পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টোনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলাৰ কাৰিছক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

 

|

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি কাৰিছে ভাৰত আৰু ইষ্টোনিয়াৰ মাজত শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সম্পৰ্ক গণতন্ত্ৰ, আইনৰ শাসন, স্বাধীনতা আৰু বহুত্ববাদৰ মূল্যবোধৰ প্ৰতি তেওঁলোকৰ পাৰস্পৰিক সমৰ্পণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে বুলিও দুয়োগৰাকীয়ে সহমত পোষণ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, আই টি আৰু ডিজিটেল, সংস্কৃতি, পৰ্যটন, আৰু জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণত সন্তুষ্টি প্ৰকাশ কৰে। চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইষ্টোনিয়া চৰকাৰ আৰু তাৰ ব্যৱসায়ীসকলক ভাৰতৰ বিকাশে আনি দিয়া সুযোগসমূহৰ সুবিধা আদায় কৰিবলৈ আহ্বান জনায় আৰু লগতে ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপৰ সুবিধা ল’বলৈও উৎসাহিত কৰে।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰেক্ষাপটতো ভাৰত-ইষ্টোনিয়া অংশীদাৰিত্বৰ গুৰুত্বৰ কথা উল্লেখ কৰে দুয়োগৰাকী নেতাই। ভাৰত-নৰ্ডিক-বাল্টিক ফৰ্মেটত মন্ত্ৰী পৰ্যায়ৰ বিভিন্ন দিশৰ আদান-প্ৰদানৰ আৰম্ভণিক দুয়োগৰাকী নেতাই আদৰণি জনায়। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহ, আৰু ৰাষ্ট্ৰসংঘত সহযোগিতাৰ ওপৰতো মত বিনিময় কৰে।

 

|

ভাৰত আৰু ইষ্ট’নিয়াৰ মাজত ক্ৰমবৰ্ধমান সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কত সন্তুষ্টি প্ৰকাশ কৰে দুয়োগৰাকী নেতাই। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ইষ্টোনিয়াত যোগৰ জনপ্ৰিয়তাৰো শলাগ লয়।

 

  • Sekukho Tetseo March 29, 2025

    Elon Musk say's - I am a FAN of MODI.
  • Prasanth reddi March 21, 2025

    జై బీజేపీ జై మోడీజీ 🪷🪷🙏
  • Jitendra Kumar March 21, 2025

    🙏🇮🇳
  • ABHAY March 15, 2025

    नमो सदैव
  • Vivek Kumar March 08, 2025

    namo
  • கார்த்திக் March 03, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏🏻
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • Vivek Kumar Gupta February 28, 2025

    नमो ..🙏🙏🙏🙏🙏
  • khaniya lal sharma February 27, 2025

    ♥️🇮🇳♥️🇮🇳
  • ram Sagar pandey February 26, 2025

    🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹जय श्रीराम 🙏💐🌹🌹🌹🙏🙏🌹🌹ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves $2.7 billion outlay to locally make electronics components

Media Coverage

Cabinet approves $2.7 billion outlay to locally make electronics components
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2025
March 29, 2025

Citizens Appreciate Promises Kept: PM Modi’s Blueprint for Progress