Quoteছাৰ এম এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি
Quote“‘সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে”
Quote“কৰ্ণাটকত দৰিদ্ৰ লোকক সেৱা আগবঢ়োৱা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ গৌৰৱময় পৰম্পৰা আছে”
Quote‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”
Quote“আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”
Quote“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মহিলাক শীৰ্ষ অগ্ৰাধিকাৰ দিছো”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।

|

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে চিক্কাবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতিবিদ ছাৰ এম এম বিশ্বেশ্বৰায়ৰ জন্মস্থান বুলি উল্লেখ কৰি তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। “মই এই গুণবান ব্যক্তিৰ জন্মভূমিক মূৰ দোঁৱাইছো”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সজোৰে কয় যে চিক্কাবল্লাপুৰৰ ভূমি ছাৰ বিশ্বেশ্বৰায়ৰ বাবে নতুন নতুন উদ্ভাৱনৰ পৰা কৃষক আৰু সাধাৰণ জনতাৰ বাবে নতুন অভিযান্ত্ৰিক প্ৰকল্প গঢ়ি তোলাৰ প্ৰেৰণাৰ উৎস আছিল।

প্ৰধানমন্ত্ৰীয়ে সত্য সাই গ্ৰামক সেৱাৰ এক আচৰিত আৰ্হি বুলি অভিহিত কৰে। শিক্ষা আৰু স্বাস্থ্যৰ পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰি থকা অভিযানক তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে আজি চিকিৎসা মহাবিদ্যালয়খনৰ উদ্বোধনে এই অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিছে।

|

প্ৰধানমন্ত্ৰীয়ে অমৃত কালত দেশখনক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প আৰু ইমান কম সময়ৰ ভিতৰতে এনে এক বৃহৎ সংকল্পত উপনীত হ’বলৈ জনসাধাৰণৰ কৌতুহলৰ কথা উল্লেখ কৰে। “এয়া মাথো এটা উত্তৰ, এটা শক্তিশালী, সংকল্পবদ্ধ আৰু সম্বলপূৰ্ণ উত্তৰ অৰ্থাৎ সবকা প্ৰয়াস। এই কথা নিশ্চিতভাৱে প্ৰতিজন দেশবাসীৰ প্ৰচেষ্টাত উপলব্ধি হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়।

তেওঁ ‘বিকশিত ভাৰত’ৰ যাত্ৰাত সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ ভূমিকা আৰু সন্ত, আশ্ৰম আৰু মঠসমূহৰ মহান পৰম্পৰাৰ ওপৰত আলোকপাত কৰে। এই সামাজিক আৰু ধৰ্মীয় সংস্থাসমূহে বিশ্বাস আৰু আধ্যাত্মিক দিশৰ লগতে দৰিদ্ৰ, দলিত, পিছপৰা আৰু আদিবাসীসকলক শক্তিশালী কৰি আহিছে। “আপোনালোকৰ প্ৰতিষ্ঠানে কৰা কামে ‘সবকা প্ৰয়াস’ৰ মনোভাৱক শক্তিশালী কৰে,” প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ মূলমন্ত্ৰ ‘যোগ কৰ্মসু কৌশলম’ৰ ওপৰত বিশদভাৱে কয় অৰ্থাৎ কাৰ্য্যত বিশেষজ্ঞতাই হ’ল যোগ। শ্ৰী মোদীয়ে চিকিৎসা ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰে সেই কথাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশত ৩৮০খনতকৈও কম চিকিৎসা মহাবিদ্যালয় আছিল যদিও বৰ্তমান এই সংখ্যা ৬৫০খনতকৈও অধিক হৈছে। এসময়ত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা দেশৰ আকাংক্ষিত জিলাসমূহত ৪০খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ সম্পৰ্কেও তেওঁ আলোকপাত কৰে।

|

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ৯ বছৰত দেশত চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে আগন্তুক ১০ বছৰত দেশত যিমান সংখ্যক চিকিৎসা উত্তীৰ্ণ হ’ব, সেই সংখ্যা স্বাধীনতাৰ সময়ৰ পৰা ভাৰতত উত্তীৰ্ণ হোৱা চিকিৎসকৰ সংখ্যাৰ সমান হ’ব। দেশত চলি থকা উন্নয়নৰ সুফল কৰ্ণাটকেও লাভ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ৰাজ্যখনত দেশৰ প্ৰায় ৭০খন চিকিৎসা মহাবিদ্যালয় আছে আৰু চিক্কাবল্লাপুৰত উদ্বোধন কৰা চিকিৎসা মহাবিদ্যালয়খন দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ নিদৰ্শন। তেওঁ এইবাৰৰ বাজেটৰ অংশ হিচাপে দেশৰ ডেৰ শতাধিক নাৰ্চিং প্ৰতিষ্ঠান গঢ়ি তোলাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি কয় যে ইয়াৰ দ্বাৰা নাৰ্চিং খণ্ডত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

