় কিবা প্ৰকাৰে নিযুক্তি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ মহিলা মিস্ত্ৰী ‘স্বচ্ছ ভাৰত অভিযান’-ৰ এক বৃহৎ সাফল্য আৰু আমাৰ যুৱপ্ৰজন্মই স্বচ্ছ-প্ৰযুক্তিৰ জৰিয়তে উন্নত চাকৰি আৰু উন্নত সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে বৰ্তমান স্বচ্ছ-প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত প্ৰায় ৫ হাজাৰ ষ্টাৰ্ট-আপ-ৰ পঞ্জীয়ন কৰা হৈছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে পানী আৰু অনাময় খণ্ডত বহুতো নতুন সুযোগ সৃষ্টি কৰা হৈছে, সেয়া লাগিলে আৱৰ্জনাৰ পৰা সম্পদেই হওক, আৱৰ্জনা সংগ্ৰহেই হওক আৰু পৰিবহন, পানীৰ পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্তিয়েই হওক। তেওঁ লগতে কয় যে এই দশকটোৰ শেহৰ ফালে এই ক্ষেত্ৰত ৬৫ লাখ নতুন চাকৰি সৃষ্টি হ'ব বুলি অনুমান কৰা হৈছে আৰু ‘স্বচ্ছ ভাৰত মিছন’-য়ে নিশ্চিতভাৱে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

"স্বচ্ছ ভাৰত মিছন’-য়ে ভাৰতৰ চক্ৰীয় অৰ্থনীতিক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিয়ালসমূহৰ পৰা উৎপন্ন হোৱা আৱৰ্জনা এতিয়া মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে ঘৰুৱা আৱৰ্জনাৰ পৰা পচন সাৰ, জৈৱ গেছ, বিদ্যুৎ আৰু পথ নিৰ্মাণত ব্যৱহৃত কাঠকয়লাৰ দৰে সামগ্ৰী উৎপাদন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘গোবৰ্ধন যোজনা’ৰ সফলতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে, যি গ্ৰাম্য আৰু নগৰাঞ্চলত পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হৈ আহিছে আৰু ‘গোবৰ্ধন যোজনা’ৰ অধীনত গাঁওসমূহত শ শ জৈৱ গেছ প্ৰকল্প স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে, য'ত পশুৰ আৱৰ্জনা জৈৱ গেছলৈ ৰূপান্তৰিত কৰা হৈছে। তেওঁ আৰু কয় যে দেশজুৰি শ শ ‘কম্প্ৰেছড বায়োগেছ প্ৰকল্প’ও স্থাপন কৰা হৈছে। আজি কেবাটাও নতুন ‘চিবিজি’ প্ৰকল্প উদ্বোধন কৰা হয় আৰু এই পদক্ষেপক অধিক সম্প্ৰসাৰিত কৰাৰ বাবে নতুন প্ৰকল্পও স্থাপন কৰা হয়।

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতি আৰু নগৰায়নৰ দ্ৰুত গতিৰ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ দ্ৰুত নগৰায়ন আৰু আৱৰ্জনাৰ উৎপাদন প্ৰতিৰোধৰ বাবে দক্ষ আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ নিৰ্মাণক্ষেত্ৰত প্ৰযুক্তিৰ বিকাশৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে যিয়ে শূন্য বা ন্যূনতম আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰা ‘হাউছিং কমপ্লেক্স’ৰ বাবে পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী আৰু আৰ্হিৰ ব্যৱহাৰত সহায় কৰিব। শ্ৰী মোদীয়ে পানীৰ অপব্যৱহাৰ নকৰা আৰু ব্যৱহাৰৰ আগতে বৰ্জিত পানী শোধন কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। ‘নমামী গঙ্গে মিছন’-ক নদী পৰিষ্কাৰণৰ আৰ্হি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা নদী আজি যথেষ্ট পৰিষ্কাৰ। তেওঁ ‘অমৃত মিছন’ আৰু ‘অমৃত সৰোবৰ’ৰ পদক্ষেপৰ কথা উল্লেখ কৰি এই পদক্ষেপে যথেষ্ট পৰিৱৰ্তন আনিছে বুলি মন্তব্য কৰাৰ লগতে পানী সংৰক্ষণ, শোধন আৰু নদীৰ পৰিচ্ছন্নতাৰ বাবে নতুন প্ৰযুক্তিত নিৰন্তৰ বিনিয়োগত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰ্যটনৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি উল্লেখ কৰে যে পৰিষ্কাৰ পৰ্যটন স্থল আৰু ঐতিহ্যক্ষেত্ৰসমূহে দৰ্শনাৰ্থীৰ অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে। তেওঁ কয় যে আমাৰ পৰ্যটন ক্ষেত্ৰ, বিশ্বাসৰ স্থান আৰু ঐতিহ্যক্ষেত্ৰসমূহ পৰিষ্কাৰ আৰু ভালদৰে ৰক্ষণাবেক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। 

