Quoteভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন
Quoteবিহাৰত ৬৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন
Quoteজনজাতীয় সমাজেই ৰাজকুমাৰ ৰামক ভগৱান ৰাম কৰি তুলিছিল, জনজাতীয় সমাজেই ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতাৰ সুৰক্ষাৰ বাবে যুগ-যুগ ধৰি যুঁজৰ নেতৃত্ব প্ৰদান কৰিছিলঃ প্ৰধানমন্ত্ৰী
Quoteপ্ৰধানমন্ত্ৰী জনমান যোজনাৰ জৰিয়তে দেশৰ অতিশয় পিছপৰা জনজাতিসমূহৰ বসতিৰ উন্নয়ন সুনিশ্চিত হৈছেঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাত জনজাতীয় সমাজে বৃহৎ অৱদান আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী
Quoteআমাৰ চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, আয় আৰু চিকিৎসা-স্বাস্থ্যত যথেষ্ট গুৰুত্ব আৰোপ কৰিছেঃ প্ৰধানমন্ত্ৰী
Quoteভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে দেশৰ জনজাতি অধ্যুষিত জিলাসমূহত বিৰছা মুণ্ডা জনজাতীয় গৌৰৱ উপবন স্থাপন কৰা হ’বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ভিন্ন জিলাত জনজাতীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা ভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকলক আদৰণি জনায়। লগতে সমগ্ৰ ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ভাৰ্চুৱেল মাধ্যমেৰে এই কাৰ্য্যসূচীত যোগদান কৰা অগণন জনজাতীয় ভ্ৰাতৃ-ভগ্নীসকলক আদৰণি জনায়। আজিৰ দিনটোক অতিশয় পবিত্ৰ দিন বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে আজি হৈছে কাতিৰ পূৰ্ণিমা, দেৱ দীপাৱলী তথা আজিৰ দিনটোতে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হৈছে আৰু তেখেতে ইয়াৰ বাবে ভাৰতৰ সকলো নাগৰিককে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী হোৱাৰ বাবে ইয়াক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ পৰিপ্ৰেক্ষিতত এয়া নাগৰিকসকলৰ বাবে এক ঐতিহাসিক দিন। তেখেতে ভাৰতৰ নাগৰিক বিশেষকৈ জনজাতীয় ভ্ৰাতৃ-ভগ্নীসকলক সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ জনজাতীয় গৌৰৱ দিৱসৰ প্ৰাকক্ষণত বিগত ৩ দিনত জমুইত স্বচ্ছতা অভিযান হাতত লোৱা হৈছিল। তেখেতে এই স্বচ্ছতা অভিযানৰ বাবে প্ৰশাসন, জমুইৰ নাগৰিক আৰু বিশেষকৈ মহিলাসকলক অভিনন্দন জনায়।

 

|

যোৱা বৰ্ষৰ জনজাতীয় গৌৰৱ দিৱসত ধৰতী আবা বিৰছা মুণ্ডাৰ জন্ম গাঁও উলিহাতুলৈ যোৱাৰ কথা স্মৰণেৰে শ্ৰী মোদীয়ে এইবাৰ শ্বহীদ তিলকা মাঞ্জীৰ বীৰত্বৰ সাক্ষী হোৱা স্থানত আছে বুলি উল্লেখেৰে কয় যে এই অনুষ্ঠানটো অতিশয় বিশেষ কিয়নো দেশে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰিছে। তেখেতে লগতে কয় যে অহা এবছৰ ধৰি এই উদযাপন অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ জমুইত অনুষ্ঠিত আজিৰ অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰা ভিন্ন গাঁৱৰ এক কোটি লোকক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আজি বিৰছা মুণ্ডাৰ বংশধৰ শ্ৰী বুধৰাম মুণ্ডা আৰু সিদ্ধু কানহুৰ বংশধৰ শ্ৰী মণ্ডল মূৰ্মুক আদৰণি জনাই সন্তোষ লাভ কৰিছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ৬৬৪০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। তেখেতে লগতে কয় যে এই প্ৰকল্পসমূহত জনজাতীয় লোকসকলৰ বাবে পকী ঘৰৰ অৰ্থে প্ৰায় ১.৫ লাখ অনুমোদন পত্ৰ, জনজাতীয় শিশুৰ এটি উন্নত ভৱিষ্যতৰ বাবে বিদ্যালয় আৰু হোষ্টেল, জনজাতীয় মহিলাসকলৰ বাবে স্বাস্থ্য সুবিধা, জনজাতীয় অঞ্চলসমূহক সংযোগ কৰা পথ প্ৰকল্প, জনজাতীয় সংগ্ৰহালয় আৰু জনজাতীয় সংস্কৃতি সংৰক্ষণৰ অৰ্থে গৱেষণা কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে দেৱ দীপাৱলীৰ শুভ উপলক্ষত জনজাতীয় লোকসকলৰ বাবে নিৰ্মাণ কৰা ১১,০০০ আৱাসৰ গৃহপ্ৰৱেশ সম্পন্ন হৈছে। এই উপলক্ষে তেখেতে সকলো জনজাতীয় লোকলৈ অভিনন্দন জ্ঞাপন কৰে।

আজি জনজাতীয় গৌৰৱ দিৱস উদযাপন আৰু জনজাতীয় গৌৰৱ বৰ্ষৰ আৰম্ভণি সন্দৰ্ভত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই উদযাপনসমূহে এক বৃহৎ ঐতিহাসিক অন্যায় শুধৰণিৰ এক সৎ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। তেখেতে লগতে কয় যে স্বাধীনোত্তৰ কালত জনজাতীয় লোকসকলে সমাজত উপযুক্ত স্বীকৃতি লাভ কৰা নাছিল। জনজাতীয় সমাজৰ অৱদানৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজেই ৰাজকুমাৰ ৰামক ভগৱান ৰামলৈ ৰূপান্তৰিতকৰণৰ লগতে ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতা ৰক্ষাৰ বাবে যুগ-যুগ ধৰি যুঁজৰ নেতৃত্ব প্ৰদান কৰিছিল। কিন্তু, তেখেতে লগতে কয় যে স্বাৰ্থপৰ ৰাজনীতিৰ বাবে স্বাধীনতাৰ পিছৰ দশক কেইটাত জনজাতীয় সমাজৰ এনে গুৰুত্বপূৰ্ণ অৱদানসমূহ মচি পেলোৱাৰ অপচেষ্টা কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ বাবে জনজাতীয় লোকসকলৰ ভিন্ন অৱদান যেনেঃ উলগুলান আন্দোলন, কল বিদ্ৰোহ, চাঁওতাল বিদ্ৰোহ, ভীল আন্দোলন আদিৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই ক্ষেত্ৰত জনজাতীয় লোকসকলৰ অৱদান অপৰিসীম। তেখেতে লগতে কয় যে সমগ্ৰ ভাৰতৰ একাধিক জনজাতীয় নেতা যেনেঃ অল্লুৰী সীতাৰাম ৰাজু, তিলকা মাঞ্জী, সিদ্ধু কানহু, বুধু ভগত, তেলেং খাৰিয়া, গোবিন্দ গুৰু, তেলেংগানাৰ ৰামজী গণ্ড, মধ্যপ্ৰদেশৰ বাদল ভয়, ৰাজা শংকৰ শ্বাহ, কুৱৰ ৰঘুনাথ শ্বাহ, তন্ত্য ভীল, যাত্ৰা ভগত, লক্ষ্মণ নাইক, মিজোৰামৰ ৰ’পুইলিয়ানী, ৰাজ মোহিনী দেৱী, ৰাণী গাইডিনলিউ, কালিবাঈ, গণ্ডৱানাৰ ৰাণী ৰাণী দুৰ্গাৱতী দেৱী আদিক কেতিয়াও পাহৰিব নোৱাৰি। শ্ৰী মোদীয়ে লগতে কয় যে ব্ৰিটিছে হাজাৰ-হাজাৰ জনজাতীয় লোকক হত্যা কৰা মংগড় নৰমেধৰ কথা কেতিয়াও পাহৰিব নোৱাৰি।

 

|

সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক বা সামাজিক ন্যায়ৰ ক্ষেত্ৰতেই হওঁক, তেখেতৰ চৰকাৰৰ মানসিকতা পৃথক বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে শ্ৰীমতী দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা কাৰ্য্য তেওঁলোকৰেই সৌভাগ্য। তেখেতে লগতে কয় যে তেওঁ ভাৰতৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি আৰু পিএম-জনমান (PM-JANMAN) যোজনাৰ অধীনত হাতত লোৱা সকলো কামৰ কৃতিত্ব ৰাষ্ট্ৰপতিৰ। বিশেষভাৱে দুৰ্বল জনজাতি গোট (PVTG) সমূহৰ সবলীকৰণৰ বাবে ২৪,০০০ কোটি টকাৰ পিএম জনমান যোজনাৰ শুভাৰম্ভ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই আঁচনিৰ অধীনত দেশৰ অতিশয় পিছপৰা জনজাতিসমূহৰ বসতিস্থলৰ উন্নয়ন নিশ্চিত কৰা হৈছে। তেখেতে উল্লেখ কৰে যে আজি এই আঁচনিখন এবছৰ সম্পূৰ্ণ হৈছে আৰু আঁচনিখনৰ অধীনত পিভিটিজিসমূহক হাজাৰ-হাজাৰ পকী ঘৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে পিভিটিজিসমূহৰ বসতিস্থলৰ মাজত সংযোগ সুনিশ্চিতকৰণৰ বাবে পথ উন্নয়ন প্ৰকল্পসমূহ আগবাঢ়িছে আৰু পিভিটিজিৰ বহু ঘৰত হৰ ঘৰ জল আঁচনিৰ অধীনত খোৱাপানীৰ যোগান নিশ্চিত কৰা হৈছে।

শ্ৰী মোদীয়ে পূৰ্বে যিসকলক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল, তেওঁলোকক তেখেতে পূজা কৰা বুলি উল্লেখেৰে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ মনোভাৱৰ বাবে জনজাতীয় সমাজসমূহত দশক-দশক ধৰি মৌলিক আন্তঃগাঁথনিৰ অভাৱ আছিল। তেখেতে লগতে কয় যে দেশৰ কেইবা ডজনো জনজাতি অধ্যুষিত জিলা উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰৈছিল। শ্ৰী মোদীয়ে কয় যে তেখেতৰ চৰকাৰে চিন্তা-চৰ্চাৰে সেই জিলাসমূহক ‘আকাংক্ষী জিলা’ হিচাপে ঘোষণা কৰিছে আৰু এইসমূহৰ উন্নয়নৰ বাবে দক্ষ বিষয়াক নিযুক্তি প্ৰদান কৰিছে। তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে আজি এনে বহু আকাংক্ষী জিলাই ভিন্ন উন্নয়নমূলক পৰিমাপত বহু উন্নত জিলাতকৈ ভাল ফলাফল দেখুৱাইছে। তেখেতে লগতে কয় যে ইয়াৰ সুবিধা জনজাতীয় লোকসকলে লাভ কৰিছে।