চিকিৎসা শিক্ষাত ভাষাৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চিকিৎসা শিক্ষাত স্থানীয় ভাষাৰ প্ৰসাৰৰ বাবে বিগত সময়ত বিশেষ প্ৰচেষ্টা নোলোৱাৰ বাবে দূখ প্ৰকাশ কৰে। তেওঁ কয় যে এই ৰাজনৈতিক দলসমূহে গাঁও আৰু পিছপৰা ঠাইৰ যুৱক-যুৱতীসকলে চিকিৎসা আৰু অভিযান্ত্ৰিক বৃত্তিত স্থান লাভ কৰা বিচৰা নাছিল। ‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। সেয়েহে কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

দেশত দীৰ্ঘদিন ধৰি চলি থকা ৰাজনীতিত দৰিদ্ৰ লোকক কেৱল ভোট বেংক হিচাপেহে গণ্য কৰা প্ৰথাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে। ‘আমাৰ চৰকাৰে দুখীয়াক সেৱা আগবঢ়োৱাটো সৰ্বোচ্চ কৰ্তব্য হিচাপে বিবেচনা কৰিছে। আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”, শ্ৰী মোদীয়ে কয়। তেওঁ জন ঔষধি কেন্দ্ৰ বা সুলভ মূল্যৰ ঔষধৰ উদাহৰণ দি জনায় যে আজি সমগ্ৰ দেশতে প্ৰায় ১০ হাজাৰ জন ঔষধি কেন্দ্ৰ আছে, ইয়াৰে ১০০০ৰো অধিক কৰ্ণাটকত অৱস্থিত। তেওঁ লগতে কয় যে এনে পদক্ষেপে দৰিদ্ৰ লোকে ঔষধৰ ক্ষেত্ৰত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে।

|

প্ৰধানমন্ত্ৰীয়ে অতীতৰ প্ৰসংগ উল্লেখ কৰে যেতিয়া দুখীয়া লোকে চিকিৎসাৰ বাবে চিকিৎসালয়ৰ খৰচ বহন কৰিব পৰা নাছিল। তেওঁ সজোৰে কয় যে বৰ্তমান চৰকাৰে দৰিদ্ৰ লোকৰ এই চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা ইয়াৰ সমাধান কৰি দৰিদ্ৰ পৰিয়ালৰ বাবে চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰিছে। কৰ্ণাটকৰ লাখ লাখ জনতাও এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “চৰকাৰে দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিছে।” প্ৰধানমন্ত্ৰীয়ে ব্যয়বহুল অস্ত্ৰোপচাৰ পদ্ধতি যেনে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, আঁঠু সংৰোপন কৰা আৰু ডায়েলাইছিছ আদিৰ উদাহৰণ দি ব্যয়বহুল মাচুল হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।

“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মাতৃ আৰু ভগ্নীসকলক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। আমাৰ মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ উন্নতি হ’লে সমগ্ৰ প্ৰজন্মৰ স্বাস্থ্য উন্নত হয় বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰে৷ শৌচাগাৰ নিৰ্মাণ, বিনামূলীয়া গেছ সংযোগ প্ৰদান, নলযোগে পানী যোগান ধৰা, প্ৰতিটো পৰিয়ালত বিনামূলীয়াকৈ চেনিটেৰী পেড প্ৰদান কৰা আৰু পুষ্টিকৰ খাদ্যৰ বাবে পোনপটীয়াকৈ বেংকযোগে ধন হস্তান্ত কৰা ইত্যাদি পদক্ষেপৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ স্তন কেন্সাৰৰ প্ৰতি চৰকাৰে দিয়া বিশেষ মনোযোগৰ ওপৰত আলোকপাত কৰি গাঁৱে-ভূঞে স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্যায়তে এনে ৰোগৰ পৰীক্ষাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অৱগত কৰে। ৰাজ্যত ৯ হাজাৰৰো অধিক স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে বোম্মাই জী আৰু তেওঁৰ দলটোক অভিনন্দন জ্ঞাপন কৰে।