 

|

বিগত দশকটোত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "স্বচ্ছ ভাৰত’ৰ এই দহটা বছৰত আমি যথেষ্ট সফলতা অৰ্জন কৰিছোঁ, কিন্তু আমাৰ লক্ষ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে সম্ভৱ হয় যেতিয়া প্ৰতিগৰাকী নাগৰিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাক তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব হিচাপে গ্ৰহণ কৰে।" প্ৰধানমন্ত্ৰী মোদীয়ে ‘স্বচ্ছ ভাৰত অভিযান’ৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ ব্যক্ত কৰে আৰু এক পৰিষ্কাৰ ভাৰত গঢ়াৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ নিৰন্তৰ অংশগ্ৰহণৰ আহ্বান জনায়। তেওঁ কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য এদিনীয়া কথা নহয়, বৰঞ্চ এক জীৱনজোৰা ৰীতি-নীতিহে আৰু ইয়াক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতিগৰাকী নাগৰিকৰ প্ৰবৃত্তি হ'ব লাগিব আৰু এই কাম প্ৰতিদিনে কৰা উচিত", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ পৰৱৰ্তী প্ৰজন্মৰ সন্তানসকলক ভাৰত সঁচাকৈয়ে পৰিষ্কাৰ নোহোৱালৈকে এই প্ৰয়াস বন্ধ নকৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহক জিলা, খণ্ড, গাঁও আৰু স্থানীয় পৰ্যায়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদক্ষেপ ৰূপায়ণ কৰি তেওঁলোকৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈও আহ্বান জনায়। তেওঁ জিলা আৰু খণ্ডসমূহত আটাইতকৈ পৰিষ্কাৰ বিদ্যালয়, চিকিৎসালয় আৰু কাৰ্যালয়ৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে। তেওঁ কয় যে পৌৰসভাসমূহে সু-ৰক্ষণাবেক্ষণ কৰাৰ লগতে ৰাজহুৱা শৌচালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰণালীবোৰ যাতে পুৰণি প্ৰথালৈ ঘূৰি নাযায় সেয়া নিশ্চিত কৰিব লাগিব। তেওঁ স্থানীয় সংস্থাসমূহক অনাময় আন্তঃগাঁথনি আৰু ইয়াৰ ৰক্ষণাবেক্ষণক প্ৰাথমিকতা দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো নাগৰিকক ঘৰত, তেওঁলোকৰ চুবুৰীয়া বা কৰ্মক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ সংকল্প ল'বলৈ উৎসাহিত কৰে। "আমি যিদৰে আমাৰ উপাসনাস্থলীসমূহ পৰিষ্কাৰ কৰোঁ, আমি আমাৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি একেই ভক্তিৰ অনুভূতি জাগ্ৰত কৰিব লাগিব", তেওঁ বিকশিত ভাৰতৰ দিশত আগবঢ়া যাত্ৰাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰি কয়। ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আস্থা ব্যক্ত কৰে আৰু নাগৰিকসকলক নতুন শক্তি আৰু উৎসাহেৰে মহাত্মা গান্ধীৰ নীতি অনুসৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনায়।

 

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰ, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিল, কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী তোখন চাহু আৰু কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ ৰাজভূষণ চৌধুৰী অনুষ্ঠানটোত উপস্থিত আছিল।

 

পটভূমি

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৯৬০০ কোটি টকাৰো অধিক মূল্যৰ অনাময় আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত অন্তৰ্ভুক্ত আছে ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প, যাৰ উদ্দেশ্য হ'ল অম্ৰুত আৰু অম্ৰুত ২.০ ৰ অধীনত নগৰীয়া পানী আৰু নৰ্দমা প্ৰণালী সংখ্যা বৃদ্ধি কৰা, ১৫৫০ কোটি টকাৰো অধিক মূল্যৰ ১০টা প্ৰকল্প, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযান’-ৰ অধীনত গংগা অৱবাহিকা অঞ্চলত পানীৰ মান উন্নত কৰা আৰু ১৩৩২ কোটি টকাৰো অধিক মূল্যৰ জৈৱগেছ (চিবিজি) প্ৰকল্প।

