প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথমটো সাক্ষাৎ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বায়ান প্ৰাসাদত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে সাদৰ সম্ভাষনেৰে আদৰি আনে।

 

|

দুয়োখন দেশৰ মাজৰ ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক সুঁৱৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণ কৰাৰ লগতে সুদৃঢ় কৰি তোলাৰ বাবে তেওঁলোকৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয়।

কুৱেইটত ১০ লাখৰো অধিক শক্তিশালী ভাৰতীয় সমুদায়ৰ লোকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মহামহিম আমিৰক ধন্যবাদ জনায়। মহামহিম আমিৰে কুৱেইটৰ উন্নয়নত ভাৰতীয় সমুদায়ৰ অনবদ্য অৱদানৰ বাবে শলাগ লয়।

 

|

প্ৰধানমন্ত্ৰীয়ে কুৱেইটে নিজৰ ভিজন ২০৩৫ লাভৰ বাবে ৰূপায়ণ কৰা নতুন পদক্ষেপক প্ৰশংসা কৰে আৰু চলিত মাহৰ আৰম্ভণিতে জিচিচি শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে মহামহিম আমিৰক অভিনন্দন জনায়। ইফালে, আগদিনা আৰব উপসাগৰীয় কাপৰ উদ্বোধনী সভাত ‘সন্মানীয় অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। আনফালে, মহামহিম আমিৰে কুৱেইট আৰু উপসাগৰীয় অঞ্চলত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ বাবে শলাগ লয়। কুৱেইটৰ ভিজন ২০৩৫ বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ বৰ্ধিত অংশীদাৰীত্ব আৰু অৱদানৰ বাবেও আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়েও মহামহিম আমিৰক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়

 

 

  • kranthi modi February 22, 2025

    ram ram 🚩🙏 modi ji🙏
  • Vivek Kumar Gupta February 12, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 12, 2025

    नमो .................................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Dr Swapna Verma February 06, 2025

    jay shree Ram
  • Yash Wilankar January 29, 2025

    Namo 🙏
  • Priya Satheesh January 20, 2025

    🐻
  • amar nath pandey January 11, 2025

    Jai ho
  • ram Sagar pandey January 08, 2025

    ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माँ विन्ध्यवासिनी👏🌹💐जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
FSSAI trained over 3 lakh street food vendors, and 405 hubs received certification

Media Coverage

FSSAI trained over 3 lakh street food vendors, and 405 hubs received certification
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 আগষ্ট 2025
August 11, 2025

Appreciation by Citizens Celebrating PM Modi’s Vision for New India Powering Progress, Prosperity, and Pride