‘মিছন গগনযান টিভি ডি-১ টেষ্ট ফ্লাইট’ৰ সফল শুভাৰম্ভক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচীক বাস্তৱায়িত কৰাৰ দিশত দেশক এখোজ আগবঢ়াই নিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা ‘পোষ্ট’-ত কয়:
"এই উৎক্ষেপণে আমাক ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচী ‘গগনযান’-ক বাস্তৱ কৰাৰ দিশত এখোজ কাষ চপাই নিছে। আমাৰ ‘ইছৰো’ৰ বিজ্ঞানীসকলক মই শুভেচ্ছা জনাইছোঁ"।
This launch takes us one step closer to realising India’s first human space flight program, Gaganyaan. My best wishes to our scientists at @isro. https://t.co/6MO7QE1k2Z
— Narendra Modi (@narendramodi) October 21, 2023