 

|

‘স্বচ্ছ ভাৰত দিৱস’ কাৰ্যসূচীত ভাৰতৰ দশকজোৰা অনাময় সাফল্য আৰু শেহতীয়াকৈ সমাপ্ত হোৱা ‘স্বচ্ছতা হী সেৱা অভিযান’ৰ সাফল্যসমূহ প্ৰদৰ্শন কৰা হৈছে। ই এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে মঞ্চও নিৰ্ধাৰণ কৰিব। ইয়াত স্থানীয় চৰকাৰী সংস্থা, মহিলা গোট, যুৱ সংগঠন আৰু সম্প্ৰদায়সমূহৰ নেতাসকলৰ দেশজুৰি অংশগ্ৰহণ অন্তৰ্ভুক্ত থাকিব যাতে সম্পূৰ্ণ স্বচ্ছতাৰ আত্মা ভাৰতৰ প্ৰতিটো কোণতে উপনীত হয়গৈ।

 

স্বচ্ছতা হী সেৱা ২০২৪ৰ বিষয়বস্তু, 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা', পৰিষ্কাৰ পৰিচ্ছন্নতা, জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাই দেশবাসীক পুনৰ একত্ৰিত কৰিছে। স্বচ্ছতা হী সেৱা ২০২৪-ৰ অধীনত ১৭ কোটিৰো অধিক লোকৰ ৰাজহুৱা অংশগ্ৰহণেৰে ১৯.৭০ লাখৰো অধিক কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। প্ৰায় ৬.৫ লাখ পৰিচ্ছন্নতা লক্ষ্য গোটৰ ৰূপান্তৰণৰ লক্ষ্য প্ৰাপ্ত কৰা হৈছে। প্ৰায় ১ লাখ ‘চাফাই মিত্ৰ’ সুৰক্ষা শিৱৰৰো আয়োজন কৰা হৈছে, যাৰ ফলত ৩০ লাখতকৈয়ো অধিক ‘চাফাই মিত্ৰ’ উপকৃত হৈছে। লগতে, ‘এক পেড় মা কে নাম অভিযান’ৰ অধীনত ৪৫ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে।

 

Click here to read full text speech

  • Jitender Kumar BJP Haryana State MP January 04, 2025

    Govindpuri Police station New Delhi
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    BJP Haryana
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    My neatest Police station
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    Jitender Kumar
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    Picture taken by me
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    Jitender Kumar BJP Haryana State MP
  • Jitender Kumar BJP Haryana State MP January 04, 2025

    Jitender Kumar BJP Haryana
  • HANUMAN RAM November 29, 2024

    Jai Shri Krishna
  • HANUMAN RAM November 29, 2024

    BJP
  • HANUMAN RAM November 29, 2024

    Jai Shri Ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Most NE districts now ‘front runners’ in development goals: Niti report

Media Coverage

Most NE districts now ‘front runners’ in development goals: Niti report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Highest National Honours and Global Awards Conferred on PM Narendra Modi
July 09, 2025

Prime Minister Narendra Modi has been conferred highest civilian honours by several nations. These recognitions are a reflection of PM Modi’s leadership and vision which has strengthened India’s emergence on the global stage. It also reflects India’s growing ties with countries around the world.

Let us have a look at awards bestowed on PM Modi in the last ten years.

Awards Conferred by Countries:

1. In April 2016, during his visit to Saudi Arabia, Prime Minister Narendra Modi was conferred Saudi Arabia's highest civilian honour- the King Abdulaziz Sash. The Prime Minister was conferred the prestigious award by King Salman bin Abdulaziz.

|

2. The same year, PM Modi was bestowed upon the State Order of Ghazi Amir Amanullah Khan – the highest civilian honor of Afghanistan.

|

3. In the year 2018, when Prime Minister Narendra Modi paid a historic visit to Palestine, he was awarded the Grand Collar of the State of Palestine Award. This is the highest honour of Palestine awarded to foreign dignitaries.

|

4. In 2019, the Prime Minster was awarded the Order of Zayed Award. This is the highest civilian honour of the United Arab Emirates.

|

5. Russia conferred Prime Minister Modi with their highest civilian honour - the Order of St. Andrew the Apostle in 2019. The PM received the award during his visit to Moscow in July 2024..

|

6. Order of the Distinguished Rule of Nishan Izzuddin- the highest honour of the Maldives awarded to foreign dignitaries was presented to PM Modi in 2019.

|

7. PM Modi received the prestigious King Hamad Order of the Renaissance in 2019. The honour was conferred by Bahrain.

|

8. Legion of Merit by the US Government, the award of the United States Armed Forces that is given for exceptionally meritorious conduct in the performance of outstanding services and achievements was conferred on PM Modi in 2020.