|

প্ৰধানমন্ত্ৰীয়ে এএনএম আৰু আশা কৰ্মীসকলক শক্তিশালী আৰু সবলীকৰণ কৰাৰ বাবে কৰ্ণাটক চৰকাৰক প্ৰশংসা কৰে। তেওঁ জনোৱা মতে কৰ্ণাটকৰ ৫০ হাজাৰ এএনএম আৰু আশা কৰ্মী আৰু প্ৰায় ১ লাখ পঞ্জীয়নভুক্ত নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে আধুনিক গেজেট লাভ কৰাৰ লগতে দ্বৈত ইঞ্জিন চৰকাৰে তেওঁলোকক সম্ভৱপৰ সকলো সা-সুবিধা প্ৰদানৰ চেষ্টা চলাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্যৰ সমান্তৰালকৈ দ্বৈত ইঞ্জিন চৰকাৰে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিছে। কৰ্ণাটকক গাখীৰ আৰু ৰেচমৰ ভূমি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে গো পালন কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে অৱগত কৰে, য’ত ১২ হাজাৰ কোটি ব্যয়ৰে গৰু-ম’হৰ বাবে এক বৃহৎ টিকাকৰণ অভিযান হাতত লোৱা হৈছে। দুগ্ধ সমবায়ত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেও দ্বৈত ইঞ্জিন চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। গাঁৱৰ মহিলাৰ আত্মসহায়ক গোটকো সৱলীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। “যেতিয়া দেশ সুস্থ হ’ব আৰু ‘সবকা প্ৰয়াস’ উন্নয়নৰ প্ৰতি নিষ্ঠাবান হ’ব, তেতিয়া আমি উন্নত ভাৰতৰ লক্ষ্যত দ্ৰুতগতিত উপনীত হ’ম”, তেওঁ কয়।

|

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে ভগৱান সাই বাবা আৰু প্ৰতিষ্ঠানৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে। তেওঁ কয় “মই ইয়াৰ অতিথি নহয়, মই এই ঠাই আৰু ভূমিৰে অংশ। প্ৰতিবাৰেই আপোনালোকৰ মাজলৈ আহিলেই সম্পৰ্কটো নবীকৰণ হয় আৰু হৃদয়ত অধিক শক্তিশালী সম্পৰ্কৰ আকাংক্ষাৰ উন্মেষ ঘটে”, তেওঁ শেষত কয়।

|

এই উপলক্ষে সভাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৰাজ বোম্মাই, শ্ৰী সত্য সাই সঞ্জীৱনী চেণ্টাৰ ফৰ চাইল্ড হাৰ্ট কেয়াৰৰ অধ্যক্ষ ডাঃ চি শ্ৰীনিবাস আৰু সদগুৰু শ্ৰী মধুসুদন সাইৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Gulam Askari April 05, 2023

    jai ho🇮🇳🇮🇳
  • Sangeeta Sharma April 02, 2023

    बहुत ही अच्छी सोच के साथ अच्छी पहल
  • CHANDRA KUMAR March 31, 2023

    कर्नाटक चुनाव जीतने के लिए बीजेपी को कुछ विशेष कार्य करना चाहिए 1. सबसे पहले केंद्र सरकार को 5000 कन्नड़ भाषा शिक्षक का नियुक्ति के लिए नोटिफिकेशन निकाल देना चाहिए। 2. कन्नड़ भाषा विश्वविद्यालय का स्थापना के लिए शिलान्यास कर दीजिए। 3. कर्नाटक में स्ट्रीट फूड का आनंद लीजिए और आम नागरिकों से सीधा जुड़ने का प्रयास कीजिए। 4. कर्नाटक इतिहास से जुड़ी ऐतिहासिक सामान, पुस्तक, मूर्ति आदि का प्रदर्शनी का आयोजन करवाइए। 5. कर्नाटक के विद्यालयों में भ्रमण कीजिए, छात्रों से संवाद कीजिए। 6. कर्नाटक की लडकियों को संगीत, नृत्य, कला, सॉफ्ट स्किल की शिक्षा के लिए 5000 रुपए छात्रवृत्ति की घोषणा कीजिए। 7. कर्नाटक में, प्रत्येक जिला में गरीब वृद्ध स्त्री पुरुष को, कपड़ा वितरण करवाइए। यह अनुदान का कार्य आरएसएस के द्वारा किया जाए, ताकि आचार संहिता उल्लंघन का आरोप नहीं लग सके। बीजेपी को कांग्रेस पार्टी की रणनीति समझ में ही नहीं आ रहा है। कांग्रेस पार्टी का एकमात्र उद्देश्य है अपना अस्तित्व बचाना। दक्षिण भारत से वापसी करना। लेकिन बीजेपी को कोई मौका नहीं देना चाहिए। कांग्रेस पार्टी के तीन रणनीति को तत्काल असफल कीजिए 1. बीजेपी अडानी को सरकारी पैसा देती है और अडानी चुनाव में बीजेपी का मदद करता है। बीजेपी को एक योजनाबद्ध तरीके से इसका जवाब देना चाहिए। a) ग्लोबलाइजेशन और निवेश के नाम पर देश में विदेशी कंपनियों को बुलाया, और इसीलिए आज देश में भारतीय कंपनी खत्म होता जा रहा है। बीजेपी भारतीय कंपनियों को बचाने का प्रयास कर रही है। परिवार में यदि बड़ा बेटा ज्यादा कमाने लगता है तो उसे घर से भगाते नहीं है, बल्कि उससे कहते हैं की परिवार को मजबूत बनाओ, सबके हित में काम करो। यदि देश की कुछ कंपनी अच्छा प्रदर्शन कर रही है, उन्नति कर रही है, तो क्या इन कंपनियों को नष्ट कर दें। विदेशी कंपनियों को ही सहायता करते रहना कांग्रेस पार्टी का लक्ष्य था। लेकिन बीजेपी स्वदेशी कंपनियों की मदद करके उसे मल्टीनेशनल करके मल्टीब्यूजनेस में आगे बढ़ा रही है। बीजेपी ने स्टार्ट अप को भी आगे बढ़ाया है। बीजेपी किसी भी कंपनी के साथ पक्षपात नहीं कर रही है। इतना ही नहीं, बीजेपी को सभी प्राइवेट कंपनी का मीटिंग बुलाना चाहिए। सभी प्राइवेट कंपनी को एक सिस्टम बनाकर स्थाई रोजगार की घोषणा करने के लिए प्रेरित करना चाहिए। TA DA देना चाहिए , बीजेपी को यह दिखाना चाहिए की कांग्रेस पार्टी भारतीय कंपनियों का दुश्मन है और विदेशी कंपनियों का सहायक है। अडानी और अंबानी से कांग्रेस पार्टी को इसीलिए परेशानी है क्योंकि यह कंपनी भारतीय है, तेजी से विकसित हो रही है, मल्टीनेशनल बन गई है, और मल्टी बिजनेस को अपना रही है। सत्ता में रहते हुए कांग्रेस पार्टी ने पतंजलि कंपनी के साथ सौतेला व्यवहार किया था ! बीजेपी देश की सभी कंपनी को समान अवसर दे रही है। बीजेपी ने देश में कई स्टार्ट अप को आगे बढ़ाया है,जिसे देखकर कांग्रेस पार्टी पागल ही गई है। भारत में आकर विदेशी कंपनी, बिजनेस करके बड़ा हो जाता हैं तब कांग्रेस पार्टी को कोई दिक्कत नहीं होता है। लेकिन भारत की कंपनी विदेश जाकर अपना विस्तार करता है तब कांग्रेस पार्टी के पेट का पानी नहीं पचता है। कांग्रेस पार्टी को अडानी अंबानी से लड़ाई नहीं है, बल्कि हर तरह के विकसित भारतीय तत्वों से कांग्रेस पार्टी नफरत करती है। अब बीजेपी को देश की सभी राष्ट्रीय कंपनियों की सूची बनाकर देश की जनता के सामने रखना