প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাটা ছনছৰ শীৰ্ষ বিষয়ববীয়াৰ দল আৰু পিএছএমচিক সাক্ষাৎ কৰে। তেওঁলোকৰ আলোচনাত অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পসমূহৰ শেহতীয়া স্থিতি সন্দৰ্ভত গুৰুত্ব দিয়া হয়। পিএছএমচিয়ে ভাৰতত ইয়াৰ ক্ষেত্ৰ আৰু অধিক সম্প্ৰসাৰণৰ বাবে উৎসাহ প্ৰকাশ কৰে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“টাটা ছনছ আৰু পিএছএমচিৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে এক সুন্দৰ বৈঠকত মিলিত হ’লো। তেওঁলোকে তেওঁলোকৰ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পৰ শেহতীয়া স্থিতি শ্বেয়াৰ কৰে। পিএছএমচিয়ে ভাৰতত ইয়াৰ ক্ষেত্ৰ আৰু অধিক সম্প্ৰসাৰণৰ বাবে উৎসাহ প্ৰকাশ কৰে।”
Had a great meeting with the leadership team of Tata Sons and PSMC. They shared updates on their Semiconductor manufacturing projects. PSMC expressed enthusiasm to further expand its footprint in India. pic.twitter.com/uyriq9qiLb
— Narendra Modi (@narendramodi) September 26, 2024