QuotePeople engaged in pisciculture will benefit largely from Pradhan Mantri Matsya Sampada Yojana: PM
QuoteIt is our aim that in the next 3-4 years we double our production and give fisheries sector a boost: PM Modi
QuotePMMSY will pave the path for a renewed White revolution (dairy sector) and Sweet revolution (apiculture sector), says PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ মীন উৎপাদন, দুগ্ধ, পশু পালন আৰু কৃষিৰ অধ্যয়ন আৰু গৱেষণা সম্পৰ্কীয় বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীয়ে কয়, আজি শুভাৰম্ভ কৰা এই সকলোবোৰ আঁচনিৰ অভিপ্ৰায় হৈছে আমাৰ গাঁৱসমূহক শক্তিশালী কৰা আৰু ২১ শ শতিকাত ভাৰতক আত্ম-নিৰ্ভৰ (আত্ম-নিৰ্ভৰ ভাৰত) কৰি তোলা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মৎস্য সম্পদ যোজনাকো একে অভিপ্ৰায় আগত ৰাখি আৰম্ভ কৰা হৈছে। তেওঁ কয়, দেশখনৰ ২১ খন ৰাজ্যত ৰূপায়ণ কৰিবলগীয়া এই যোজনাৰ জৰিয়তে অহা ৪-৫ বছৰত ২০,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব। ইয়াৰ ভিতৰত, আজি ১৭০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে।

তেওঁ কয় যে এই আঁচনিখনৰ অধীনত পাটনা, পূৰ্ণিয়া, সীতামাৰ্হি, মাধেপুৰা, কৃষাণগঞ্জ আৰু সমস্তিপুৰত বহু ব্যৱস্থাৰ উদ্বোধন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই আঁচনিখনে নতুন আন্তঃগাঁথনি, আধুনিক সা-সৰঞ্জামৰ পথ প্ৰশস্ত কৰি তুলিব। সমান্তৰালভাৱে মৎস্য উৎপাদকসকলৰ বাবে নতুন বজাৰ মুকলি কৰাৰ সমান্তৰালভাৱে মৎস্য পালন আৰু অন্য ধৰণেৰে সুযোগ বৃদ্ধি কৰি তুলিব।

তেওঁ কয়, স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে, মীন ক্ষেত্ৰৰ অৰ্থে দেশখনত এখনি বলিষ্ঠ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে।

শ্ৰী মোদীয়ে কয়, এই খণ্ডটোৰ গুৰুত্ব অনুধাৱন কৰি আৰু মীন সম্পৰ্কীয় বিভিন্ন সমস্যাৰে বিশেষভাৱে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰত এটা পৃথক মন্ত্ৰালয় গঠন কৰা হয়। এই ব্যৱস্থাই মৎস্য পালন আৰু বিক্ৰীৰে জড়িত থকা আমাৰ মৎস্যজীৱী আৰু সতীৰ্থসকলক সহায় কৰিব।

ইয়াৰ জৰিয়তে অহা ৩-৪ বছৰত মাছৰ ৰপ্তানি দুগুণলৈ বৃদ্ধি কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে কেৱল মাত্ৰ মীন খণ্ডতে কেইবা নিযুত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। আজি এই খণ্ডৰ মোৰ বন্ধুসকলেৰে মত-বিনিময়ৰ পাছত, মোৰ বিশ্বাস বৃদ্ধি পাইছে।

|

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ পানীৰ উপলব্ধতাৰ ওপৰত মৎস্য পালন বহু পৰিমাণে নিৰ্ভৰ কৰে আৰু মিছন ক্লীন গংগাই ভৱিষ্যতে সহায় কৰিব। তেওঁ লগতে কয়, ইতিমধ্যে সম্পাদিত গংগা নদীৰ আশে-পাশে থকা অঞ্চলৰ নদী পৰিবহণৰ কামৰ জৰিয়তে মীন খণ্ড লাভান্বিত হৈছে। এই বৰ্ষৰ ১৫ আগষ্টত ঘোষণা কৰা মিছন ডলফিনেও মীন খণ্ডত প্ৰভাৱ বিস্তাৰ কৰিব।

প্ৰতিঘৰ গৃহস্থীলৈ বিশুদ্ধ খোৱা পানী যোগানেৰে বিহাৰ চৰকাৰে সম্পন্ন কৰা কাৰ্যৰ শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ৪-৫ বছৰত বিহাৰৰ মাত্ৰ ২% গৃহস্থীকহে পানী যোগান সংযোগ প্ৰদান কৰা হৈছিল আৰু এতিয়া বিহাৰৰ ৭০ শতাংশৰো অধিক গৃহস্থীয়ে বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, বিহাৰ চৰকাৰৰ এই প্ৰচেষ্টাত এতিয়া ভাৰত চৰকাৰৰ জল জীৱন অভিযানৰ বৰ্ধিত সহায়ৰ সংযোগ ঘটিছে।