 

|

“আমাৰ চৰকাৰে জনজাতীয় কল্যাণত সদায়েই অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে অটল জীৰ চৰকাৰেই জনজাতীয় পৰিক্ৰমাৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোৱা ১০ বছৰত বাজেট আবন্টন ২৫,০০০ কোটি টকাৰপৰা ১.২৫ লাখ কোটি টকালৈ ৫ গুণ বৃদ্ধি কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে শেহতীয়াকৈ ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA) নামৰ এক বিশেষ আঁচনি আৰম্ভ কৰা হৈছে, যিয়ে ৬০,০০০ ৰো অধিক জনজাতীয় গাঁৱক উপকৃত কৰিছে। তেখেতে লগতে কয় যে জনজাতীয় যুৱক-যুৱতীসকললৈ নিয়োগৰ সুযোগ সৃষ্টি আৰু প্ৰশিক্ষণ প্ৰদানৰ লগতে জনজাতীয় গাঁওসমূহত মৌলিক সা-সুবিধাৰ উপলব্ধতা নিশ্চিতকৰণৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে ৮০,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। তেখেতে লগতে কয় যে এই আঁচনিৰ অংশ হিচাপে হোমষ্টে স্থাপনৰ বাবে প্ৰশিক্ষণ আৰু সহায়ৰ লগতে ট্ৰাইবেল মাৰ্কেটিং চেন্টাৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলত জনজাতীয় অধ্যুষিত অঞ্চলসমূহত পৰ্যটনৰ বৰ্ধনৰ লগতে ইক’-টুৰিজিমক সম্ভাৱনা হিচাপে গঢ়ি তোলা হ’ব, যিয়ে জনজাতীয় লোকসকলৰ প্ৰব্ৰজন ৰোধ কৰিব বুলিও তেখেতে কয়।

চৰকাৰে জনজাতীয় ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে বহু জনজাতীয় শিল্পীক পদ্ম বঁটা প্ৰদান কৰা হৈছে। তেখেতে লগতে কয় যে ৰাঁচীত ভগৱান বিৰছা মুণ্ডাৰ নামেৰে এটা জনজাতীয় সংগ্ৰহালয় আৰম্ভ কৰা হৈছে আৰু তেখেতে সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে সংগ্ৰহালয়টো দৰ্শন কৰিবলৈ আহ্বান জনায়। তদুপৰি আজি মধ্যপ্ৰদেশৰ চিন্দোৱাৰাত বাদল ভইৰ নামেৰে এটি জনজাতীয় সংগ্ৰহালয় আৰু মধ্যপ্ৰদেশৰ জবলপুৰত ৰাজা শংকৰ শ্বাহ আৰু কুৱৰ ৰঘুনাথ শ্বাহৰ নামেৰে জনজাতীয় সংগ্ৰহালয় উদ্বোধন হোৱাত তেখেতে সন্তোষ প্ৰকাশ কৰে। তেখেতে লগতে উল্লেখ কৰে যে আজি ভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটি স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচনৰ লগতে শ্ৰীনগৰ আৰু ছিকিমত দুটা জনজাতি গৱেষণা কেন্দ্ৰ উদ্বোধন কৰা হয়। শ্ৰী মোদীয়ে কয় যে এই সকলো প্ৰচেষ্টাই ভাৰতবাসীক জনজাতিসকলৰ বীৰত্ব আৰু তেওঁলোকক সন্মান কৰিবলৈ নিৰন্তৰভাৱে সোঁৱৰাই থাকিব।

ভাৰতৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাত জনজাতীয় সমাজৰ মহান অৱদানৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নতুন মাত্ৰাৰ সংযোজনৰ লগতে এই ঐতিহ্যক সুৰক্ষিতও কৰা হৈছে। তেখেতে লগতে কয় যে চৰকাৰে লেহত নেচনেল ইনষ্টিটিউট অৱ সোৱা-ৰিগপা স্থাপন কৰিছে, অৰুণাচল প্ৰদেশৰ উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানখনি উন্নীত কৰিছে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তত্বাৱধানত পৰম্পৰাগত চিকিৎসাৰ বাবে আগন্তুক গ্ল’বেল চেন্টাৰো স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বতে জনজাতিসকলৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ অধিক প্ৰচাৰত সহায় কৰিব।

 

|

“আমাৰ চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, আয় আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা, অভিযান্ত্ৰিক, সশস্ত্ৰ বাহিনী বা বিমান পৰিবহণ আদি ভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছে। এয়া জনজাতীয় অঞ্চলসমূহত যোৱা দশকত বিদ্যালয়ৰপৰা উচ্চ শিক্ষানুষ্ঠানলৈকে উন্নত সম্ভাৱনা সৃষ্টিৰ ফলশ্ৰুতি বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ চৰকাৰে স্বাধীনতাৰ পিছৰ ছয় দশকত কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়খনৰ বিপৰীতে যোৱা দশকত দুখন নতুন জনজাতীয় বিশ্ববিদ্যালয় সংযোজন কৰিছে। তেখেতে লগতে কয় যে যোৱা দশকত জনজাতি প্ৰধান অঞ্চলত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (IIT)ৰ লগতে একাধিক ডিগ্ৰী আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় আৰম্ভ হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে বিগত দশকত বিহাৰৰ জমুইত এখনকে প্ৰমুখ্য কৰি বহু নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম অব্যাহত থকাৰ লগতে জনজাতীয় অঞ্চলত ৩০ খন নতুন মেডিকেল কলেজ আৰম্ভ কৰা হৈছে। তেখেতে লগতে কয় যে সমগ্ৰ দেশতে ৭০০০ একলব্য বিদ্যালয়ৰ এক শক্তিশালী নেটৱৰ্কো গঢ়ি তোলা হৈছে।

চিকিৎসা, অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষাত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাষাই বাধাৰ সৃষ্টি নকৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে মাতৃভাষাত পৰীক্ষা লোৱাৰ বিকল্প প্ৰদান কৰিছে। তেখেতে লগতে কয় যে এই সিদ্ধান্তসমূহে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

