Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা মোৰ বাৰ্তালাপে মোক স্বাস্থ্য, উন্নয়ন আৰু জলবায়ুৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আগতকৈ অধিক আশাবাদী কৰি তুলিছেঃবিল গেটছ
Quoteপ্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে কো-উইন বিশ্বৰ বাবে এক আদৰ্শ, আৰু মই এই কথাৰ সৈতে একমতঃ বিল গেটছ
Quoteযেতিয়া আমি উদ্ভাৱনত বিনিয়োগ কৰোঁ, তেতিয়া কি কি সম্ভৱ হৈ পৰে সেয়া ভাৰতে দেখুৱাইছেঃবিল গেটছ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত বিল গেটছক সাক্ষাৎ কৰে।

শ্ৰী গেটছৰ এটা টুইটৰ উত্তৰত, য'ত তেওঁ তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত তেওঁৰ 'টোকা' শ্বেয়াৰ কৰিছিল, প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"@BillGatesক সাক্ষাৎ কৰি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি আনন্দিত হৈছোঁ। এক উন্নত আৰু অধিক বহনক্ষম গ্ৰহ গঢ়ি তোলাৰ বাবে তেওঁৰ বিনম্ৰতা আৰু আগ্ৰহ স্পষ্টভাৱে দৃশ্যমান।"

বিল গেটছে কয়, "মই এই সপ্তাহ ভাৰতত আছোঁ, স্বাস্থ্য, জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ইয়াত চলি থকা অভিনৱ কামৰ বিষয়ে শিকিছোঁ। যি সময়ত বিশ্বত ভালেমান প্ৰত্যাহ্বান আছে, সেই সময়ত ভাৰতৰ দৰে এক গতিশীল আৰু সৃষ্টিশীল স্থান ভ্ৰমণ কৰাটো অনুপ্ৰেৰণাদায়ক।"

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকক তেওঁৰ ভ্ৰমণৰ মুখ্য আকৰ্ষণ বুলি অভিহিত কৰি শ্ৰী গেটছে কয়, "প্ৰধানমন্ত্ৰী মোদী আৰু মই বিশেষকৈ কোভিড-১৯ ভেকছিন বিকশিত কৰা আৰু ভাৰতৰ স্বাস্থ্য ব্যৱস্থাত বিনিয়োগৰ ক্ষেত্ৰত যোগাযোগ ৰক্ষা কৰি আছোঁ। ভাৰতৰ যথেষ্ট সুৰক্ষিত, কাৰ্যকৰী আৰু সুলভ ভেকছিন নিৰ্মাণ কৰাৰ এক আশ্চৰ্যজনক ক্ষমতা আছে, যাৰ কিছুমান গেটছ ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থিত। ভাৰতত উৎপাদিত ভেকছিনে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে আৰু সমগ্ৰ বিশ্বৰ অন্যান্য ৰোগ প্ৰতিৰোধ কৰিছে।"

মহামাৰীৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয়, "নতুন জীৱন ৰক্ষাকাৰী সঁজুলি প্ৰস্তুত কৰাৰ উপৰিও, ভাৰতেও সেইবোৰ সৰবৰাহ কৰাতো উৎকৃষ্ট-ইয়াৰ জনস্বাস্থ্য ব্যৱস্থাই ২.২ বিলিয়নতকৈও অধিক কোভিড ভেকছিন প্ৰদান কৰিছে। তেওঁলোকে কো-উইন নামৰ এক অপেন ছৰ্চ প্লেটফৰ্ম সৃষ্টি কৰিছিল, যিয়ে মানুহক কোটি কোটি ভেকছিন এপইণ্টমেণ্টৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিছিল আৰু টিকাকৰণ কৰা সকলক ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। ভাৰতৰ সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীক সমৰ্থন কৰিবলৈ এই মঞ্চখন এতিয়া সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে কো-উইন হৈছে বিশ্বৰ বাবে এক আদৰ্শ আৰু মই এই কথাত একমত।"

ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰি বিল গেটছে কয়, "মহামাৰীৰ সময়ত ভাৰতে ২০০ নিযুত মহিলাকে ধৰি ৩০০ নিযুত লোকলৈ জৰুৰীকালীন ডিজিটেল পৰিশোধ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছিল। ই কেৱল সম্ভৱ হৈছিল কিয়নো ভাৰতে বিত্তীয় অন্তৰ্ভুক্তিক অগ্ৰাধিকাৰ দিছে, ডিজিটেল আইডি প্ৰণালীত বিনিয়োগ কৰিছে (যাক আধাৰ বুলি কোৱা হয়) আৰু ডিজিটেল বেংকিঙৰ বাবে উদ্ভাৱনী মঞ্চ সৃষ্টি কৰিছে। উল্লেখ্য যে বিত্তীয় অন্তৰ্ভুক্তি হৈছে এক চমৎকাৰ বিনিয়োগ।"

