Quoteভি.ও. চিদাম্বৰানাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে
Quote১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইটহাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে
Quoteভাৰতৰ প্ৰথম থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজ মুকলি কৰে
Quoteবিভিন্ন ৰেল আৰু পথ প্ৰকল্প উৎসৰ্গা কৰে
Quote"তামিলনাডুয়ে থুথুকুডিত প্ৰগতিৰ এক নতুন অধ্যায় লিখিছে"
Quote"আজি দেশখনে 'চৰকাৰ সমগ্ৰ ' দৃষ্টিভংগীৰে কাম কৰি আছে"
Quote"যোগাযোগ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই জীৱনধাৰণৰ সূচলতা বৃদ্ধি কৰিছে" "সামুদ্ৰিক খণ্ডৰ বিকাশৰ অৰ্থ হৈছে তামিলনাডুৰ দৰে এখন ৰাজ্যৰ বিকাশ"
Quote"একেলগে 75 টা স্থানত উন্নয়ন, এয়া হৈছে নতুন ভাৰত"
Quoteপ্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেওঁ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইট হাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে। তেওঁ ভাঞ্চি মানিয়াচ্চি- তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।

 

|

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ পৰিকল্পনাৰ অংশ হিচাপে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা কিছুসংখ্যক প্ৰকল্প মুকলিৰ লগে লগে তামিলনাডুৰ থুথুকুডিত প্ৰগতিৰ এক নতুন অধ্যায় ৰচিত হৈছে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা প্ৰত্যক্ষ কৰিব পাৰি। যদিও প্ৰকল্পসমূহ থুথুকুডিত এইসমূহে সমগ্ৰ ভাৰতৰ একাধিক স্থানত উন্নয়নত গতি প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ যাত্ৰাত তামিলনাডুৰ ভূমিকাৰ বিষয়ে দোহাৰে। তেওঁ ২ বছৰ আগতে তেওঁৰ ভ্ৰমণৰ কথা সোঁৱৰে যত তেওঁ চিদাম্বৰনাৰ বন্দৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে বহুতো প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল আৰু ইয়াক জাহাজ চলাচলৰ এক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে "সেই গেৰাণ্টি আজি পূৰণ কৰা হৈছে"। ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোত ৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব। আজি ৯০০ কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰা হৈছে আৰু ১৩ টা বন্দৰত ২৫০০ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহে তামিলনাডুক লাভান্বিত কৰিব আৰু ৰাজ্যখনত নিযুক্তিৰ পথ সৃষ্টি কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বৰ্তমান চৰকাৰে জনসাধাৰণৰ দাবী অনুসৰি উন্নয়নমূলক প্ৰকল্পসমূহ মুকলি কৰাৰ বিপৰীতে পূৰ্বৰ চৰকাৰসমূহে কেতিয়াও তেওঁলোকৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল। "মই অঞ্চলটোৰ সেৱাৰ বাবে আৰু ইয়াৰ ভাগ্য সলনি কৰিবলৈ তামিলনাডুলৈ আহিছো", প্ৰধানমন্ত্ৰীয়ে কয়।

হৰিত নৌকা পদক্ষেপ অধীনত ভাৰতৰ প্ৰথমহাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক কাশীৰ বাবে তামিলনাডুৰ জনসাধাৰণৰ উপহাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁ কাশী তামিল সঙ্গমত তামিলনাডুৰ লোকসকলৰ উৎসাহ আৰু মৰম প্ৰত্যক্ষ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰক দেশৰ প্ৰথম সেউজ হাইড্ৰজেন হাব বন্দৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আন বিভিন্ন প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে এক ডিচেলিনেচন প্ৰকল্প, হাইড্ৰজেন উৎপাদন, আৰু বাংকাৰিং সুবিধা। "বিশ্বই আজি অন্বেষণ কৰি থকা বিকল্পসমূহৰ ক্ষেত্ৰত তামিলনাডু বহুদূৰ আগবাঢ়িব", তেওঁ কয়। 

