Quoteএই কঠিন সময়ত কোনো পৰিয়াল যাতে ভোকাতুৰে নাথাকে, সেয়া চোৱাটো আমাৰ কর্তব্যঃ প্রধানমন্ত্রী
Quoteপ্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি হিতাধিকাৰীলৈ আৰু দুমাহৰ বিনামূলীয়া খাদ্য-সামগ্ৰী, কেন্দ্রই এই আঁচনিৰ বাবে ২৬ হাজাৰ কোটিতকৈ অধিক টকাৰ ব্যয় কৰিছেঃ প্রধানমন্ত্রী
Quoteসকলো কেন্দ্রীয় নীতি আৰু উদ্যোগৰ মূল কেন্দ্রত আছে গাঁওসমূহঃ প্রধানমন্ত্রী
Quoteকেন্দ্রীয় চৰকাৰে পঞ্চায়তসমূহৰ বাবে ২.২৫ লাখ কোটি টকা আৱণ্টন কৰিছে, যাৰফলত পঞ্চায়তসমূহৰ কাম-কাজত আৰু অধিক স্বচ্ছতা আহিবঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।

|

প্রধানমন্ত্রীয়ে কয় যে পঞ্চায়তীৰাজ দিৱস এনে এক উপলক্ষ য’ত গ্রামীণ ভাৰতৰ পুনৰুত্থানত আমি নিজকে আত্মনিয়োগ কৰাৰ বাবে শপথ লও৷ এই দিনটো আমাৰ গাঁও পঞ্চায়তসমূহৰ অসাধাৰণ কামৰ স্বীকৃতি জনোৱাৰ মুহূর্ত।

ক’ৰোনা মোকাবিলা কৰা আৰু মাৰাত্মক এই ভাইৰাছৰ সংক্রমণ প্রতিৰোধত গাঁও পঞ্চায়ত তথা স্থানীয় নেতৃবৃন্দৰ ভূমিকাৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে এওঁলোকৰ সজাগতামূলক প্ৰচেষ্টাৰ বাবেই এই ভাইৰাছে গাঁওসমূহত বিয়পিব পৰা নাই৷ তেওঁ সজোৰে কয় যে মহামাৰীৰ এই বিভীষিকাৰ পৰা গ্রামীণ ভাৰতক আঁতৰাই ৰাখিব লাগিব৷ শ্রী মোদীয়ে পঞ্চায়ত প্রতিষ্ঠানসমূহক ক’ৰোনা সংকট মোকাবিলা কৰাৰ বাবে জাৰি কৰা নীতি-নির্দেশনাসমূহ উপযুক্তভাৱে কার্যকৰী কৰাৰ বাবে পৰামর্শ দিয়ে। তেওঁ কয় যে আমি এইটো সুনিশ্চিত কৰিব লাগিব যে গাঁৱৰ প্রতিগৰাকী মানুহে যেন ক’ৰোনাৰ টিকা লাভ কৰে আৰু প্রত্যেকেই যেন আগতীয়া সকলো সতর্কতামূলক ব্যৱস্থা মানি চলে৷

|

প্রধানমন্ত্রীয়ে কয় যে এই কঠিন সময়ত যাতে কোনো পৰিয়াল ভোকাতুৰে নাথাকে, সেয়া চোৱাটো আমাৰ কর্তব্য। তেওঁ কয় যে প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে প্রত্যেক দৰিদ্র মানুহক মে’ আৰু জুন মাহত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিব। এই আঁচনিৰ ফলত ৮০ কোটি হিতাধিকাৰী উপকৃত হ’ব আৰু কেন্দ্র চৰকাৰে এই শিতানত ২৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয় কৰিছে।