তেওঁ কয় যে ক’ৰোনাৰ সময়তো, বিহাৰৰ ৬০ লাখ গৃহস্থীয়ে টেপৰপৰা পানী লাভ কৰাটো সুনিশ্চিত কৰা হৈছে আৰু দৰাচলতেই এইটো এটা বৃহৎ সফলতা। সংকটৰ সময়ছোৱাত আমাৰ গাঁৱসমূহত কিদৰে কাম-কাজ অব্যাহত আছে, ইয়াক তাৰ এটা উদাহৰণ হিচাপে আখ্য়ায়িত কৰি দেশখন স্তব্ধপ্ৰায় সময়ত এয়া লক্ষ্যণীয় বুলি কয়। তেওঁ কয় যে আমাৰ গাঁৱসমূহৰ এইটোৱেই শক্তি যে ক’ৰোনা সত্বেও বজাৰ, ডায়েৰীলৈ শস্য, ফল-মূল, শাক-পাচলি আৰু গাখীৰ আহিয়েই আছে। য’ত কোনো নাটনিৰ সৃষ্টি হোৱা নাই।

কেৱল এয়াই নহয়, এই জটিল পৰিস্থিতি সত্বেও ডায়েৰী উদ্যোগৰ বিক্ৰীৰ ক্ষেত্ৰত অভিলেখৰ সৃষ্টি হৈছে। তেওঁ অৱগত কৰে যে পিএম কিষাণ সন্মান নিধিৰ অধীনতো দেশখনৰ ১০ কোটিৰো অধিক কৃষকৰ বেংক একাউন্টলৈ প্ৰত্য়ক্ষভাৱে ধন হস্তান্তৰ কৰা হৈছে, বিশেষকৈ বিহাৰৰ প্ৰায় ৭৫ লাখ কৃষকে এই সুবিধা লাভ কৰিছে।

তেওঁ কয়, এই কাম প্ৰশংসনীয়ও কিয়নো বিহাৰে ক’ৰোনাৰ সমান্তৰালভাৱে বানপানীৰ বিভীষিকাৰো সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ কয় যে সাহাৰ্য্য অভিযান তীব্ৰগতিৰে সমাপনৰ অৰ্থে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়েই প্ৰচেষ্টা গ্ৰহণ কৰিছিল।

তেওঁ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযান আৰু বিনামূলীয়া ৰেচনৰ আঁচনিখনৰ লাভ-লাভ বিহাৰৰ প্ৰতিজন অভাৱী লোকৰে কাষ পোৱাত গুৰুত্ব আৰোপ কৰে আৰু বাহিৰৰপৰা স্বদেশলৈ ঘূৰি অহা প্ৰতিটো শ্ৰমিক পৰিয়ালেই যাতে ইয়াৰ সুবিধা ভোগ কৰে তাত গুৰুত্ব আৰোপ কৰি ইয়াৰ বাবেই বিনামূলীয়া ৰেচনৰ আঁচনিখন জুনৰ পাছত দীপাৱলী আৰু ষট পূজালৈ সম্প্ৰসাৰিত কৰা হৈছে বুলি কয়।

