তেওঁ মেট্ৰোত ফ্ৰীডম পাৰ্ক মেট্ৰো ষ্টেচনৰ পৰা খাপৰী মেট্ৰো ষ্টেচনলৈকে যাত্ৰা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'নাগপুৰ মেট্ৰো পৰ্যায়-১' ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু খাপৰী মেট্ৰো ষ্টেচনত 'নাগপুৰ মেট্ৰো পৰ্যায়-২'ৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীয়ে খাপৰীৰ পৰা অটোমটিভ স্কোৱেৰ আৰু প্ৰজাপতি নগৰৰ পৰা লোকমান্য নগৰলৈকে প্ৰথমবাৰ চলা দুখন মেট্ৰো ট্ৰেইনক সেউজীয়া পতাকাও দেখুৱায়। নাগপুৰ মেট্ৰোৰ প্ৰথম পৰ্যায় ৮৬৫০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হৈছে, ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায় ৬৭০০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে ফ্ৰীডম পাৰ্ক মেট্ৰো ষ্টেচনৰ পৰা নাগপুৰ মেট্ৰোত যাত্ৰা কৰি খাপৰী মেট্ৰো ষ্টেচন পায়গৈ। ফ্ৰীডম পাৰ্ক মেট্ৰো ষ্টেচনত মেট্ৰোত আৰোহণ কৰাৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে নাগপুৰ মেট্ৰো ৰে'ল পৰিকল্পনা আৰু 'সপনো সে বেহতৰ' প্ৰদৰ্শনীৰ অৱলোকন কৰে। প্ৰধানমন্ত্ৰীয়ে এএফচি গেটত নিজৰ কাৰণে এটা ই-টিকট কিনে আৰু ছাত্ৰ-ছাত্ৰী তথা নাগৰিক আৰু বিষয়াসকলৰ সৈতে যাত্ৰা কৰে। তেওঁ যাত্ৰাৰ সময়ছোৱাত সেই লোকসকলৰ সৈতে বাৰ্তালাপো কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"মই নাগপুৰ মেট্ৰোৰ প্ৰথম পৰ্যায়ৰ উদ্ঘাটনত নাগপুৰৰ জনসাধাৰণক অভিনন্দন জনাইছো। মই দুখন মেট্ৰো ট্ৰেইনক সেউজীয়া পতাকা দেখুৱাওঁ আৰু মেট্ৰোত যাত্ৰাও কৰিলো। এই মেট্ৰো আৰামদায়ক আৰু সুবিধাজনক।"

 

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves minimum support price for Copra for the 2025 season

Media Coverage

Cabinet approves minimum support price for Copra for the 2025 season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ডিচেম্বৰ 2024
December 21, 2024

Inclusive Progress: Bridging Development, Infrastructure, and Opportunity under the leadership of PM Modi