প্রধানমন্ত্রীয়ে জনায় যে এবছৰৰ ভিতৰত যি ৬খন ৰাজ্যত স্বামীত্ব আঁচনি ৰূপায়ণ কৰা হৈছিল তাৰ প্রভাৱ আৰম্ভ হৈছে। এই আঁচনিৰ অধীনত দ্রোণ প্রযুক্তিৰ মাধ্যমে সমগ্র গাঁৱৰ সম্পত্তিৰ সমীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিত্তিত মালিকানাধীন ব্যক্তিসকলৰ সম্পত্তি কার্ড প্ৰদান কৰা হয়। আজি ৫ হাজাৰতকৈও অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হৈছে। এই আঁচনি ৰূপায়ণৰ ফলত গাঁওসমূহত নতুন বিশ্বাসৰ সঞ্চাৰ হৈছে। ই-সম্পত্তি কার্ড সম্পত্তিৰ যিকোনো বিবাদ মীমাংসাৰ ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব। একেদৰে দৰিদ্র জনসাধাৰণক শোষণ আৰু দুর্নীতিৰ পৰা ৰক্ষা কৰিব। সাধাৰণ মানুহে ই-সম্পত্তি কার্ডৰ ফলত সহজে ঋণ সাহাৰ্য লাভ কৰিব। এই আঁচনিয়ে দৰিদ্র জনসাধাৰণৰ সম্পত্তিৰ নিৰাপত্তা যিদৰে সুনিশ্চিত কৰিব, সেইদৰেই গাঁওসমূহৰ সুপৰিকল্পিত উন্নয়ন আৰু আর্থিক বিকাশ ত্বৰান্বিত হ’ব বুলি প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে৷ শ্রী মোদীয়ে ৰাজ্যসমূহক ছার্ভে অফ ইণ্ডিয়াৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পৰামর্শ দিয়ে যাতে সমীক্ষা পৰিচালনাৰ কামত প্রয়োজন সাপেক্ষে ৰাজ্যিক পৰ্যায়ত আইনসমূহক প্রয়োজনীয় সংশোধন কৰিব পৰা যায়। প্রধানমন্ত্রীয়ে বেংকসমূহক সম্পত্তি কার্ডৰ ফৰমেট অনুসৰি সহজে ঋণ প্ৰদানৰ সুবিধা চালি-জাৰি চোৱাৰ নির্দেশ দিয়ে৷

|

প্রধানমন্ত্রীয়ে পুনৰ কয় যে অগ্রগতি আৰু সংস্কৃতিৰ ক্ষেত্রত আমাৰ গাঁওসমূহে সদায় অগ্রণী ভূমিকা পালন কৰি আহিছে। সেইবাবে সকলো কেন্দ্রীয় নীতি আৰু উদ্যোগৰ মূল কেন্দ্রত গাঁওসমূহকে ৰখা হৈছে৷ প্রধানমন্ত্রীয়ে কয় যে আমাৰ উদ্দেশ্য হ’ল আধুনিক ভাৰতৰ গাঁওসমূহক সক্ষম আৰু আত্মনির্ভৰ কৰি তোলা।

পঞ্চায়ত প্রতিষ্ঠানসমূহৰ ভূমিকা সম্প্রসাৰণত গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এতিয়া পঞ্চায়তসমূহ অগ্রগতিৰ নতুন উচ্চতাত উপনীত হৈছে আৰু ফাইবাৰ নেট ব্যৱস্থাৰ জৰিয়তে পঞ্চায়তসমূহক জড়িত কৰা হৈছে। জল জীৱন মিচনৰ অধীনত প্রতিটো পৰিয়ালত নলসংযোগী খোৱাপানীৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্রত পঞ্চায়তসমূহ ভূমিকা উল্লেখযোগ্য৷ একেদৰে, প্রতিগৰাকী দৰিদ্র লোকৰ বাবে পকী গৃহৰ ব্যৱস্থা অথবা কর্মসংস্থাপনৰ সুবিধা প্রদানৰ ক্ষেত্রত পঞ্চায়তসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে পঞ্চায়তসমূহক ক্রমৱর্ধমান আর্থিক স্বায়ত্ব শাসনৰ প্রসংগও উল্লেখ কৰে৷ এই প্রসংগত তেওঁ গাঁও পঞ্চায়তসমূহক ২.২৫ লাখ কোটি টকা মঞ্জুৰ দিয়া বুলি সদৰি কৰে৷ ইয়াৰ ফলত পঞ্চায়তসমূহৰ কাম-কজৰ হিচাপত স্বচ্ছতা আৰু অধিক বৃদ্ধি পাব৷ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ই-গাঁও স্বৰাজ আঁচনিৰ জৰিয়তে অনলাইন মাছুল পুৰণৰ ব্যৱস্থা আৰম্ভ কৰা বুলিও প্রধানমন্ত্রীয়ে অৱগত কৰে৷ ইয়াৰ ফলত গাঁও পঞ্চায়তৰ যিকোনো কাম-কাজত প্রাপ্য মাছুল পাৱলিক ফিনান্স মেনেজমেণ্ট ছিষ্টেম বা পিএফএমএছ ব্যৱস্থাৰ জৰিয়তে পুৰণ কৰা যাব। একেদৰে অনলাইন অডিট ব্যৱস্থা কার্যকৰী হ’লে আর্থিক স্বচ্ছতা আৰু অধিক বৃদ্ধি পাব। তেওঁ জনায় যে বহু পঞ্চায়তে ইতিমধ্যে পিএফএমএছ ব্যৱস্থাৰ সৈতে যুক্ত হৈছে। বাকী গাঁও পঞ্চায়তসমূহকোও তেওঁ যিমান পাৰি সোনকালে এই ব্যৱস্থাৰ সৈতে জড়িত হোৱাৰ পৰামর্শ দিয়ে।