 

প্ৰধানমন্ত্ৰীয়ে আজিৰ ৰে'ল আৰু পথ উন্নয়ন প্ৰকল্পৰ ওপৰতো আলোকপাত কৰি কয় যে ৰে'ল লাইনৰ বৈদ্যুতিকীকৰণ আৰু দ্বৈতকৰণে দক্ষিণ তামিলনাডু আৰু কেৰালাৰ মাজত যোগাযোগ অধিক উন্নত কৰাৰ লগতে তিৰুনেলভেলি আৰু নাগৰকইল খণ্ডৰ ভিৰ হ্ৰাস কৰিব। তেওঁ আজি ৪,০০০ কোটি টকাৰ অধিক মূল্যৰ তামিলনাডুত পথৰ আধুনিকীকৰণৰ বাবে চাৰিটা মুখ্য প্ৰকল্পৰ কথাও উল্লেখ কৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে ই যোগাযোগ উন্নত কৰাৰ লগতে ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ উপৰি ৰাজ্যখনত বাণিজ্য আৰু পৰ্যটনক উৎসাহিত কৰিব।

 

|

নতুন ভাৰতৰ চৰকাৰ সমগ্ৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তামিলনাডুত উন্নত যোগাযোগ আৰু উন্নত সুযোগ সৃষ্টিৰ বাবে পথ, ঘাইপথ আৰু জলপথ বিভাগে কাম কৰি আছে। সেয়েহে, ৰে'ল, পথ আৰু সামুদ্ৰিক প্ৰকল্পসমূহ একেলগে আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বহু-আৰ্হিযুক্ত পদ্ধতিয়ে ৰাজ্যখনৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে মন কি বাতৰ এটা খণ্ডত দেশৰ প্ৰধান লাইটহাউচসমূহক পৰ্যটন স্থলীলৈ বিকশিত কৰাৰ পৰামৰ্শৰ কথা স্মৰণ কৰে আৰু ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। "একেলগে ৭৫টা স্থানত উন্নয়ন, এয়া নতুন ভাৰত" বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনাগত সময়ত এই ৭৫খন ঠাই বৃহৎ পৰ্যটন কেন্দ্ৰ হৈ পৰিব।

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০ বছৰত তামিলনাডুত ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'ল প্ৰকল্প হাতত লোৱা হৈছে। লগতে ২০০০ কিলোমিটাৰ ৰে'ল বৈদ্যুতিকীকৰণ, উৰণ সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণ আৰু বহুতো ৰে'ল ষ্টেচনৰ উন্নীতকৰণ কৰা হয়। তেওঁ কয় যে ৰাজ্যখনত বিশ্বমানৰ ভ্ৰমণৰ অভিজ্ঞতা উপলব্ধ কৰোৱাৰ বাবে ৫খন বন্দে ভাৰত ৰে'ল চলি আছে। ভাৰত চৰকাৰে তামিলনাডুৰ পথ আন্তঃগাঁথনিত ১.৫ লাখ কোটি টকা বিনিয়োগ কৰিছে। যোগাযোগ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিছে বুলি তেওঁ কয়।

 