|

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা সংকটৰ বাবে মহানগৰসমূহৰপৰা বহু শ্ৰমিক ঘূৰি আহিবলগীয়া হৈছে আৰু তেওঁলোকে পশু পালনত ব্ৰতী হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ আৰু বিহাৰ চৰকাৰৰ বহু আঁচনিৰদ্বাৰা সহায় লাভ কৰিছে। তেওঁ কয় যে নকুন প্ৰডাক্ট, নতুন উদ্ভাৱনেৰে চৰকাৰখনে দেশৰ দুগ্ধ খণ্ডৰ সম্প্ৰসাৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ জৰিয়তে কৃষক আৰু পশু পালকসকলৰ আয় বৃদ্ধি পাইছে। ইয়াৰোপৰি, দেশখনত জীৱিকাৰ মানদণ্ড উন্নত কৰিবলৈ, স্বচ্ছতা বজাই ৰাখিবলৈ আৰু সু স্বাস্থ্য বৰ্তাই ৰাখিবলৈ তথা উপযুক্ত পুষ্টিকৰ খাদ্য লাভত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰোপৰি, পশুধনৰ গোৰোহা আৰু মুখৰ ৰোগৰ প্ৰতিকাৰ হিচাপে আজিয়েই ৫০ কোটিৰো অধিক পশুধনক সামৰি বিনামূলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰা হৈছে। জীৱ-জন্তুৰ খাদ্যৰ বাবে ভিন্ন আঁচনিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে দেশখনৰ উত্তম থলুৱা জাতৰ বিকাশ সাধনাৰ্থে মিচন গকুলৰ কাম অব্যাহত ৰখা হৈছে। এবছৰৰ পূৰ্বে সমগ্ৰ দেশতে এটা কৃত্ৰিম গৰ্ভধাৰণ কাৰ্যক্ৰমৰো সূচনা কৰা হৈছিল, আজি ইয়াৰ ১ম পৰ্যায়ৰ অন্ত পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মানসম্পন্ন থলাৱা জাতৰ বিকাশসাধনত বিহাৰ এটা মূল কেন্দ্ৰ হৈ উঠিছে। আজি ৰাষ্ট্ৰীয় গকুল মিচনৰ অধীনত পূৰ্ণিয়া, পাটনা আৰু বাৰাউনীত নিৰ্মাণ কৰা  আধুনিক ব্যৱস্থাৰ বাবে দুগ্ধ খণ্ডত বিহাৰ শক্তিশালী হ’বলৈ আগবাঢ়িছে। পূৰ্ণিয়াত নিৰ্মাণ কৰি উলিওৱা কেন্দ্ৰটো ভাৰতৰ অন্যতম সৰ্ববৃহৎ কেন্দ্ৰ। ই কেৱল বিহাৰেই নহয়, বৰঞ্চ পূব ভাৰতৰ এটা বৃহৎ অঞ্চলক ই লাভান্বিত কৰিব। তেওঁ লগতে কয় যে ‘বাচ্ছাউৰ’ আৰু ‘ৰেড পূৰ্ণিয়া’ৰ দৰে বিহাৰৰ থলুৱা জাতৰ বিকাশ সাধন আৰু সংৰক্ষণত এই কেন্দ্ৰটোৱে প্ৰভূত অৰিহণা যোগান ধৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সচৰাচৰ বছৰি এজনী গাই এ এটা পোৱালি জন্ম দিয়ে। কিন্তু, আইভিএফ প্ৰযুক্তিৰ সহায়ত, এবছৰত বহু পোৱালি জন্ম দিয়াটো সম্ভৱ হৈ উঠিছে। আমাৰ লক্ষ্য হৈছে প্ৰতিখন গাঁৱলৈ এই প্ৰযুক্তিৰ সুবিধা প্ৰসাৰ কৰা। তেওঁ কয় যে জীৱ-জন্তুৰ ভাল সঁচৰে, ইয়াৰ যতন সন্দৰ্ভত সঠিক বিজ্ঞানসন্মত তথ্যও সমানেই গুৰুত্বপূৰ্ণ। আজি শুভাৰম্ভ কৰা ই-গোপালা এপ হৈছে এটি অনলাইন ডিজিটেল মাধ্যম যাৰ জৰিয়তে কৃষকে উৎকৃষ্ট মানদণ্ডৰ পশুধন বাছনি কৰাত সহায়ক হৈ উঠিব আৰু যাৰ ফলত মধ্যভোগী দূৰ হ’ব। পশুধনৰ যতন, উৎপাদনশীলতা, ইয়াৰ স্বাস্থ্য আৰু দানা-পাতি সম্পৰ্কীয় সকলো তথ্য লাভ কৰাত কৃষক সমাজক সহায় কৰিব। তেওঁ তদুপৰি কয়, যেতিয়া এই কাৰ্য সম্পূৰ্ণ হৈ উঠিব, ই-গোপালা এপত জন্তুৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰাৰ লগে-লগে সংশ্লিষ্ট জীৱটোৰ সকলোখিনি তথ্য় লাভ কৰিব পৰা যাব। এই ব্যৱস্থাই পশুধনৰ ক্ৰয় আৰু বিক্ৰীত উভয় পক্ষকে সহায় কৰিব।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষি, পশু পালন আৰু মীনৰ দৰে খণ্ডসমূহৰ উন্নয়নসাধন ক্ষীপ্ৰতাৰে বৃদ্ধি পাবলৈ গাঁওসমূহত বিজ্ঞানসন্মত নীতি-নিয়ম পালন কৰা আৰু আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাটো প্ৰয়োজনীয়। কৃষি সম্পৰ্কীয় শিক্ষা আৰু গৱেষণাৰ কাৰণে বিহাৰ গুৰুত্বপূৰ্ণ ৰাজ্য হৈ আহিছে।