ভাৰতৰ স্বাধীনতাৰ ৭৫তম বর্ষপূর্তিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে পঞ্চায়ত প্রতিষ্ঠানসমূহক প্ৰত্যাহ্বানকো নেওচি উন্নয়নৰ চকা গতিশীল কৰি ৰখাৰ পৰামর্শ দিয়ে। তেওঁ গাঁও পঞ্চায়তসমূহত লক্ষ্য আৰু পৰিকল্পনা স্থিৰ কৰি নির্দিষ্ট সময়সীমাৰ ভিতৰত সেয়া পূৰণত উদ্যোগী হ’বলৈ কয়৷

স্বামীত্ব আঁচনি সম্পর্কে

প্রধানমন্ত্রীয়ে ২০২০ৰ ২৪ এপ্রিল আর্থ-সামাজিক দিশত শক্তিশালী আৰু আত্মনির্ভৰ গ্রামীণ ভাৰত গঢ়ি তোলাৰ বাবে কেন্দ্রীয় পৰ্যায়ৰ প্রকল্প হিচাপে স্বামীত্ব আঁচনিৰ শুভাৰম্ভ কৰে৷ স্বামীত্ব আঁচনি হ’ল গাঁও এলেকাত আধুনিক প্রযুক্তিৰ জৰিয়তে গাঁৱৰ সমীক্ষা আু মানচিত্র নির্মাণ। আধুনিক প্রযুক্তিক কামত লগাই গ্রামীণ ভাৰতৰ ৰূপান্তৰত এই আঁচনিৰ যথেষ্ট সম্ভাৱনা আছে। গাঁওবাসীয়ে নিজৰ সম্পত্তিক আর্থিক সম্পদ হিচাপে কামত লগাই ঋণ আু অন্যান্য আর্থিক সা-সুবিধা গ্ৰহণ কৰিব পাৰিব৷ এই আঁচনিৰ জৰিয়তে ২০২১-২০২৫পর্যন্ত সমগ্ৰ দেশত ৬.৬২লাখ গাঁৱক অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা লোৱা হৈছে।

উল্লেখ্য যে ২০২০-২১ত পৰীক্ষামূলকভাৱে এই কাৰ্যসূচী মহাৰাষ্ট্র, কর্ণাটক, হাৰিয়ানা, উত্তৰপ্রদেশ, উত্তৰাখণ্ড, মধ্যপ্রদেশ-এই ৬খন ৰাজ্যসহ পাঞ্জাৱ আৰু ৰাজস্থানৰ নির্দিষ্ট কেইখনমান গাঁৱত ৰূপায়ণ কৰা হয়।

Click here to read full text speech

  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Jitendra Kumar April 14, 2025

    🙏🇮🇳
  • Dr srushti March 29, 2025

    namo
  • didi December 25, 2024

    '
  • Devendra Kunwar October 17, 2024

    BJP
  • Ram Raghuvanshi February 26, 2024

    Jai shree Ram
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Modiji
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Hind
  • Jayanta Kumar Bhadra February 17, 2024

    Om Hari Om
  • Jayanta Kumar Bhadra February 17, 2024

    Om Hari
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Nation Applauds Armed Forces After PM Modi’s Address On Operation Sindoor

Media Coverage

Nation Applauds Armed Forces After PM Modi’s Address On Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!