9. Bhutan honoured PM Modi with the highest civilian decoration, Order of the Druk Gyalpo in December 2021. PM Modi received the award during his visit to Bhutan in March 2024

|

10. During his visit to Papua New Guinea in 2023, PM Modi was conferred with Ebakl Award by the President Surangel S. Whipps, Jr. of the Republic of Palau

|

11. PM Narendra Modi has also been conferred the highest honour of Fiji, Companion of the Order of Fiji in recognition of his global leadership. The award was conferred by PM Sitiveni Rabuka of Fiji.

|

12. Governor General of Papua New Guinea, Sir Bob Dadae conferred PM Modi with Grand Companion of the Order of Logohu. It is the highest honour of Papua New Guinea.

|

 13. In June 2023, President Abdel Fattah El-sisi conferred Prime Minister Modi with the highest state honour of Egypt, the 'Order of Nile.'

|

 14. On 13th July 2023, PM Modi was conferred with the Grand Cross of the Legion of Honour, the highest award in France by President Emmanuel Macron.

|

 15. On 25th August 2023, PM Modi was conferred with 'The Grand Cross of the Order of Honour' by President Katerina Sakellaropoulou of Greece.

|

16. Dominica honoured PM Modi with the ‘Dominica Award of Honour.’ It was presented to PM Modi by President Sylvanie Burton of Dominica during the Prime Minister's visit to Guyana in November 2024.

|

17. Nigeria honoured PM Modi with 'The Grand Commander of The Order of the Niger' during his visit in November 2024. It was presented to him by President Bola Ahmed Tinubu of Nigeria.

|

 

18. Guyana honoured PM Modi with the ‘The Order of Excellence’ during the Prime Minister's visit in November 2024. It was presented to him by President Dr. Irfaan Ali.

|

19. PM Mia Amor Mottley of Barbados announced her government’s decision to honour PM Modi with the Honorary Order of Freedom of Barbados Award during the Prime Minister's visit to Guyana in November 2024. MoS Pabitra Margherita Ji received the award on behalf of PM from President Dame Sandra Mason of Barbados on 06th March 2025.

|

20. In December 2024, PM Modi was conferred the Mubarak Al-Kabeer Order by His Highness the Amir of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.

|

21During PM Modi's visit to Mauritius in March 2025, President Dharambeer Gokhool conferred PM Modi with the Highest National Award of Mauritius, 'The Grand Commander of the Order of the Star and Key of the Indian Ocean'.

|

22. During PM Modi's visit to Sri Lanka in April 2025, President Anura Kumara Dissanayake conferred PM Modi with the highest Sri Lankan honour, the 'Sri Lanka Mitra Vibhushana' award.

|

23) PM Modi was conferred the 'Grand Cross of the Order of Makarios III' of Cyprus during his visit in June 2025. It was bestowed upon PM Modi by President Nikos Christodoulides.

|

24) PM Modi was conferred ‘The Officer of the Order of the Star of Ghana’ during his visit in July 2025. It was bestowed upon PM Modi by President John Dramani Mahama.

|

25) PM Modi was conferred ‘The Order of the Republic of Trinidad & Tobago’ during his visit in July 2025. It was bestowed upon PM Modi by President Christine Kangaloo.

|

26) PM Modi has been conferred with ‘The Grand Collar of the National Order of the Southern Cross’ during his visit to Brazil in July 2025. It was bestowed upon PM Modi by President Lula.

|

Apart from the highest civilian honours, PM Modi has also been conferred with several awards by prestigious organisations across the globe.

1. Seoul Peace Prize: It is awarded biennially to those individuals by Seoul Peace Prize Cultural Foundation who have made their mark through contributions to the harmony of mankind, reconciliation between nations and to world peace. Prime Minister Modi was conferred prestigious award in 2018.

|

2. United Nations Champions of The Earth Award: This is UN’s highest environmental honour. In 2018, the UN recognized PM Modi for his bold environmental leadership on the global stage.

|

3. First-ever Philip Kotler Presidential Award was given to Prime Minister Modi in 2019. This award is offered annually to the leader of a nation. The citation of the award said that PM Modi was selected for his “outstanding leadership for the nation”.

|

4. In 2019, PM Modi was conferred the ‘Global Goalkeeper’ Award by the Bill and Melinda Gates Foundation for the Swachh Bharat Abhiyan. PM Modi dedicated the award to those Indians who transformed the Swachh Bharat campaign into a “people’s movement” and accorded topmost priority to cleanliness in their day-to-day lives.

|

5. In 2021, Global Energy and Environment Leadership Award by the Cambridge Energy Research Associates CERA was bestowed on PM Modi. The award recognizes the commitment of leadership towards the future of global energy and environment.