বিগত দশকত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জনজাতীয় যুৱক-যুৱতীসকলৰ পদক লাভৰ কৃতিত্বৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে জনজাতীয় অঞ্চলসমূহৰ ক্ৰীড়া আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। তেখেতে লগতে কয় যে জনজাতীয় প্ৰধান অঞ্চলত খেলো ইণ্ডিয়া অভিযানৰ অংশ হিচাপে আধুনিক খেলপথাৰ, ক্ৰীড়া প্ৰকল্প গঢ়ি তোলা হৈছে। তেখেতে লগতে উল্লেখ কৰে যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত স্থাপন কৰা হৈছে।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছতো বাঁহৰ সৈতে জড়িত আইনসমূহ অতি কঠোৰ আছিল, যাৰ বাবে জনজাতীয় সমাজখনৰ বিৰাট অসুবিধাৰ সৃষ্টি হৈছিল। তেখেতে লগতে কয় যে তেখেতৰ চৰকাৰে বাঁহ খেতিৰে জড়িত আইনসমূহ সহজ কৰি তুলিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পূৰ্বে ৮-১০ বনজ সামগ্ৰীৰ বিপৰীতে এতিয়া প্ৰায় ৯০ টা বনজ সামগ্ৰীক ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ অধীনলৈ অনা হৈছে। তেখেতে লগতে কয় যে ভাৰতত আজি ৪,০০০ ৰো অধিক বন ধন কেন্দ্ৰ কাৰ্য্যক্ষম হৈ আছে, যিয়ে প্ৰায় ১২ লাখ জনজাতীয় কৃষকক সহায় কৰিছে।

“আঁচনিৰ আৰম্ভণিৰেপৰাই প্ৰায় ২০ লাখ জনজাতীয় মহিলা লাখপতি দিদি হৈ পৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে জনজাতীয় সামগ্ৰী যেনেঃ বাস্কেট, খেলনা আৰু আন-আন হস্তশিল্পৰ বাবে প্ৰধান চহৰসমূহত ট্ৰাইবেল হাট স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে জনজাতীয় হস্তশিল্প সামগ্ৰীৰ বাবে ইন্টাৰনেটত গ্ল’বেল মাৰ্কেটপ্লেচ সৃষ্টি কৰা হৈছে। তেখেতে লগতে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় নেতা আৰু গণ্যমান্য ব্যক্তিক লগ পালে সোহৰাই পেইন্টিং, ৱাৰলী পেইন্টিং, গণ্ড পেইন্টিং আদিৰ দৰে জনজাতীয় সামগ্ৰী আৰু শিল্পকৰ্ম প্ৰদান কৰাটোও নিশ্চিত কৰিছে।

জনজাতীয় সমাজসমূহৰ বাবে ছিকল চেল এনিমিয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া অভিযান আৰম্ভ কৰিছে। তেখেতে লগতে কয় যে এই অভিযানৰ এবছৰতে ৪.৫ কোটি জনজাতীয় লোকৰ পৰীক্ষা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহ এনেদৰে স্থাপন কৰা হৈছে যাতে জনজাতীয় লোকসকলে স্ক্ৰিনিং কৰিবলৈ বেছি দূৰলৈ যাব নালাগে। তেখেতে লগতে কয় যে দুৰ্গম জনজাতীয় অঞ্চলসমূহত ম’বাইল মেডিকেল ইউনিটৰ ব্যৱস্থা কৰা হৈছে।

 

|

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত বিশ্বত ভাৰতে মুখ্য ভূমিকা পালনৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ কাৰণ হৈছে জনজাতীয় সমাজসমূহে শিকোৱা প্ৰমূল্যবোধ, যিসমূহ আমাৰ চিন্তাৰ আধাৰ। জনজাতীয় সমাজে প্ৰকৃতিক পূজা কৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী আৰম্ভ হোৱাৰ উপলক্ষে জনজাতীয় প্ৰধান অঞ্চলসমূহত বিৰছা মুণ্ডা জনজাতীয় উপবন স্থাপনৰ কথা ঘোষণা কৰে। তেখেতে লগতে কয় যে এনে উপবনসমূহত ৫ লাখ গছপুলি ৰোপণ কৰা হ’ব।

ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে কয় যে ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীয়ে আমাক গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেখেতে জনসাধাৰণক এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়া সুনিশ্চিতকৰণৰ অৰ্থে জনজাতীয় ধাৰণাক এখনি নব্য ভাৰত গঢ়াৰ আধাৰ কৰিবলৈ, জনজাতীয় ঐতিহ্য সংৰক্ষণ কৰিবলৈ, জনজাতীয় সমাজে যুগ-যুগ ধৰি কি সংৰক্ষণ কৰি ৰাখিছে, সেই বিষয়ে জানিবলৈ আহ্বান জনায়।

এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী জুৱেল ওৰাম, কেন্দ্ৰীয় এমএছএমই দপ্তৰৰ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঞ্জী, কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছৱান, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দুৰ্গা দাস উইকেকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱসৰ দিনা ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে বিহাৰৰ জমুই ভ্ৰমণ কৰে। তেখেতে ভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটি স্মাৰক মুদ্ৰা আৰু ডাকটিকটো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয় লগতে অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় সমাজসমূহক উন্নীতকৰণ আৰু অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে ৬,৬৪০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত নিৰ্মিত ১১,০০০ আৱাসৰ গৃহপ্ৰৱেশৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেখেতে লগতে জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধাৰ বৰ্ধনৰ বাবে পিএম-জনমানৰ অধীনত আৰম্ভ কৰা ২৩ টা ম’বাইল মেডিকেল ইউনিট (MMU) আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ (DAJGUA) অধীনত অতিৰিক্ত ৩০ টা এমএমইউ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় উদ্যমিতাক প্ৰোৎসাহনৰ বাবে ৩০০ টা বন ধন বিকাশ কেন্দ্ৰ (VDVK) আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসৰ্গিত প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত ১০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন পথৰ আধাৰশিলা স্থাপন কৰে আৰু পিএম জনমানৰ অধীনত কমিউনিটি হাব হিচাপে কাম কৰিবলৈ ১০০ টা বহুমুখী কেন্দ্ৰ (MPC)ৰ আধাৰশিলা স্থাপন কৰে। লগতে জনজাতীয় শিশুসকলৰ বাবে গুণগত শিক্ষাৰ অংগীকাৰক অধিক আগুৱাই নি ১,১১০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ২৫ খন অতিৰিক্ত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিন্ন উন্নয়নমূলক প্ৰকল্পত অনুমোদনো জনায়। ইয়াৰ ভিতৰত আছে পিএম জনমানৰ অধীনত প্ৰায় ৫০০ কোটি টকা মূল্যৰ ২৫,০০০ নতুন আৱাস আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA)ৰ অধীনত ১৯৬০ কোটিৰো অধিক টকা মূল্যৰ ১.১৬ লাখ আৱাস; পিএম জনমানৰ অধীনত ৬৬ টা হোষ্টেল আৰু ডিএজেজিইউএ ৰ অধীনত ৩০৪ টা হোষ্টেল; পিএম জনমানৰ অধীনত ৫০ টা নতুন বহু-মুখী কেন্দ্ৰ, ৫৫ টা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু ৬৫ টা অংগনৱাড়ী কেন্দ্ৰ; ৬ টা চেন্টাৰ অৱ কম্পিটেন্সি ফৰ ছিকল চেল এনিমিয়া এলিমিনেচনৰ লগতে ডিএজেজিইউএ ৰ অধীনত আশ্ৰম বিদ্যালয়, হোষ্টেল, চৰকাৰী আৱাসিক বিদ্যালয় আদিৰ উন্নীতকৰণৰ বাবে ৩৩০ টা প্ৰকল্প, যাৰ মূল্য প্ৰায় ৫০০ কোটি টকা।

 

Click here to read full text speech

  • Vivek Kumar Gupta January 04, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta January 04, 2025

    नमो .............................🙏🙏🙏🙏🙏
  • Vishal Seth December 17, 2024

    💐
  • கார்த்திக் December 08, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌹 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌹🌹 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌹🌸
  • JYOTI KUMAR SINGH December 08, 2024


  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️🕉️
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️
  • கார்த்திக் December 04, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌺 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌺🌺 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌺🌹
  • DEBASHIS ROY December 04, 2024

    🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
  • DEBASHIS ROY December 04, 2024

    joy hind joy bharat
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game

Media Coverage

Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
In future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
February 21, 2025
QuoteThe School of Ultimate Leadership (SOUL) will shape leaders who excel nationally and globally: PM
QuoteToday, India is emerging as a global powerhouse: PM
QuoteLeaders must set trends: PM
QuoteIn future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
QuoteIndia needs leaders who can develop new institutions of global excellence: PM
QuoteThe bond forged by a shared purpose is stronger than blood: PM

His Excellency,

भूटान के प्रधानमंत्री, मेरे Brother दाशो शेरिंग तोबगे जी, सोल बोर्ड के चेयरमैन सुधीर मेहता, वाइस चेयरमैन हंसमुख अढ़िया, उद्योग जगत के दिग्गज, जो अपने जीवन में, अपने-अपने क्षेत्र में लीडरशिप देने में सफल रहे हैं, ऐसे अनेक महानुभावों को मैं यहां देख रहा हूं, और भविष्य जिनका इंतजार कर रहा है, ऐसे मेरे युवा साथियों को भी यहां देख रहा हूं।

साथियों,

कुछ आयोजन ऐसे होते हैं, जो हृदय के बहुत करीब होते हैं, और आज का ये कार्यक्रम भी ऐसा ही है। नेशन बिल्डिंग के लिए, बेहतर सिटिजन्स का डेवलपमेंट ज़रूरी है। व्यक्ति निर्माण से राष्ट्र निर्माण, जन से जगत, जन से जग, ये किसी भी ऊंचाई को प्राप्त करना है, विशालता को पाना है, तो आरंभ जन से ही शुरू होता है। हर क्षेत्र में बेहतरीन लीडर्स का डेवलपमेंट बहुत जरूरी है, और समय की मांग है। और इसलिए The School of Ultimate Leadership की स्थापना, विकसित भारत की विकास यात्रा में एक बहुत महत्वपूर्ण और बहुत बड़ा कदम है। इस संस्थान के नाम में ही ‘सोल’ है, ऐसा नहीं है, ये भारत की सोशल लाइफ की soul बनने वाला है, और हम लोग जिससे भली-भांति परिचित हैं, बार-बार सुनने को मिलता है- आत्मा, अगर इस सोल को उस भाव से देखें, तो ये आत्मा की अनुभूति कराता है। मैं इस मिशन से जुड़े सभी साथियों का, इस संस्थान से जुड़े सभी महानुभावों का हृदय से बहुत-बहुत अभिनंदन करता हूं। बहुत जल्द ही गिफ्ट सिटी के पास The School of Ultimate Leadership का एक विशाल कैंपस भी बनकर तैयार होने वाला है। और अभी जब मैं आपके बीच आ रहा था, तो चेयरमैन श्री ने मुझे उसका पूरा मॉडल दिखाया, प्लान दिखाया, वाकई मुझे लगता है कि आर्किटेक्चर की दृष्टि से भी ये लीडरशिप लेगा।