|

প্ৰধানমন্ত্ৰীয়ে কেইবা দশক ধৰি ভাৰতৰ জলপথ আৰু সামুদ্ৰিক খণ্ডৰ সৈতে হোৱা বৃহৎ প্ৰত্যাশাৰ কথা উল্লেখ কৰি কয় যে এই খণ্ডসমূহ আজি বিকশিত ভাৰতৰ ভেটি হৈ পৰিছে আৰু সমগ্ৰ দক্ষিণ ভাৰতৰ সৈতে তামিলনাডু ইয়াৰ জৰিয়তে সৰ্বাধিক উপকৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিনিটা মুখ্য বন্দৰ আৰু ১২ খনতকৈও অধিক সৰু বন্দৰ সন্দৰ্ভত আলোকপাত কৰে আৰু দক্ষিণৰ সকলো ৰাজ্যৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ অৰ্থ হৈছে তামিলনাডুৰ দৰে এখন ৰাজ্যৰ উন্নয়ন", প্ৰধানমন্ত্ৰীয়ে বিগত দশকত ভি.ও. চিদাম্বৰনাৰ বন্দৰত যান-বাহনৰ ৩৫ শতাংশ বৃদ্ধিৰ বিষয়ে অৱগত কৰি এইদৰে কয়। তেওঁ আৰু কৈছিল যে বন্দৰটোৱে যোৱা বছৰ ৩৮ নিযুত টন সামগ্ৰী সৰবৰাহৰ জৰিয়তে বাৰ্ষিক ১১ শতাংশ বৃদ্ধিৰ অভিলেখ সৃষ্টি কৰিছিল। "দেশৰ অন্যান্য মুখ্য বন্দৰসমূহতো একে ধৰণৰ ফলাফল দেখা যায়", প্ৰধানমন্ত্ৰী মোদীয়ে সাগৰমালাৰ দৰে প্ৰকল্পৰ ভূমিকাক প্ৰশংসা কৰি এইদৰে কয়।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে জলপথ আৰু সামুদ্ৰিক খণ্ডত নতুন অভিলেখ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰিছিল যে ৰছদপাতি প্ৰদৰ্শন সূচকত ভাৰতৰ স্থান ৩৮ নম্বৰলৈ উন্নীত হোৱাৰ লগতে বন্দৰৰ ক্ষমতা এটা দশকত দুগুণলৈ বৃদ্ধি হৈছে। তেওঁ লগতে কয় যে এই সময়ছোৱাত ৰাষ্ট্ৰীয় জলপথত আঠগুণ বৃদ্ধি হৈছে আৰু প্ৰমোদতৰীৰ যাত্ৰীৰ সংখ্যা চাৰিগুণ বৃদ্ধি পোৱাৰ উপৰি নাবিকসকলৰ সংখ্যা দুগুণ হৈছে। এই পদক্ষেপসমূহে তামিলনাডু আৰু আমাৰ যুৱপ্ৰজন্মক নিশ্চয় লাভান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। "মই নিশ্চিত যে তামিলনাডু উন্নয়নৰ পথত আগবাঢ়িব আৰু মই আপোনাক গেৰাণ্টি দিছো যে যেতিয়া ৰাষ্ট্ৰই আমাক তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিব তেতিয়া মই আপোনাক নতুন উৎসাহেৰে সেৱা আগবঢ়াম।"

 

|

বৰ্তমানৰ ভ্ৰমণকালত তামিলনাডুৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মৰম, ভালপোৱা, উৎসাহ আৰু আশীৰ্বাদৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁ ৰাজ্যখনৰ উন্নয়নৰ সৈতে জনসাধাৰণৰ স্নেহৰ সমন্বয় ঘটাব।

শেষত প্ৰধানমন্ত্ৰীয়ে সকলোকে তেওঁলোকৰ ফোনলাইট অন কৰিবলৈ কয় আৰু তামিলনাডু তথা ভাৰত চৰকাৰে উন্নয়নৰ উৎসৱ উদযাপন কৰাৰ ইংগিত দিয়ে।

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান এই অনুষ্ঠানত উপস্থিত থাকে।

 