শ্ৰী গেটছে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰপ্লেন, জি-২০ সভাপতিত্ব, শিক্ষা, উদ্ভাৱন, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বাজৰাৰ প্ৰতি আগ্ৰহ আদিৰ দৰে ভাৰতৰ সাফল্যৰ কথাও উল্লেখ কৰে।

শ্ৰী গেটছে সামৰণিত কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা মোৰ বাৰ্তালাপে মোক স্বাস্থ্য, উন্নয়ন আৰু জলবায়ুৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আগতকৈ অধিক আশাবাদী কৰি তুলিছে। যেতিয়া আমি উদ্ভাৱনত বিনিয়োগ কৰোঁ, তেতিয়া কি কি সম্ভৱ হৈ পৰে সেয়া ভাৰতে দেখুৱাইছে। মই আশা কৰোঁ যে ভাৰতে এই অগ্ৰগতি অব্যাহত ৰাখিব আৰু ইয়াৰ উদ্ভাৱনসমূহ বিশ্বৰ সৈতে ভাগ বতৰা কৰিব।"

 

  • shrawan Kumar March 31, 2024

    जय हो
  • Rajesh Ranjan March 08, 2023

    Amazing Again now So Love ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ You all
  • Raj kumar Das March 07, 2023

    चौतरफ़ा विकास 💪💪 भारत माता की जय🚩🚩
  • Ram Naresh Jha March 06, 2023

    भारत और भारतीय विश्व विजय आदरणीय प्रधानमंत्री महोदय जी आपको शत् शत् नमन करते हैं भारत और भारतीय विश्व जन मानस राष्ट्रीय हित सर्वोपरि होना चाहिए। भारत और भारतीय को भ्रष्टाचार मुक्त प्रशासन होना चाहिए। भारत और भारतीय एक से पांच, पांच से पच्चीस और पच्चीस से एक सौ पच्चीस का चेन सिस्टम बनाया जाय। 🙏🌹🕉️🚩🪔🔯❤️🏹🇮🇳🇮🇳🏹❤️🔯🪔🚩🕉️🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
  • Ram Naresh Jha March 06, 2023

    भारत और भारतीय विश्व विजय आदरणीय प्रधानमंत्री महोदय जी आपको शत् शत् नमन करते हैं भारत और भारतीय विश्व जन मानस राष्ट्रीय हित सर्वोपरि होना चाहिए। 🙏🌹🕉️🚩🪔🔯❤️🏹🇮🇳🇮🇳🏹❤️🔯🪔🚩🕉️🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
  • Ram Naresh Jha March 06, 2023

    बाबा बैद्यनाथ की जय । ये मनोकामना लिंग है इनकी महिमा असीम हैं । 🙏🌹🕉️🚩🪔🔯❤️🏹🇮🇳🇮🇳🏹❤️🔯🪔🚩🕉️🌹🙏🙏🙏🙏🙏🙏🙏
  • Ram Naresh Jha March 06, 2023

    भारत और भारतीय विश्व विजय भव:🙏🪔🚩🕉️🌹🙏
  • Atul Kumar Mishra 230131 March 06, 2023

    जय श्री राम
  • Atul Kumar Mishra 230131 March 06, 2023

    भारत माता की जय
  • Bhupendra Singh Bisht March 05, 2023

    जब पाकिस्तान में भूख से बिलखते लोग देखता हूँ, जब वो कैमरे पर आ कर कहते हैं की अब 2 वक़्त की रोटी भी नसीब नहीं हो रही, आटा 150 का भी नहीं मिल रहा और प्याज तक 250-260/किलो मिल रहें हैं, पेट्रोल 272 का लीटर है मुझे तरस आने की बजाये अपने वो बुज़ुर्ग याद आ जाते हैं जिनके घर लूटे गए, जिनकी औरतें छीन ली गयीं, जिनके भाई और बच्चे मार दिए गए, जिनका घर ज़मीन जायदाद सब ख़त्म हर दिए गए. हमारे मंदिरों में गौ काटी गयीं, हिन्दू पुरुषों और महिलाओं को ज़बरदस्ती मुसलमान किया गया, जिस ज़मीन पर हमारी देवी जैसी माँओं को निर्वस्त्र कर परेड निकाली गयी, ये सब उसी की बद्दुआओं का नतीजा है!! श्री राम जी का न्याय दिख रहा है 🙏🏻
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond