Quoteপ্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াকে নিষ্ঠাৰে কাম কৰিবলৈ পৰামৰ্শ দিয়ে, যাৰ জৰিয়তে সামাজিক ন্যায় সুনিশ্চিত হ’ব আৰু বৈষম্য দূৰ হ’ব
Quoteসেৱা প্ৰদান কৰাৰ সময়ত আপুনি স্পীড ব্ৰেকাৰ নে ছুপাৰফাষ্ট হাইৱেৰ ভূমিকা পালন কৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
Quoteপ্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ অনুঘটক হিচাপে কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনাই কয় যে পৰিৱৰ্তনসমূহ নিজ চকুৰে দেখিলে তেওঁলোক সন্তুষ্ট হ’ব
Quoteদেশক অগ্ৰাধিকাৰ দিয়াটোৱেই জীৱনৰ লক্ষ্য হ’ব লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্যত উপনীত হ’বলৈ তেওঁৰ সৈতে যোগদান কৰিবলৈ সকলো বিষয়াক অনুৰোধ জনায়
Quoteসহকাৰী সচিব কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে প্ৰশাসনিক ব্যৱস্থাপনাত শীৰ্ষৰ পৰা নিম্নলৈ যুৱ বিষয়াসকলৰ সৈতে অভিজ্ঞতা শ্বেয়াৰ কৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পুৱা নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সহকাৰী সচিব হিচাপে নিযুক্ত হৈ থকা ২০২২ বৰ্ষৰ আইএএছ উত্তীৰ্ণ ১৮১গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।

মত বিনিময়ৰ সময়ত বিভিন্ন বিষয়াই তেওঁলোকে গ্ৰহণ কৰা প্ৰশিক্ষণৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২২ চনত আৰম্ভ হোৱা কাৰ্যসূচীৰ সময়ত তেওঁলোকৰ সৈতে পূৰ্বতে হোৱা মত বিনিময়ৰ কথা স্মৰণ কৰে।সহকাৰী সচিব কাৰ্যসূচীৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ইয়াৰ আঁৰৰ উদ্দেশ্য আছিল প্ৰশাসনিক ব্যৱস্থাপনাত শীৰ্ষৰ পৰা নিম্নলৈ যুৱ বিষয়াসকলক অভিজ্ঞতাভিত্তিক শিক্ষণৰ সুযোগ প্ৰদান কৰা।

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতে অস্বস্তিকৰ দৃষ্টিভংগীৰে সন্তুষ্ট নহয় আৰু সক্ৰিয়তাৰ দাবী কৰে আৰু তেওঁলোকে সকলো নাগৰিককে সম্ভৱপৰ উত্তম শাসন ব্যৱস্থা, উৎপাদনৰ মানদণ্ড আৰু জীৱনৰ মানদণ্ড প্ৰদানৰ বাবে চেষ্টা কৰা উচিত। লাখপতি দিদি, ড্ৰোন দিদি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিসমূহ ৰাইজৰ মাজলৈ আগুৱাই নিব লাগে যাতে ইয়াৰ সুবিধা সকলোৱে লাভ কৰে। তেওঁ কয় যে ১০০শতাংশ লোকক সামৰি লোৱাটোৱে সামাজিক ন্যায় নিশ্চিত কৰে আৰু বৈষম্য ৰোধ কৰে। তেওঁ কয় যে এতিয়া সেৱা প্ৰদানৰ ক্ষেত্ৰত স্পীড ব্ৰেকাৰ হ’ব নে ছুপাৰফাষ্ট হাইৱে হ’ব সেয়া তেওঁলোকৰ পছন্দ। তেওঁ লগতে কয় যে তেওঁলোকে অনুঘটকীয় এজেণ্ট হোৱাৰ আকাংক্ষা কৰিব লাগে আৰু যেতিয়া তেওঁলোকে চকুৰ সন্মুখত পৰিৱৰ্তন ঘটি থকা দেখিব তেতিয়া তেওঁলোকে সন্তুষ্টি অনুভৱ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰ প্ৰথম কেৱল এটা শ্লোগান নহয় বৰঞ্চ তেওঁৰ জীৱনৰ লক্ষ্য আৰু এই যাত্ৰাত তেওঁৰ সৈতে খোজ কাঢ়িবলৈ বিষয়াসকলক আহ্বান জনায়। লগতে তেওঁ কয় যে আইএএছ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে যি প্ৰশংসা লাভ কৰিছে সেয়া অতীতৰ কথা আৰু অতীতত থকাৰ পৰিৱৰ্তে তেওঁলোকে ভৱিষ্যতৰ দিশত আগবাঢ়িব লাগিব।

 

|

মত বিনিময় সভাত ৰাজ্যিক মন্ত্ৰী (কৰ্মচাৰী) শ্ৰী জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা আৰু কেবিনেট সচিব শ্ৰী এ. ভাল্লা, সচিব (গৃহ আৰু কৰ্মচাৰী প্ৰশিক্ষণ বিভাগ)কে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

 

  • satpal November 17, 2024

    satpal
  • Dheeraj Thakur September 22, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 22, 2024

    जय श्री राम,
  • Vivek Kumar Gupta September 22, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 22, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Himanshu Adhikari September 18, 2024

    ❣️❣️
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Reena chaurasia September 04, 2024

    BJP BJP
  • Raja Gupta Preetam August 27, 2024

    जय श्री राम
  • Sandeep Pathak August 22, 2024

    सर्वप्रथम नायक
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
LIC tops PSUs chart with record Rs 19,013 crore profit in Q4FY25

Media Coverage

LIC tops PSUs chart with record Rs 19,013 crore profit in Q4FY25
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets the people of Telangana on their Statehood Day
June 02, 2025

Prime Minister, Shri Narendra Modi, has greeted the people of Telangana on their Statehood Day, today. "The state is known for making innumerable contributions to national progress. Over the last decade, the NDA Government has undertaken many measures to boost ‘Ease of Living’ for the people of the state", Shri Modi stated.

The Prime Minister posted on X :
"Greetings to the wonderful people of Telangana on their Statehood Day. The state is known for making innumerable contributions to national progress. Over the last decade, the NDA Government has undertaken many measures to boost ‘Ease of Living’ for the people of the state. May the people of the state be blessed with success and prosperity."