|

साथियों,

आज जब The School of Ultimate Leadership- सोल, अपने सफर का पहला बड़ा कदम उठा रहा है, तब आपको ये याद रखना है कि आपकी दिशा क्या है, आपका लक्ष्य क्या है? स्वामी विवेकानंद ने कहा था- “Give me a hundred energetic young men and women and I shall transform India.” स्वामी विवेकानंद जी, भारत को गुलामी से बाहर निकालकर भारत को ट्रांसफॉर्म करना चाहते थे। और उनका विश्वास था कि अगर 100 लीडर्स उनके पास हों, तो वो भारत को आज़ाद ही नहीं बल्कि दुनिया का नंबर वन देश बना सकते हैं। इसी इच्छा-शक्ति के साथ, इसी मंत्र को लेकर हम सबको और विशेषकर आपको आगे बढ़ना है। आज हर भारतीय 21वीं सदी के विकसित भारत के लिए दिन-रात काम कर रहा है। ऐसे में 140 करोड़ के देश में भी हर सेक्टर में, हर वर्टिकल में, जीवन के हर पहलू में, हमें उत्तम से उत्तम लीडरशिप की जरूरत है। सिर्फ पॉलीटिकल लीडरशिप नहीं, जीवन के हर क्षेत्र में School of Ultimate Leadership के पास भी 21st सेंचुरी की लीडरशिप तैयार करने का बहुत बड़ा स्कोप है। मुझे विश्वास है, School of Ultimate Leadership से ऐसे लीडर निकलेंगे, जो देश ही नहीं बल्कि दुनिया की संस्थाओं में, हर क्षेत्र में अपना परचम लहराएंगे। और हो सकता है, यहां से ट्रेनिंग लेकर निकला कोई युवा, शायद पॉलिटिक्स में नया मुकाम हासिल करे।

साथियों,

कोई भी देश जब तरक्की करता है, तो नेचुरल रिसोर्सेज की अपनी भूमिका होती ही है, लेकिन उससे भी ज्यादा ह्यूमेन रिसोर्स की बहुत बड़ी भूमिका है। मुझे याद है, जब महाराष्ट्र और गुजरात के अलग होने का आंदोलन चल रहा था, तब तो हम बहुत बच्चे थे, लेकिन उस समय एक चर्चा ये भी होती थी, कि गुजरात अलग होकर के क्या करेगा? उसके पास कोई प्राकृतिक संसाधन नहीं है, कोई खदान नहीं है, ना कोयला है, कुछ नहीं है, ये करेगा क्या? पानी भी नहीं है, रेगिस्तान है और उधर पाकिस्तान है, ये करेगा क्या? और ज्यादा से ज्यादा इन गुजरात वालों के पास नमक है, और है क्या? लेकिन लीडरशिप की ताकत देखिए, आज वही गुजरात सब कुछ है। वहां के जन सामान्य में ये जो सामर्थ्य था, रोते नहीं बैठें, कि ये नहीं है, वो नहीं है, ढ़िकना नहीं, फलाना नहीं, अरे जो है सो वो। गुजरात में डायमंड की एक भी खदान नहीं है, लेकिन दुनिया में 10 में से 9 डायमंड वो है, जो किसी न किसी गुजराती का हाथ लगा हुआ होता है। मेरे कहने का तात्पर्य ये है कि सिर्फ संसाधन ही नहीं, सबसे बड़ा सामर्थ्य होता है- ह्यूमन रिसोर्स में, मानवीय सामर्थ्य में, जनशक्ति में और जिसको आपकी भाषा में लीडरशिप कहा जाता है।

21st सेंचुरी में तो ऐसे रिसोर्स की ज़रूरत है, जो इनोवेशन को लीड कर सकें, जो स्किल को चैनेलाइज कर सकें। आज हम देखते हैं कि हर क्षेत्र में स्किल का कितना बड़ा महत्व है। इसलिए जो लीडरशिप डेवलपमेंट का क्षेत्र है, उसे भी नई स्किल्स चाहिए। हमें बहुत साइंटिफिक तरीके से लीडरशिप डेवलपमेंट के इस काम को तेज गति से आगे बढ़ाना है। इस दिशा में सोल की, आपके संस्थान की बहुत बड़ी भूमिका है। मुझे ये जानकर अच्छा लगा कि आपने इसके लिए काम भी शुरु कर दिया है। विधिवत भले आज आपका ये पहला कार्यक्रम दिखता हो, मुझे बताया गया कि नेशनल एजुकेशन पॉलिसी के effective implementation के लिए, State Education Secretaries, State Project Directors और अन्य अधिकारियों के लिए वर्क-शॉप्स हुई हैं। गुजरात के चीफ मिनिस्टर ऑफिस के स्टाफ में लीडरशिप डेवलपमेंट के लिए चिंतन शिविर लगाया गया है। और मैं कह सकता हूं, ये तो अभी शुरुआत है। अभी तो सोल को दुनिया का सबसे बेहतरीन लीडरशिप डेवलपमेंट संस्थान बनते देखना है। और इसके लिए परिश्रम करके दिखाना भी है।

साथियों,

आज भारत एक ग्लोबल पावर हाउस के रूप में Emerge हो रहा है। ये Momentum, ये Speed और तेज हो, हर क्षेत्र में हो, इसके लिए हमें वर्ल्ड क्लास लीडर्स की, इंटरनेशनल लीडरशिप की जरूरत है। SOUL जैसे Leadership Institutions, इसमें Game Changer साबित हो सकते हैं। ऐसे International Institutions हमारी Choice ही नहीं, हमारी Necessity हैं। आज भारत को हर सेक्टर में Energetic Leaders की भी जरूरत है, जो Global Complexities का, Global Needs का Solution ढूंढ पाएं। जो Problems को Solve करते समय, देश के Interest को Global Stage पर सबसे आगे रखें। जिनकी अप्रोच ग्लोबल हो, लेकिन सोच का एक महत्वपूर्ण हिस्सा Local भी हो। हमें ऐसे Individuals तैयार करने होंगे, जो Indian Mind के साथ, International Mind-set को समझते हुए आगे बढ़ें। जो Strategic Decision Making, Crisis Management और Futuristic Thinking के लिए हर पल तैयार हों। अगर हमें International Markets में, Global Institutions में Compete करना है, तो हमें ऐसे Leaders चाहिए जो International Business Dynamics की समझ रखते हों। SOUL का काम यही है, आपकी स्केल बड़ी है, स्कोप बड़ा है, और आपसे उम्मीद भी उतनी ही ज्यादा हैं।