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। এই কণ্টেইনাৰ টাৰ্মিনেলটো ভি.ও.চিদাম্বৰানাৰ বন্দৰক পূব উপকূলৰ বাবে ট্ৰেন্সশিপমেণ্ট হাবলৈ ৰূপান্তৰ কৰাৰ দিশত এক পদক্ষেপ। এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতৰ দীঘল উপকূলীয় অঞ্চল আৰু অনুকূল ভৌগোলিক অৱস্থানৰ সুবিধা লোৱা আৰু বিশ্ব বাণিজ্য ক্ষেত্ৰত ভাৰতৰ প্ৰতিদ্বন্দ্বিতা শক্তিশালী কৰা। মুখ্য আন্তঃগাঁথনি প্ৰকল্পটোৱে অঞ্চলটোত নিযুক্তি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশো সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰক দেশৰ প্ৰথম সেউজ হাইড্ৰজেন হাব বন্দৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আন বিভিন্ন প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে ডিচেলিনেশ্যন প্ৰকল্প, হাইড্ৰজেন উৎপাদন, বাংকাৰিং সুবিধা ইত্যাদি।

 

|

প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা উদ্যোগৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। জাহাজখন কোচিন শিপইয়ৰ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু নিকা শক্তি বিকল্প গ্ৰহণ কৰা আৰু দেশত কাৰ্বন নিৰ্গমন শূণ্যলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰখাৰ উদ্দশ্যে এক অগ্ৰণী পদক্ষেপ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইটহাউচত পৰ্যটন সুবিধাও উৎসৰ্গা কৰে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাঞ্চি মানিয়াচ্চি-তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰায় ১,৪৭৭ কোটি টকা ব্যয়েৰে বিকশিত এই দ্বৈতকৰণ প্ৰকল্পটোৱে কন্যাকুমাৰী, নাগৰকইল আৰু তিৰুনেলভেলীৰ পৰা চেন্নাই অভিমুখে যোৱা ৰেলসমূহৰ ভ্ৰমণৰ সময় হ্ৰাস কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প উৎসৰ্গা কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে ৮৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ জিতন্দাহাল্লি-ধৰ্মপুৰী অংশ চাৰিশৰীয়া পথলৈ উন্নীতকৰণ, ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেনুৰূপ্তি-চিদাম্বৰম অংশ দুশৰীয়া পথলৈ উন্নীতকৰণ, ৮৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অডনচাট্ৰাম-মাদাথুকুলাম অংশ চাৰিশৰীয়া পথলৈ উন্নীতকৰণ তথা নাগাপট্টিনম-থাঞ্জাৱুৰ অংশ দুশৰীয়া পথলৈ উন্নীতকৰণ। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যোগাযোগ উন্নত কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা, আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা আৰু অঞ্চলটোত তীৰ্থভ্ৰমণৰ সুবিধা প্ৰদান কৰা।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Vijay bapu kamble August 31, 2024

    इचलकरंजी विधानसभा मतदारसंघ 279 बूथ प्रमुख भाजप बूथ क्रमांक 55 श्री विजय बापू कांबळे चंदुर भाजप कार्यकर्ता माननीय श्री पंतप्रधान नरेंद्र मोदी जी यांचे नमो ॲप ला मिळालेले गुण अकरा लाख गुण मिळाले आहेत
  • Vivek Kumar Gupta May 10, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta May 10, 2024

    नमो ....................................🙏🙏🙏🙏🙏
  • Pradhuman Singh Tomar April 30, 2024

