প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এট হোম অনুষ্ঠানত ৭১তম গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা ১৭৩০ গৰাকী আদিবাসী শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে৷

|

দলটোৰ উৎসাহ পৰিলক্ষিত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক এখন ক্ষুদ্ৰ ভাৰতৰ প্ৰতিনিধি বুলি অভিহিত কৰে৷ পেৰেডৰ প্ৰদৰ্শনত তেওঁলোকৰ মাজতে বিশ্বই সমগ্ৰ ভাৰতৰ মহত্ব পৰিলক্ষিত কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দিশত অগ্ৰসৰ হোৱা ভাৰতৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত কেৱল ১৩০ কোটি আবাদীৰ দেশেই নহয়, ই এক অনুনাদশীল পৰম্পৰাসমৃদ্ধও দেশ৷

|

তেওঁ কয় যে ভাৰত বিভিন্ন দৰ্শনবাদৰ গৃহভূমি৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘ভাৰত বসুধৈৱ কুটুম্বকমত বিশ্বাসী৷ ভাৰতে সকলো ধৰ্মকে সমান মৰ্যাদা গিয়ে৷ ভাৰত হ’ল সত্যৰ বিজয়ভূমি৷ ভাৰত হ’ল তৰু-তৃণ আৰু জলজ উদ্ভিদ তথা প্ৰাণীসমূহৰ নিৰাপদ ভূমি৷ ভাৰতৰ অৰ্থ হ’ল স্বাৱলম্বিতা৷ ভাৰতে সকলোৰে কল্যাণত বিশ্বাসী, ভাৰতে নাৰীক উপাসনা কৰে, ভাৰতে উপাসকতকৈ মাতৃভূমিক অধিক গুৰুত্ব প্ৰদান কৰে৷’’ প্ৰধানমন্ত্ৰীয়ে ভাৰতক এখন ফুলনি বাগিচাৰ সৈতে তুলনা কৰি কয় যে ভাৰতে সমবেশৰ পৰিৱৰ্তে একতাক বিশ্বাস কৰে৷ তেওঁ কয় যে নতুন ভাৰত উদ্ভাসিত হোৱাৰ লগে লগে কোনোটো প্ৰান্তই যাতে পিছ পৰি নৰয়, তাৰবাবে প্ৰয়াস কৰা হৈছে৷ ‘‘যদি আমি আমাৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰো তেন্তে আমাৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাৰ কোনো প্ৰয়োজনেই নাই’’, তেওঁ এইদৰে কয়৷

|

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আদিবাসী শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলে পৰিৱেশন কৰা এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷

|

 

 

Click here to read PM's speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Raj Kapoor’s Iconic Lantern Donated To PM Museum In Tribute To Cinematic Icon

Media Coverage

Raj Kapoor’s Iconic Lantern Donated To PM Museum In Tribute To Cinematic Icon
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi to participate in the Post-Budget Webinar on "Agriculture and Rural Prosperity"
February 28, 2025
QuoteWebinar will foster collaboration to translate the vision of this year’s Budget into actionable outcomes

Prime Minister Shri Narendra Modi will participate in the Post-Budget Webinar on "Agriculture and Rural Prosperity" on 1st March, at around 12:30 PM via video conferencing. He will also address the gathering on the occasion.

The webinar aims to bring together key stakeholders for a focused discussion on strategizing the effective implementation of this year’s Budget announcements. With a strong emphasis on agricultural growth and rural prosperity, the session will foster collaboration to translate the Budget’s vision into actionable outcomes. The webinar will engage private sector experts, industry representatives, and subject matter specialists to align efforts and drive impactful implementation.