|

साथियों,

आप सभी को एक बात हमेशा- हमेशा उपयोगी होगी, आने वाले समय में Leadership सिर्फ Power तक सीमित नहीं होगी। Leadership के Roles में वही होगा, जिसमें Innovation और Impact की Capabilities हों। देश के Individuals को इस Need के हिसाब से Emerge होना पड़ेगा। SOUL इन Individuals में Critical Thinking, Risk Taking और Solution Driven Mindset develop करने वाला Institution होगा। आने वाले समय में, इस संस्थान से ऐसे लीडर्स निकलेंगे, जो Disruptive Changes के बीच काम करने को तैयार होंगे।

साथियों,

हमें ऐसे लीडर्स बनाने होंगे, जो ट्रेंड बनाने में नहीं, ट्रेंड सेट करने के लिए काम करने वाले हों। आने वाले समय में जब हम Diplomacy से Tech Innovation तक, एक नई लीडरशिप को आगे बढ़ाएंगे। तो इन सारे Sectors में भारत का Influence और impact, दोनों कई गुणा बढ़ेंगे। यानि एक तरह से भारत का पूरा विजन, पूरा फ्यूचर एक Strong Leadership Generation पर निर्भर होगा। इसलिए हमें Global Thinking और Local Upbringing के साथ आगे बढ़ना है। हमारी Governance को, हमारी Policy Making को हमने World Class बनाना होगा। ये तभी हो पाएगा, जब हमारे Policy Makers, Bureaucrats, Entrepreneurs, अपनी पॉलिसीज़ को Global Best Practices के साथ जोड़कर Frame कर पाएंगे। और इसमें सोल जैसे संस्थान की बहुत बड़ी भूमिका होगी।

साथियों,

मैंने पहले भी कहा कि अगर हमें विकसित भारत बनाना है, तो हमें हर क्षेत्र में तेज गति से आगे बढ़ना होगा। हमारे यहां शास्त्रों में कहा गया है-

यत् यत् आचरति श्रेष्ठः, तत् तत् एव इतरः जनः।।

यानि श्रेष्ठ मनुष्य जैसा आचरण करता है, सामान्य लोग उसे ही फॉलो करते हैं। इसलिए, ऐसी लीडरशिप ज़रूरी है, जो हर aspect में वैसी हो, जो भारत के नेशनल विजन को रिफ्लेक्ट करे, उसके हिसाब से conduct करे। फ्यूचर लीडरशिप में, विकसित भारत के निर्माण के लिए ज़रूरी स्टील और ज़रूरी स्पिरिट, दोनों पैदा करना है, SOUL का उद्देश्य वही होना चाहिए। उसके बाद जरूरी change और रिफॉर्म अपने आप आते रहेंगे।

|

साथियों,

ये स्टील और स्पिरिट, हमें पब्लिक पॉलिसी और सोशल सेक्टर्स में भी पैदा करनी है। हमें Deep-Tech, Space, Biotech, Renewable Energy जैसे अनेक Emerging Sectors के लिए लीडरशिप तैयार करनी है। Sports, Agriculture, Manufacturing और Social Service जैसे Conventional Sectors के लिए भी नेतृत्व बनाना है। हमें हर सेक्टर्स में excellence को aspire ही नहीं, अचीव भी करना है। इसलिए, भारत को ऐसे लीडर्स की जरूरत होगी, जो Global Excellence के नए Institutions को डेवलप करें। हमारा इतिहास तो ऐसे Institutions की Glorious Stories से भरा पड़ा है। हमें उस Spirit को revive करना है और ये मुश्किल भी नहीं है। दुनिया में ऐसे अनेक देशों के उदाहरण हैं, जिन्होंने ये करके दिखाया है। मैं समझता हूं, यहां इस हॉल में बैठे साथी और बाहर जो हमें सुन रहे हैं, देख रहे हैं, ऐसे लाखों-लाख साथी हैं, सब के सब सामर्थ्यवान हैं। ये इंस्टीट्यूट, आपके सपनों, आपके विजन की भी प्रयोगशाला होनी चाहिए। ताकि आज से 25-50 साल बाद की पीढ़ी आपको गर्व के साथ याद करें। आप आज जो ये नींव रख रहे हैं, उसका गौरवगान कर सके।

साथियों,

एक institute के रूप में आपके सामने करोड़ों भारतीयों का संकल्प और सपना, दोनों एकदम स्पष्ट होना चाहिए। आपके सामने वो सेक्टर्स और फैक्टर्स भी स्पष्ट होने चाहिए, जो हमारे लिए चैलेंज भी हैं और opportunity भी हैं। जब हम एक लक्ष्य के साथ आगे बढ़ते हैं, मिलकर प्रयास करते हैं, तो नतीजे भी अद्भुत मिलते हैं। The bond forged by a shared purpose is stronger than blood. ये माइंड्स को unite करता है, ये passion को fuel करता है और ये समय की कसौटी पर खरा उतरता है। जब Common goal बड़ा होता है, जब आपका purpose बड़ा होता है, ऐसे में leadership भी विकसित होती है, Team spirit भी विकसित होती है, लोग खुद को अपने Goals के लिए dedicate कर देते हैं। जब Common goal होता है, एक shared purpose होता है, तो हर individual की best capacity भी बाहर आती है। और इतना ही नहीं, वो बड़े संकल्प के अनुसार अपनी capabilities बढ़ाता भी है। और इस process में एक लीडर डेवलप होता है। उसमें जो क्षमता नहीं है, उसे वो acquire करने की कोशिश करता है, ताकि औऱ ऊपर पहुंच सकें।

