কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ত সহায় কৰি কৃষিজাত উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি ১০,০০০টা কৃষক উৎপাদক সংস্থা(এফপিঅ’)ৰ শুভাৰম্ভ কৰে৷
এই এফপিঅ’সমূহৰ বাবে কেন্দ্ৰই ৬,৮৬৫কোটি টকা ধাৰ্য কৰিছে আৰু প্ৰত্যেককে ১৫লাখকৈ পুঁজি প্ৰদান কৰিব, যাৰ দ্বাৰা কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব৷ এফপিএঅ’ৰ সদস্যসকলে তেওঁলোকৰ উপাৰ্জন দ্ৰুত হাৰত বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ আহৰণ, ইনপুট, বিত্ত আৰু বিপণন ইত্যাদি কাম-কাজবোৰ সংস্থাৰ সৈতে একেলগ হৈ কৰিব পাৰিব৷ এই উপলক্ষে চিত্ৰকুটত এক অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কৃষকসকল সদায়েই উৎপাদনকাৰী, কিন্তু এফপিঅ’সমূহৰ সহায়ত তেওঁলোকে বৰ্তমান উৎপাদিত সামগ্ৰীৰ বাণিজ্যও কৰিব পাৰিব৷ তেওঁলোকে শস্য চপোৱাৰ লগতে উপযুক্ত মুল্যও লাভ কৰাৰ বাবে এগৰাকী দক্ষ ব্যৱসায়ীৰ দৰে কামো কৰিব৷”