তেওঁলোকে ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰীত্বত সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে
তেওঁলোকে পৰম্পৰাগত উৎপাদনৰ লগতে অৰ্ধপৰিবাহী, বৈদ্যুতিক বাহন, সেউজ আৰু পৰিষ্কাৰ শক্তিৰ দৰে আধুনিক ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে
ভাৰতীয় যুৱচামৰ বাবে জাপানী ভাষাৰ প্ৰশিক্ষণসহ সামৰ্থবৰ্ধনৰ প্ৰশিক্ষণৰ বিষয়েও আলোচনা কৰা হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী নুকাগা ফুকুশ্বিৰো আৰু জাপানৰ সংসদৰ সদস্য আৰু মুখ্য জাপানী কোম্পানীসমূহক প্ৰতিনিধিত্ব কৰা ব্যৱসায়িক নেতাসহ তেওঁৰ প্ৰতিনিধি দলক আদৰণী জনায়। বৈঠকত ভাৰত-জাপানৰ মাজত সংসদীয় আদান-প্ৰদানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়।

তেওঁলোকে ২০২২-২৭ বৰ্ষৰ বাবে ভাৰত আৰু জাপানৰ মাজত নিৰ্ধাৰিত ৫ ট্ৰিলিয়ন জাপানী য়েন বিনিয়োগৰ বৰ্তমানৰ লক্ষ্যত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে আৰু ২০২৭ চনৰ পাছতো ব্যৱসায় আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে পৰম্পৰাগত উৎপাদনৰ (মনজুকুৰি) লগতে অৰ্ধপৰিবাহী, বৈদ্যুতিক বাহন, সেউজ আৰু পৰিষ্কাৰ শক্তিৰ দৰে আধুনিক ক্ষেত্ৰত কেনেদৰে সহযোগিতা শক্তিশালী কৰিব পাৰি তাৰ ওপৰতো চিন্তা-চৰ্চা কৰে। বৈঠকত ধবজাবাহী মুম্বাই আহমেদাবাদ হাই স্পীড ৰে’ল প্ৰকল্পৰ সফলতা আৰু সময় মতে সম্পূৰ্ণ হোৱাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

শ্ৰী নুকাগাই ভাৰত আৰু জাপানে নেক্সটজেন কৰ্মচাৰীসকলক বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ দিয়ে, যাৰ ভিতৰত আছে জাপানী ভাষা, সংস্কৃতি আৰু কৰ্ম পদ্ধতিত প্ৰশিক্ষণ লোৱা। এই প্ৰচেষ্টাবোৰত ব্যক্তিগত খণ্ডৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে জাপানৰ পৰা অধিক বিনিয়োগ আৰু প্ৰযুক্তিৰ বাবে ভাৰতত গ্ৰহণ কৰা অনুকূল ব্যৱসায়িক পৰিৱেশ আৰু সংস্কাৰৰ বিষয়ে উল্লেখ কৰে আৰু এই প্ৰচেষ্টাসমূহৰ বাবে ভ্ৰমণকাৰী প্ৰতিনিধি দলটোক ভাৰত চৰকাৰে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs

Media Coverage

Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2025
March 12, 2025

Appreciation for PM Modi’s Reforms Powering India’s Global Rise