Quote‘অমৃত কাল ভিজন, ২০৪৭’ - ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা উন্মোচন
Quote২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
Quoteগুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত টুনা টেক্ৰা ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন
Quoteসামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৩০০ ৰোধিক বুজাবুজিৰ চুক্তি (MoU) উৎসৰ্গা
Quote“পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাত বিশ্বই নতুন আকাংক্ষাৰে ভাৰতলৈ চাই আছে”
Quoteবিশ্ব বাণিজ্যত সাগৰীয় পথৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পিছৰ বিশ্বত এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
Quoteপ্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ ভাৰতত যোগদানৰ এক বৃহৎ সুযোগ আছে।
Quoteএই প্ৰচেষ্টাসমূহে কৰ্মসংস্থাপনৰ সুযোগ আৰু ইজ অৱ লিভিং বহুগুণে বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
Quote“আমি এনে এটি ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত সুনীলা অৰ্থনীতিই হ’ব এটি সেউজ গ্ৰহ সৃষ্টিৰ মাধ্যম”।
Quoteতেখেতে লগতে কয় যে ভাৰতে নিজৰ অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ক্ৰুজ হাব হোৱাৰ দিশত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।

 

|

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণলৈ সকলোকে আদৰণি জনায়। ২০২১ত এই সন্মিলন অনুষ্ঠিত হোৱাৰ সময়ত সমগ্ৰ বিশ্বতে ক’ভিড মহামাৰীৰ অনিশ্চয়তাই কেনেদৰে ক্ষতিগ্ৰস্ত হৈছিল, সেই কথা সোঁৱৰাই দিয়ে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই নতুন আকাংক্ষাৰে ভাৰতলৈ চাই আছে। তেখেতে উল্লেখ কৰে যে অৰ্থনৈতিক সংকটৰাজিৰে মোকাবিলা কৰি থকা বিশ্বখনত ভাৰতৰ অৰ্থনীতি অহৰহভাৱে শক্তিশালী হৈ উঠিছে আৰু ভাৰত বিশ্বৰ শীৰ্ষ ৩ অৰ্থনীতিৰ অন্যতম হ’বলৈ বেছি পৰ নাই। বিশ্ব বাণিজ্যত সাগৰীয় পথৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পিছৰ বিশ্বত এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যই বিশ্বক সদায় উপকৃত কৰি আহিছে বুলি ইতিহাসে সাক্ষ্য প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইবছৰমানৰপৰা এই খণ্ডক সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা পদ্ধতিগত পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেখেতে প্ৰস্তাৱিত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰত ঐতিহাসিক জি-২০ ঐক্যমতৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে পূৰ্বৰ ছিল্ক পথে বহু দেশৰ অৰ্থনীতি সলনিৰ লেখীয়াকৈ এই কৰিডৰেও বিশ্ব বাণিজ্যৰ দৃশ্যপট ৰূপান্তৰিত কৰিব। তেখেতে কয় যে ইয়াৰ অধীনত পৰৱৰ্তী-প্ৰজন্মৰ মেগা বন্দৰ, আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰেন্স-শ্বিপমেন্ট বন্দৰ, দ্বীপ উন্নয়ন, অভ্যন্তৰীণ জলপথ আৰু মাল্টি-ম’ডাল হাব স্থাপন কৰা হ’ব যাৰ ফলত ব্যৱসায়িক ব্যয় হ্ৰাস পাব আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ ভাৰতত যোগদানৰ এক বৃহৎ সুযোগ আছে।

 

|

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে আজিৰ ভাৰতে আগন্তুক ২৫ বছৰত এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প পৰিপূৰণৰ বাবে কাম কৰি আছে। চৰকাৰখনে প্ৰতিটো খণ্ডতে বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে বুলি উল্লেখেৰে ভাৰতৰ সামুদ্ৰিক খণ্ডক সুদৃঢ়কৰণৰ বাবে কৰা কামৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই যে যোৱা দশকত ভাৰতৰ বৃহৎ বন্দৰসমূহৰ ক্ষমতা দুগুণ হৈছে আৰু বৃহৎ জাহাজৰ টাৰ্ণআউট সময় ২০১৪ত ৪২ ঘন্টাৰ তুলনাত ২৪ ঘন্টাৰো কমলৈ হ্ৰাস পাইছে। তেখেতে নতুন পথ স্থাপনৰ কথাও উল্লেখ কৰে। বন্দৰ সংযোগ বৃদ্ধি কৰিবলৈ আৰু উপকূলীয় আন্তঃগাঁথনি সুদৃঢ়কৰণৰ বাবে সাগৰমালা প্ৰকল্পৰ কথা উল্লেখ কৰে। এই প্ৰচেষ্টাসমূহে কৰ্মসংস্থাপনৰ সুযোগ আৰু ইজ অৱ লিভিং বহুগুণে বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“চৰকাৰৰ ‘সমৃদ্ধিৰ বাবে বন্দৰ আৰু প্ৰগতিৰ বাবে বন্দৰ’ৰ দৃষ্টিভংগীয়ে তৃণমূল পৰ্য্যায়ত লক্ষণীয় পৰিৱৰ্তন সাধন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ‘উৎপাদনশীলতাৰ বাবে বন্দৰ’ৰ মন্ত্ৰকো উৎসাহিত কৰা হৈছে। শ্ৰী মোদীয়ে জনায় যে লজিষ্টিক খণ্ডটোক অধিক কাৰ্য্যক্ষম আৰু ফলপ্ৰসূ কৰি অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে ভাৰতত উপকূলীয় জাহাজ চালনাৰ ধৰণসমূহৰো আধুনিকীকৰণ কৰা হৈছে বুলি আলোকপাতেৰে কয় যে যোৱা দশকত উপকূলীয় মালবাহী যাতায়ত দুগুণ হৈছে, যাৰ ফলত জনসাধাৰণৰ বাবে ব্যয়বহুল লজিষ্টিক বিকল্পৰ ব্যৱস্থা প্ৰশস্ত হৈছে। ভাৰতৰ অভ্যন্তৰীণ জলপথৰ উন্নয়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে ৰাষ্ট্ৰীয় জলপথৰ কাৰ্গ’ পৰিচালনা চাৰিগুণ বৃদ্ধি পাইছে। লগতে বিগত ৯ বছৰত ভাৰতৰ লজিষ্টিক পাৰফৰ্মেন্স ইনডেক্সৰ অগ্ৰগতিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ডত চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা কয়। তেখেতে কয় যে থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ। “অনাগত দশকত ভাৰত জাহাজ নিৰ্মাণৰ শীৰ্ষ পাঁচখন দেশৰ অন্যতম হৈ উঠিব। আমাৰ মন্ত্ৰ হৈছে ‘মেক ইন ইণ্ডিয়া – মেক ফৰ দ্য ৱৰ্ল্ড’”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে অৱগত কৰে যে চৰকাৰে সামুদ্ৰিক ক্লাষ্টাৰৰ জৰিয়তে এই খণ্ডৰ সকলো অংশীদাৰক একত্ৰিতকৰণৰ অৰ্থে কাম কৰি আছে। বহু ঠাইত জাহাজ নিৰ্মাণ আৰু মেৰামতি কেন্দ্ৰ গঢ়ি তোলা হ’ব। তেখেতে উল্লেখ কৰে যে জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত ইতিমধ্যে দ্বিতীয় স্থানত আছে। তেখেতে এই খণ্ডৰ বাবে নেট-জিৰ’ কৌশলৰ জৰিয়তে ভাৰতৰ প্ৰধান বন্দৰসমূহক কাৰ্বন শূন্যকৰণৰ প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে। “আমি এনে এটি ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত সুনীলা অৰ্থনীতিই হ’ব এটি সেউজ গ্ৰহ সৃষ্টিৰ মাধ্যম”।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক খণ্ডটোৰ বৃহৎ প্লেয়াৰসকলে ভাৰতত প্ৰৱেশ কৰিছে বুলি উল্লেখেৰে আহমেদাবাদৰ গিফ্ট চিটিৰ কথা কয় যিয়ে একে সময়তে ৰেহাই প্ৰদানৰ লগতে বিত্তীয় সেৱা হিচাপে জাহাজ লিজিং আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে কয় যে বিশ্বৰ ৪টা গ্ল’বেল জাহাজ লিজিং কোম্পানীয়েও গিফ্ট আইএফএছচিত পঞ্জীয়ন কৰিছে। এই সন্মিলনত উপস্থিত থকা আন-আন জাহাজ লিজিং কোম্পানীসমূহক গিফ্ট আইএফএছচিত যোগদান কৰিবলৈয়ো তেখেতে আহ্বান জনায়।

“ভাৰতৰ বিশাল উপকূল, শক্তিশালী নদী ব্যৱস্থা আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে, যিয়ে সামুদ্ৰিক পৰ্যটনৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে'', প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে ভাৰতৰ প্ৰায় ৫ হাজাৰ বছৰ পুৰণি লোথাল ডকয়াৰ্ডৰ কথা উল্লেখেৰে এয়া বিশ্ব ঐতিহ্য আৰু ইয়াক ‘ক্ৰেডল অৱ শ্বিপিং’ বুলি অভিহিত কৰে। এই বিশ্ব ঐতিহ্য সংৰক্ষণৰ বাবে মুম্বাইৰ সমীপৰ লোথালত এটা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সো নিৰ্মাণ কৰা হৈছে বুলি জনায় আৰু ইয়াৰ সম্পূৰ্ণ হোৱাৰ লগে-লগে নাগৰিকসকলক দৰ্শন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক পৰ্যটনক প্ৰোৎসাহিতকৰণৰ অৰ্থে প্ৰৱৰ্তন কৰা বিশ্বৰ সুদীৰ্ঘ ৰিভাৰ ক্ৰুজ সেৱাৰ কথা উল্লেখ কৰে। তেখেতে মুম্বাইত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল তথা বিশাখাপট্টনম আৰু চেন্নাইৰ আধুনিক ক্ৰুজ টাৰ্মিনেল সম্পৰ্কে অৱগত কৰে। তেখেতে লগতে কয় যে ভাৰতে নিজৰ অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ক্ৰুজ হাব হোৱাৰ দিশত আগবাঢ়িছে।

 

|

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, জনগাঁথনি, গণতন্ত্ৰ আৰু চাহিদাৰ সংমিশ্ৰণ থকা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম। “ভাৰতে ২০৪৭ৰ ভিতৰত এখনি উন্নত দেশ হোৱাৰ লক্ষ্যৰ অভিমুখে আগবঢ়াৰ এই সময় আপোনালোকৰ বাবে এক সোণালী সুযোগ”, শ্ৰী মোদীয়ে এইদৰে কয় আৰু সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলক ভাৰতলৈ আমন্ত্ৰণ জনায়।

এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

পটভূমি

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ দীৰ্ঘম্যাদী ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ৰূপৰেখাত বন্দৰৰ সুবিধাসমূহৰ বৰ্ধন, বহনক্ষম পদ্ধতিসমূহক প্ৰোৎসাহন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কৌশলগত পদক্ষেপসমূহৰ পৰিকল্পনা হৈছে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে টুনা টেক্ৰা অল-ৱেদাৰ ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে, গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত ৪,৫০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ইয়াক স্থাপন কৰা হ’ব। এই অত্যাধুনিক গ্ৰীনফিল্ড টাৰ্মিনেলটো পিপিপি ম’ডত স্থাপন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ সম্ভাৱনা থকা এই টাৰ্মিনেলটোৱে ১৮,০০০ বিশ-ফুট সমতুল্য ইউনিট (TEU)তকৈ অধিক পৰৱৰ্তী-প্ৰজন্মৰ জাহাজ পৰিচালনা কৰিব আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ (IMEEC) জৰিয়তে ভাৰতীয় বাণিজ্যৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৭ লাখ কোটি টকাৰো অধিক মূল্যৰ ৩০০ ৰোধিক বুজাবুজিৰ চুক্তিও (MoU) উৎসৰ্গা কৰে।

এই সন্মিলন হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ মেৰিটাইম ইভেন্ট। ইয়াত ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া (মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু বিমষ্টেক অঞ্চলকে প্ৰমুখ্য কৰি)ক প্ৰতিনিধিত্ব কৰা সমগ্ৰ বিশ্বৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। এই সন্মিলনত বিশ্বৰ ভিন্ন প্ৰান্তৰ গ্ল’বেল চিইঅ’, ব্যৱসায়ী, বিনিয়োগকাৰী, বিষয়া আৰু আন-আন অংশীদাৰসকলেও অংশগ্ৰহণ কৰে। তদুপৰি ভাৰতৰ কেইবাখনো ৰাজ্যকো এই সন্মিলনত প্ৰতিনিধিত্ব কৰে মন্ত্ৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে।

তিনিদিনীয়া এই সন্মিলনত ভৱিষ্যতৰ বন্দৰকে প্ৰমুখ্য কৰি সামুদ্ৰিক খণ্ডৰ মূল বিষয়সমূহত আলোচনা কৰা হ’ব। ডিকাৰ্বনাইজেচন; উপকূলীয় জাহাজ আৰু অভ্যন্তৰীণ জল পৰিবহণ; জাহাজ নিৰ্মাণ; মেৰামতি আৰু পুনঃব্যৱহাৰ; বিত্ত, বীমা আৰু মধ্যস্থতা; সামুদ্ৰিক ক্লাষ্টাৰ; উদ্ভাৱন আৰু প্ৰযুক্তি; সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা তথা সামুদ্ৰিক পৰ্যটন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই সন্মিলনে দেশৰ সামুদ্ৰিক খণ্ডত বিনিয়োগ আকৰ্ষণৰ বাবেও এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিব।

২০১৬ত মুম্বাইত প্ৰথম মেৰিটাইম ইণ্ডিয়া সন্মিলন অনুষ্ঠিত হৈছিল। ২০২১ত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হৈছিল দ্বিতীয় সামুদ্ৰিক সন্মিলন।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar March 30, 2025

    🙏🇮🇳
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • Ramesh chandra Panda October 10, 2024

    RAMESH CHANDRAPANDA9439629312
  • Ramesh chandra Panda October 10, 2024

    Ramesh Chandra Panda 9439629312
  • Ramesh chandra Panda October 10, 2024

    Ramesh Chandra Panda
  • Advocate Girjesh Kumar Kushwaha Raisen 8878019580 vidisha loksabha March 25, 2024

    जय हो
  • Advocate Girjesh Kumar Kushwaha Raisen 8878019580 vidisha loksabha March 25, 2024

    जय हो
  • Advocate Girjesh Kumar Kushwaha Raisen 8878019580 vidisha loksabha March 25, 2024

    जय हो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Most NE districts now ‘front runners’ in development goals: Niti report

Media Coverage

Most NE districts now ‘front runners’ in development goals: Niti report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Highest National Honours and Global Awards Conferred on PM Narendra Modi
July 09, 2025

Prime Minister Narendra Modi has been conferred highest civilian honours by several nations. These recognitions are a reflection of PM Modi’s leadership and vision which has strengthened India’s emergence on the global stage. It also reflects India’s growing ties with countries around the world.

Let us have a look at awards bestowed on PM Modi in the last ten years.

Awards Conferred by Countries:

1. In April 2016, during his visit to Saudi Arabia, Prime Minister Narendra Modi was conferred Saudi Arabia's highest civilian honour- the King Abdulaziz Sash. The Prime Minister was conferred the prestigious award by King Salman bin Abdulaziz.

|

2. The same year, PM Modi was bestowed upon the State Order of Ghazi Amir Amanullah Khan – the highest civilian honor of Afghanistan.

|

3. In the year 2018, when Prime Minister Narendra Modi paid a historic visit to Palestine, he was awarded the Grand Collar of the State of Palestine Award. This is the highest honour of Palestine awarded to foreign dignitaries.

|

4. In 2019, the Prime Minster was awarded the Order of Zayed Award. This is the highest civilian honour of the United Arab Emirates.

|

5. Russia conferred Prime Minister Modi with their highest civilian honour - the Order of St. Andrew the Apostle in 2019. The PM received the award during his visit to Moscow in July 2024..

|

6. Order of the Distinguished Rule of Nishan Izzuddin- the highest honour of the Maldives awarded to foreign dignitaries was presented to PM Modi in 2019.

|

7. PM Modi received the prestigious King Hamad Order of the Renaissance in 2019. The honour was conferred by Bahrain.

|

8. Legion of Merit by the US Government, the award of the United States Armed Forces that is given for exceptionally meritorious conduct in the performance of outstanding services and achievements was conferred on PM Modi in 2020.