साथियों,

जब shared purpose होता है तो team spirit की अभूतपूर्व भावना हमें गाइड करती है। जब सारे लोग एक shared purpose के co-traveller के तौर पर एक साथ चलते हैं, तो एक bonding विकसित होती है। ये team building का प्रोसेस भी leadership को जन्म देता है। हमारी आज़ादी की लड़ाई से बेहतर Shared purpose का क्या उदाहरण हो सकता है? हमारे freedom struggle से सिर्फ पॉलिटिक्स ही नहीं, दूसरे सेक्टर्स में भी लीडर्स बने। आज हमें आज़ादी के आंदोलन के उसी भाव को वापस जीना है। उसी से प्रेरणा लेते हुए, आगे बढ़ना है।

साथियों,

संस्कृत में एक बहुत ही सुंदर सुभाषित है:

अमन्त्रं अक्षरं नास्ति, नास्ति मूलं अनौषधम्। अयोग्यः पुरुषो नास्ति, योजकाः तत्र दुर्लभः।।

यानि ऐसा कोई शब्द नहीं, जिसमें मंत्र ना बन सके। ऐसी कोई जड़ी-बूटी नहीं, जिससे औषधि ना बन सके। कोई भी ऐसा व्यक्ति नहीं, जो अयोग्य हो। लेकिन सभी को जरूरत सिर्फ ऐसे योजनाकार की है, जो उनका सही जगह इस्तेमाल करे, उन्हें सही दिशा दे। SOUL का रोल भी उस योजनाकार का ही है। आपको भी शब्दों को मंत्र में बदलना है, जड़ी-बूटी को औषधि में बदलना है। यहां भी कई लीडर्स बैठे हैं। आपने लीडरशिप के ये गुर सीखे हैं, तराशे हैं। मैंने कहीं पढ़ा था- If you develop yourself, you can experience personal success. If you develop a team, your organization can experience growth. If you develop leaders, your organization can achieve explosive growth. इन तीन वाक्यों से हमें हमेशा याद रहेगा कि हमें करना क्या है, हमें contribute करना है।

|

साथियों,

आज देश में एक नई सामाजिक व्यवस्था बन रही है, जिसको वो युवा पीढी गढ़ रही है, जो 21वीं सदी में पैदा हुई है, जो बीते दशक में पैदा हुई है। ये सही मायने में विकसित भारत की पहली पीढ़ी होने जा रही है, अमृत पीढ़ी होने जा रही है। मुझे विश्वास है कि ये नया संस्थान, ऐसी इस अमृत पीढ़ी की लीडरशिप तैयार करने में एक बहुत ही महत्वपूर्ण भूमिका निभाएगा। एक बार फिर से आप सभी को मैं बहुत-बहुत शुभकामनाएं देता हूं।

भूटान के राजा का आज जन्मदिन होना, और हमारे यहां यह अवसर होना, ये अपने आप में बहुत ही सुखद संयोग है। और भूटान के प्रधानमंत्री जी का इतने महत्वपूर्ण दिवस में यहां आना और भूटान के राजा का उनको यहां भेजने में बहुत बड़ा रोल है, तो मैं उनका भी हृदय से बहुत-बहुत आभार व्यक्त करता हूं।

|

साथियों,

ये दो दिन, अगर मेरे पास समय होता तो मैं ये दो दिन यहीं रह जाता, क्योंकि मैं कुछ समय पहले विकसित भारत का एक कार्यक्रम था आप में से कई नौजवान थे उसमें, तो लगभग पूरा दिन यहां रहा था, सबसे मिला, गप्पे मार रहा था, मुझे बहुत कुछ सीखने को मिला, बहुत कुछ जानने को मिला, और आज तो मेरा सौभाग्य है, मैं देख रहा हूं कि फर्स्ट रो में सारे लीडर्स वो बैठे हैं जो अपने जीवन में सफलता की नई-नई ऊंचाइयां प्राप्त कर चुके हैं। ये आपके लिए बड़ा अवसर है, इन सबके साथ मिलना, बैठना, बातें करना। मुझे ये सौभाग्य नहीं मिलता है, क्योंकि मुझे जब ये मिलते हैं तब वो कुछ ना कुछ काम लेकर आते हैं। लेकिन आपको उनके अनुभवों से बहुत कुछ सीखने को मिलेगा, जानने को मिलेगा। ये स्वयं में, अपने-अपने क्षेत्र में, बड़े अचीवर्स हैं। और उन्होंने इतना समय आप लोगों के लिए दिया है, इसी में मन लगता है कि इस सोल नाम की इंस्टीट्यूशन का मैं एक बहुत उज्ज्वल भविष्य देख रहा हूं, जब ऐसे सफल लोग बीज बोते हैं तो वो वट वृक्ष भी सफलता की नई ऊंचाइयों को प्राप्त करने वाले लीडर्स को पैदा करके रहेगा, ये पूरे विश्वास के साथ मैं फिर एक बार इस समय देने वाले, सामर्थ्य बढ़ाने वाले, शक्ति देने वाले हर किसी का आभार व्यक्त करते हुए, मेरे नौजवानों के लिए मेरे बहुत सपने हैं, मेरी बहुत उम्मीदें हैं और मैं हर पल, मैं मेरे देश के नौजवानों के लिए कुछ ना कुछ करता रहूं, ये भाव मेरे भीतर हमेशा पड़ा रहता है, मौका ढूंढता रहता हूँ और आज फिर एक बार वो अवसर मिला है, मेरी तरफ से नौजवानों को बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद।