প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা ছিহামনিয়ে দুয়োখন ৰাজ্যৰ মাজত গভীৰ সভ্যতাকেন্দ্ৰিক সম্পৰ্ক, শক্তিশালী সাংস্কৃতিক আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত গুৰুত্ব আৰোপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজাক সামৰ্থ্য গঢ় দিয়াকে ধৰি বিভিন্ন ক্ষেত্ৰত কম্বোদিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ভাৰতৰ সংকল্পৰ আশ্বাস দিয়ে৷ মহামহিম ৰজাই ভাৰতৰ প্ৰধানমন্ত্ৰীক চলিত উন্নয়নমূলক সহযোগিতাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে৷