তেওঁ কয় যে কম সংখ্যক লোকেহে এই কথা জানে যে দিল্লীৰ পুছা ইনষ্টিটিউট নামটোৰ মূলতে হৈছে বিহাৰৰ সমস্তিপুৰৰ সমীপৱৰ্তী পুছা নামৰ চহৰখন। ঔপনিৱেশিক শাসনৰ সময়ছোৱাত, সমস্তিপুৰৰ পুছাত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। স্বাধীনতাৰ পাছত এই ধাৰা অব্যাহত ৰখাৰ বাবে ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু জননায়ক কৰ্পূৰী ঠাকুৰৰ দৰে দূৰদৰ্শী নেতাসকলক স্মৰণ কৰেষ

এই প্ৰচেষ্টাৰে অনুপ্ৰাণিত হৈ, ২০১৬ চনত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্য়ালয়ক এখনি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পাছতেই, বিশ্ববিদ্যালয়খনৰ আৰু ইয়াৰ অধীনস্থ মহাবিদ্য়ালয়সমূহৰ পাঠ্যক্ৰমৰ বিস্তৃত সম্প্ৰসাৰণ ঘটোৱা হয়। তেওঁ কয়, ইয়াৰোপৰি, স্কুল অৱ এগ্ৰি-বিজনেছ আৰু ৰুৰেল মেনেজমেন্টৰ এটা নতুন ভৱন মুকলি কৰা যায়। তদুপৰি, নতুন হোষ্টেল, ষ্টেডিয়াম আৰু অতিথিশালাও নিৰ্মাণ কৰা হয়।

কৃষি খণ্ডটোৰ আধুনিক প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি, ৫-৬ বছৰ পূৰ্বে মাত্ৰ এখনৰ তুলনাত শেহতীয়াভাৱে দেশখনত ৩ খন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। বিহাৰত প্ৰতিবছৰে হোৱা বানপানীৰপৰা কৃষিক ৰক্ষা কৰিবলৈ বিহাৰ মহাত্মা গান্ধী গৱেষণা কেন্দ্ৰ উদ্বোধন কৰা হৈছে। সমান্তৰালভাৱে, মতিপুৰত মাছৰ বাবে আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, মতিহাৰত পশু পালন আৰু দুগ্ধ উন্নয়ন কেন্দ্ৰৰ দৰে এনে বহু প্ৰতিষ্ঠানৰ আৰম্ভ কৰা হৈছে। যাৰ জৰিয়তে কৃষি আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্পন্ন হৈ উঠিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গাঁৱসমূহৰ সমীপতে খাদ্য সংসাধন উদ্যোগ আৰু গৱেষণা কেন্দ্ৰসমূহৰ ক্লাষ্টাৰ স্থাপন কৰিব পাৰিলে, আমি জয় কিষাণ, জয় বিজ্ঞান জয় অনুসাধন মন্ত্ৰটো বাস্তৱায়িত কৰি তুলিব পাৰিম।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশেষ আন্তঃগাঁথনি সৃষ্টি আৰু ভড়াল, শীতল ভড়াল আৰু আন ব্যৱস্থাৰ ৰূপায়ণ কৰিবলৈ এফপিঅ’, সমবায় গোটসমূহক সহায়ৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠন কৰিছে।

আনকি মহিলাৰ আত্ম সহায়ক গোটসমূহেও অধিক সহায় লাভ কৰিছে আৰু যোৱা ৬ বছৰত এটা ৩২ গুণ বৃদ্ধি পাইছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই প্ৰচেষ্টাৰ ফলত দেশৰ গাঁওসমূহ বিকাশৰ ইঞ্জিন হিচাপে চালিত হ’ব আৰু ভাৰতক আত্ম-নিৰ্ভৰশীল হৈ উঠাত সহায় কৰিব।

Click here to read full text speech

  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • kumarsanu Hajong September 25, 2024

    vikasit bharat 2047
  • Reena chaurasia September 08, 2024

    बीजेपी
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 03, 2023

    Jay shree Ram
  • Laxman singh Rana September 08, 2022

    नमो नमो 🇮🇳🌹🌹
  • Laxman singh Rana September 08, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 08, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav August 05, 2022

    नमस्ते
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs

Media Coverage

Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2025
March 24, 2025

Viksit Bharat: PM Modi’s Vision in Action