আজি আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত হোৱা ভয়াবহ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ টুইট কৰি কয়, “আজি আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত হোৱা ভয়াবহ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাত মই শোকস্তব্ধ হৈ পৰিছো। নিহতসকলৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো।”
তেওঁ লগতে কয়, “এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক শীঘ্ৰে আশু-আৰোগ্যও কামনা কৰিছো মই।”
उत्तर प्रदेश के आगरा-लखनऊ एक्सप्रेसवे पर हुई सड़क दुर्घटना से गहरा दुख पहुंचा है। इस हादसे में कई यात्रियों को अपनी जान गंवानी पड़ी है। दुख की इस घड़ी में मेरी संवेदनाएं पीड़ित परिवारों के साथ हैं। हादसे में जो घायल हुए हैं, मैं उनके शीघ्र स्वस्थ होने की कामना करता हूं: PM
— PMO India (@PMOIndia) February 13, 2020