    BJP
  • Krishna Jadon April 29, 2024

    BJP
  • B M S Balyan April 13, 2024

    विकसित ओर सुदृढ़ भारत। विकसित ओर सुदृढ़ भारत बनाने के लिए बहुत प्रयास करना पड़ेगा और बहुत मेहनत करनी पड़ेगी इस देश में समस्याएं बहुत है उन पर भी ध्यान देना है इस देश की शांति बनाए रखने के लिए भी बहुत मेहनत करनी है। यहां पर अहंकार की बहुत बड़ी प्रॉब्लम है हर किसी को अहंकार है उसे डेवलपमेंट से कोई मतलब नहीं है अगर उनकी अहंकार बीच में आ जाती है तो वह डेवलपमेंट को नहीं चाहते। इस देश में गद्दारों की भी कमी नहीं है यहां पर घरों में एजेंट बैठे हैं जो नौकरी करते है बिजनेस करते हैं पर उन लोगों के सम्बन्ध अभी भी बाहरी ताकतों से जुड़े हैं यह वह समय है जब हम कुछ सही कर सकते हैं अगर समय चला गया तो बहुत मुश्किल हो जाएगी जो भी हमने मेहनत करी है इस देश में सब बेकार हो जायेगी। समस्याओं की कमी नहीं है कोई ना कोई ना कोई समस्या चलती रहती है और उन समस्याओं को खत्म करते हे तो दूसरी समस्या पैदा हो जाती है अभी भी बहुत सारी सुविधाओं की जरूरत है पापुलेशन पर कंट्रोल होना बहुत जरूरी है। गांव में अभी भी बहुत सारी सुविधाओं का आना बाकी है गांव को मॉडर्न बनाना है बेसिक सुविधाओं से उनको पूरा करना है ।गांव को भी वर्ल्ड क्लास सुविधा प्रदान करनी है । गांव में टेक्नोलॉजी का उपयोग करना हैं एडवांस टेक्नोलॉजी और कंप्यूटर सेंटर खोलने जरूरी है जिससे कि गांव के नागरिक भी आगे आने चाहिए और देश में क्या डेवलपमेंट हो रहा है उसको वह समझ सके ओर आगे बड़ सके। गांव में सुरक्षा की भी एक प्रॉब्लम है उसको भी बढ़ाना है जिससे कि गांव का व्यक्ति भी सुरक्षित महसूस करें और उसे भी लगे कि मैं यहां एक सुरक्षित भारत का नागरिक हूं और एक नए भारत का नागरिक हूं। उनके लिए भी हमें हेल्प सेंटर खोलने है जहां पर वह कानून की सुविधा प्राप्त कर सके ऑनलाइन जिससे वह तुरंत सहायता ले सके। किसानों के लिए केंद्र खोलने हैं जहां पर वह अपनी लागत को कम करने का तरीका सीख सके अपनी फसल को बढ़ाने का तरीका सीख सके अपनी फसल को बेचने का तरीका सीख सके और ऐसे सेंटर खोलने जहां पर उनकी फसल आराम से बिक जाए और हर गांव को एक सलाहकार दिया जाएगा जो उन को एडवाइज करें ओर इस बात की गारंटी दे की फसल को हम खरीदेंगे और इतने दामों पर खरीदेंगे उनके लिए मॉनिटरिंग सिस्टम बनाया जाए वाटर हार्वेस्टिंग सिस्टम बनाया जाए और एक हेल्प सेंटर खोला जाए जो इन सब चीजों के लिए जिम्मेदार हो और किसानों को आगे बढ़ाने में जिम्मेदारी लें। सुरक्षा की गारंटी दी जाए आज तक किसी पार्टी ने सुरक्षा की गारंटी नहीं दिए पर भाजपा ने दि सभी पार्टी बड़ी-बड़ी बात करती है बोलती भी है पर सुरक्षा नहीं देती हम आपको सुरक्षा भी दे रहे हैं स्वास्थ्य बीमा भी दे रहे हैं फसल बीमा भी दे रहे है सुविधा भी दे रहे हैं तो उसके लिए मॉनिटरिंग सिस्टम भी प्रदान कर रहे हैं जहां पर आप अपनी शिकायत दर्ज कर सकते हैं और बता सकते हैं कि आपको यह सुविधा अभी तक नहीं मिली। अगर कहीं कोई आपसे रिश्वत मांगी जा रही है उसकी आप कंप्लेंट कर सके वह भी ऑनलाइन हो जाए जिस की फ्यूचर में भविष्य में इसका संज्ञान लिया जा सके। सुरक्षा की कमी की वजह से इस देश में अभी भी बहुत सारे लोग आजाद देश में रहते हुए भी गुलाम की तरह ही रहे हैं जो अपनी बातों को खुलकर नहीं बता पाते या कानून की सहायताएं उन्हें पूर्ण रूप से नहीं मिल पाती करप्शन अपना रूप बदलता रहता है उसके लिए हमें पब्लिक के सपोर्ट की जरूरत है पब्लिक ही सबसे पहले बता सकती है कि कहां पर क्या करप्शन है और क्यों है इसके लिए पब्लिक पोर्टल बनाई गई है जनसुनवाई केंद्र खोले गए हैं कंप्लेंट करना जरूरी है इस चीज को खत्म करने में गवर्नमेंट की सहायता कर सकते हैं। अभी भी हमें हर वर्ग के लिए काम करना है जो भी डेवलपमेंट हमने किए हैं वह अभी भी कम है अभी भी हमें बहुत से लोगों के लिए काम करना है और इस देश को वर्ल्ड क्लास देश बनाने के लिए बहुत कुछ करना बाकी है अभी भी बहुत सारी समस्याएं हैं हमने हर तरह की सुविधा जन-जन तक पहुंचने का प्रयास किया है फिर भी अभी बहुत सारी जगह ऐसी हैं जहां अभी भी समस्या है वहां पर अभी और प्रयास करने की और उन सुविधाओं को और बेहतर बनाने की हमारे को जरूरत है कोशिश करनी है। सुविधा हमने प्रदान कराई हे वो उज्जवला योजना, महिला सम्मान, कन्या योजना कन्या शादी समारोह, प्रेगनेंसी मे मेडिकल की सुविधा, आयुष्मान हेल्थ कार्ड, घरों की योजना, स्वच्छता अभियान, जल योजना, जनधन योजना है पर अभी भी बहुत सारी समस्या बाकी है जो योजना हमने बनाई है टेक्नोलॉजी को उपयोग करके यह सब देखना है कि मॉनिटर करना कि हमारी योजना कहां-कहां तक पहुंच चुकी है और अभी भी कितने लोगों तक पहुंची नहीं है बाकी है। हर तरह की वर्ल्ड क्लास सूविधा प्रदान करने की योजनाएं गांव गांव कस्बे कस्बे तक यह सुविधा पहुंचाई जाएगी। उद्योग धंधों को हर आदमी की पहुंच तक लाना है उनको शिक्षित करना है उनको तरीके सीखने हे की कैसे वो अपना रोजगार शुरू कर सके। कैसे वह अपने उद्योग शुरू कर सके और किस तरह से वह सरकार से उद्योग चलाने में सहायता प्राप्त कर सकते हैं किस तरह से उन्हें लोन मिल सकता है यह सब चीज अभी भी पहुंचानी बाकी है सिखानी बाकी उसके लिए हमें मॉनिटरिंग सिस्टम बनाने हैं मॉनिटरिंग सिस्टम और कंट्रोल सिस्टम के थ्रू हमें हर आदमी तक इन सुविधाओं को पहुंचना है टेक्नोलॉजी का उपयोग करना है। हर आदमी को सुरक्षा की गारंटी देनी है कुछ भी गलत होने पर उसकी जिम्मेदारी हमारी होगी यूपी को आप देख सकते हैं किसी भी समूह की ज़ोर जबर्दस्ती नहीं चलती है कोई भी व्यक्ति विशेष समूह अपनी मन मर्जी नहीं चला सकता है अगर कोई चलाएगा और कानून के खिलाफ जाकर या कानून का पालन किये बिना अगर कोई भी व्यक्ति ऐसा करेगा तो जेल जाएगा चाहे वह कोई भी हो। उस पर गलत बोलने की या गलत करने की हिम्मत नहीं है किसी को भी हिम्मत नहीं है अगर कोई करेगा तो उसको हम सबक सिखाएंगे जिससे कि वह या कोई और दोबारा से ऐसी कोई गलती ना करें या करने की कोई और कोशिश ना करें। हमें हर वर्ग के लिए काम करना है हमारे पास अभी भी बहुत सारी योजनाएं हैं जिससे कि हर वर्ग के पास हर तरह की सुविधा पहूचाई जा सके और जीवन को आसान बना सके अब हमारा फोकस रहेगा कि आम जनता का जीवन आसान कैसे बन जाए उनकी भविष्य को सुनहरा कैसा बनाया जाए उनके जीवन को सरल कैसा बनाया जाए हर तरह की सुविधाएं हर आदमी तक कैसे पहुंचा जाए ।