9. Bhutan honoured PM Modi with the highest civilian decoration, Order of the Druk Gyalpo in December 2021. PM Modi received the award during his visit to Bhutan in March 2024

|

10. During his visit to Papua New Guinea in 2023, PM Modi was conferred with Ebakl Award by the President Surangel S. Whipps, Jr. of the Republic of Palau

|

11. PM Narendra Modi has also been conferred the highest honour of Fiji, Companion of the Order of Fiji in recognition of his global leadership. The award was conferred by PM Sitiveni Rabuka of Fiji.

|

12. Governor General of Papua New Guinea, Sir Bob Dadae conferred PM Modi with Grand Companion of the Order of Logohu. It is the highest honour of Papua New Guinea.

|

 13. In June 2023, President Abdel Fattah El-sisi conferred Prime Minister Modi with the highest state honour of Egypt, the 'Order of Nile.'

|

 14. On 13th July 2023, PM Modi was conferred with the Grand Cross of the Legion of Honour, the highest award in France by President Emmanuel Macron.

|

 15. On 25th August 2023, PM Modi was conferred with 'The Grand Cross of the Order of Honour' by President Katerina Sakellaropoulou of Greece.

|

16. Dominica honoured PM Modi with the ‘Dominica Award of Honour.’ It was presented to PM Modi by President Sylvanie Burton of Dominica during the Prime Minister's visit to Guyana in November 2024.

|

17. Nigeria honoured PM Modi with 'The Grand Commander of The Order of the Niger' during his visit in November 2024. It was presented to him by President Bola Ahmed Tinubu of Nigeria.

|

 

18. Guyana honoured PM Modi with the ‘The Order of Excellence’ during the Prime Minister's visit in November 2024. It was presented to him by President Dr. Irfaan Ali.

|

19. PM Mia Amor Mottley of Barbados announced her government’s decision to honour PM Modi with the Honorary Order of Freedom of Barbados Award during the Prime Minister's visit to Guyana in November 2024. MoS Pabitra Margherita Ji received the award on behalf of PM from President Dame Sandra Mason of Barbados on 06th March 2025.

|

20. In December 2024, PM Modi was conferred the Mubarak Al-Kabeer Order by His Highness the Amir of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.

|

21During PM Modi's visit to Mauritius in March 2025, President Dharambeer Gokhool conferred PM Modi with the Highest National Award of Mauritius, 'The Grand Commander of the Order of the Star and Key of the Indian Ocean'.

|

22. During PM Modi's visit to Sri Lanka in April 2025, President Anura Kumara Dissanayake conferred PM Modi with the highest Sri Lankan honour, the 'Sri Lanka Mitra Vibhushana' award.

|

23) PM Modi was conferred the 'Grand Cross of the Order of Makarios III' of Cyprus during his visit in June 2025. It was bestowed upon PM Modi by President Nikos Christodoulides.

|

24) PM Modi was conferred ‘The Officer of the Order of the Star of Ghana’ during his visit in July 2025. It was bestowed upon PM Modi by President John Dramani Mahama.

|

25) PM Modi was conferred ‘The Order of the Republic of Trinidad & Tobago’ during his visit in July 2025. It was bestowed upon PM Modi by President Christine Kangaloo.

|

26) PM Modi has been conferred with ‘The Grand Collar of the National Order of the Southern Cross’ during his visit to Brazil in July 2025. It was bestowed upon PM Modi by President Lula.

|

Apart from the highest civilian honours, PM Modi has also been conferred with several awards by prestigious organisations across the globe.

1. Seoul Peace Prize: It is awarded biennially to those individuals by Seoul Peace Prize Cultural Foundation who have made their mark through contributions to the harmony of mankind, reconciliation between nations and to world peace. Prime Minister Modi was conferred prestigious award in 2018.

|

2. United Nations Champions of The Earth Award: This is UN’s highest environmental honour. In 2018, the UN recognized PM Modi for his bold environmental leadership on the global stage.

|

3. First-ever Philip Kotler Presidential Award was given to Prime Minister Modi in 2019. This award is offered annually to the leader of a nation. The citation of the award said that PM Modi was selected for his “outstanding leadership for the nation”.

|

4. In 2019, PM Modi was conferred the ‘Global Goalkeeper’ Award by the Bill and Melinda Gates Foundation for the Swachh Bharat Abhiyan. PM Modi dedicated the award to those Indians who transformed the Swachh Bharat campaign into a “people’s movement” and accorded topmost priority to cleanliness in their day-to-day lives.

|

5. In 2021, Global Energy and Environment Leadership Award by the Cambridge Energy Research Associates CERA was bestowed on PM Modi. The award recognizes the commitment of leadership towards the future of global energy and environment.