मोटरसाइकिल, कार, एसी वाला घर यह सब सुविधाएं हर आदमी तक कैसे पहुंचे उनकी सोर्स आफ इनकम कैसे बढ़ेगी कमाई का जरिए कैसे बढ़ाए इन सब चीजों पर हमें फोकस करना होगा इन सब पर फोकस करना होगा हमें अभी भी बहुत काम करना है हमें अभी भी गरीब लोगों के लिए काम करना है हमें अभी भी पिछडे लोगों के लिए काम करना है हमें अभी भी मिडिल क्लास और सर्विस क्लास लोगों के लिए काम करना है हर वर्ग के लोगों तक सुविधा पहुंचानी है जिससे कि उनकी लाइफ सरल हो सके हमें अभी भी कुछ ऐसा करना है जिससे कि लोगों की सोर्स आफ इनकम बन सके उनकी कमाई का जरिया हमेशा के लिए बन जाए उनको उस चीज की टेंशन ना रहे हैं कि वह कल क्या करेंगे कैसे काम आएंगे और किस तरह से उनका जीवन निकलेगा उनके लिए हमें काम करना है। करप्शन को जीरो करना है करप्शन को हमेशा हमेशा के लिए खत्म करना है जिससे की मेहनत करने वालों की कमाई को कोई चालाक आदमी ना खा सके टेक्नोलॉजी का उपयोग करना है जिससे कि लोगों को हर सुविधा मिल सके और करप्शन फ्री देश बन सके जब पीस होगी सिक्योरिटी होगी तभी आप अपने टैलेंट का सही इस्तेमाल कर सकते हैं और जीरो करप्शन होगा तभी आप विश्वास कर सकते हैं कि आपका टैलेंट का सही उपयोग हो पाएगा और जब भी आप मेहनत करेंगे और आगे बढ़ेंगे और देश को भी आगे बढ़ाएंगे करप्शन को खत्म करने के लिए टेक्नोलॉजी का उपयोग करा जाएगा लोगों से मदद ली जाएगी । टेक्नोलॉजी का विकास करा जाएगा क्योंकि टेक्नोलॉजी आज के युग में बहुत जरूरी है एडवांस टेक्नोलॉजी का उपयोग करा जाएगा सेमीकंडक्टर का उपयोग करा जाएगा ऑटोमेशंस का उपयोग कर जाएगा ड्रोन का उपयोग कर जाएगा रोबोट का उपयोग करा जाएगा । जोब क्रिएट करे जाएंगे लोगों को नई टेक्नोलॉजी सिखाई जाएगी स्किल सेंटर्स ओपन कर जाएंगे हमें अपने देश को बेटर और बहुत बैटर बनाना है अब हमारा कंपटीशन डेवलपड कंट्रीज के साथ है। जय हिन्द जय भारत लेखक भूपेंद्र बालयाण
  • Shabbir meman April 10, 2024

    🙏🙏
  • Sunil Kumar Sharma April 09, 2024

    जय भाजपा 🚩 जय भारत
  • Jayanta Kumar Bhadra April 07, 2024

    Jai hind sir
  • Jayanta Kumar Bhadra April 07, 2024

    Jai Sri Krishna
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How the makhana can take Bihar to the world

Media Coverage

How the makhana can take Bihar to the world
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ফেব্ৰুৱাৰী 2025
February 25, 2025

Appreciation for PM Modi’s Effort to Promote Holistic Growth Across Various Sectors