चाहिए, किस कंपनी ने कितना रोजगार दिया है और कितना रोजगार देने वाला है, इसका सूची जारी करना चाहिए! 2. राहुल गांधी को जेल भेजना, बीजेपी को दोष दिया जा रहा है की अंबानी अडानी का विरोध करने की वजह से ही राहुल गांधी को जेल भेजा गया। राहुल गांधी ने मोदी जाति को चोर कहा। इससे पहले राहुल गांधी ने ब्राह्मणों को दलितों पर अत्याचार करने वाला कहा था। कांग्रेस पार्टी अलग अलग समय में, अलग अलग स्थान पर, अलग अलग जाति को निशाने (Target) पर लेती है और समाज में विद्वेष पैदा करती है। राहुल गांधी भी जातिवाद को बढ़ाकर देश को बरबाद करना चाहता है, दंगा करवाना चाहता है। राहुल गांधी हिंदुओं को जातियों में तोड़कर वोट का फसल काटना चाहता है। कांग्रेस पार्टी जातिगत जनगणना भी इसी उद्देश्य से करवाना चाहता है ताकि देश जातिवाद का जहर फैलाया जाए। देश को बरबाद करके देश को लूटना कांग्रेस पार्टी का पुराना व्यवसाय है। 3. बीजेपी दक्षिण भारत को इग्नोर करता है, डबल इंजिन के नाम पर राज्य को केंद्र सरकार कंट्रोल करता है। सभी बीजेपी शासित राज्य में केंद्र सरकार की योजना को लागू करे और उस योजना के खर्च को बढ़ा दे। इससे योजना का प्रभाव ज्यादा दिखेगा। बीजेपी बहुत ही मामूली काम करके देश की जनता को खुश कर सकता है। न कोई अतिरिक्त खर्च होगा और न ही कोई अतिरिक्त संसाधन लगेगा, बस थोड़ा सा इच्छाशक्ति चाहिए। a) सबसे पहले बीजेपी को नशामुक्त भारत की घोषणा कर देना चाहिए। भारत का नशीला पदार्थ विदेशों में बेचा जा सकता है, लेकिन कोई भी नशीला पदार्थ का आयात नहीं किया जायेगा। भारतीयों को नशीला पदार्थ का सेवन करने से रोका जाए। तस्करी बढ़ने का संदेह सही हो सकता है लेकिन तस्करी के डर से अच्छा निर्णय नहीं ले, यह भी तो उचित नहीं है। b) खाद्य पदार्थों पर से टैक्स हटा लिया जाए, ताकि सभी खाद्य पदार्थ सस्ता हो जाए। c) पेट्रोलियम उत्पाद को सस्ता कर दिया जाए। d) विदेशी कंपनी को देश से बाहर करने का घोषणा कर दिया जाए। अब भारत में केवल भारतीय कंपनी का ही वर्चस्व होगा। e) देश में केवल अच्छा उत्पाद ही बिकेगा, नागरिकों के शारीरिक मानसिक स्वास्थ्य को नुकसान पहुंचाने वाले सामान को बिकने से रोका जाए। f) देश के नागरिकों के लिए एक वेबसाइट बनाया जाए। सभी भारतीय नागरिकों से आग्रह किया जाए, अपना वोटर आईडी नंबर डालकर, किस सरकारी योजना का लाभ आपको मिला, और किस सरकारी योजना का लाभ आपको नहीं मिला, उसपर मार्किंग कीजिए। इस सर्वे में जिन भारतीय नागरिकों को एक भी योजना का लाभ नहीं मिला हो, उनके बैंक अकाउंट में एक हजार रुपए भेजा जाए। इससे भारतीय नागरिकों के हाथ में पैसा जायेगा, मार्केट में पैसा का फ्लो बढ़ेगा, देश का आर्थिक स्थिति बेहतर होगा। इस सर्वे में यह मालूम हो जायेगा की किन सरकारी योजना पर व्यर्थ में पैसा बरबाद हो रहा है, उसे बंद करके दूसरी योजना प्रारंभ किया जाए। सरकारी योजना को लागू नहीं करने के आधार पर, कार्रवाई शुरू किया जाए, दंड और प्रोत्साहन ही सरकारी योजना को जनता तक पहुंचा सकता है और सरकार को जनता से जोड़ सकता है। मोदीजी को सभी उद्योगपति से मीटिंग करना चाहिए, जनता को लगना चाहिए की मोदीजी सभी उद्योगपति को आगे बढ़ाना चाहता है, केवल अडानी अंबानी को ही नहीं। साप्ताहिक मीटिंग देश के व्यवसायियों के साथ किया जाना चाहिए। सभी जिला उपायुक्त को निर्देश दिया जाए की वह अपने अपने जिले में व्यवसायियों के साथ प्रत्येक सप्ताह मीटिंग करे, उनकी समस्या को दूर करे, और व्यवसाय बढ़ाने में भागीदार बने। 4. भारतीय मुद्रा का मूल्य बढ़ा दिया जाए, इससे कम मुद्रा देकर ज्यादा पेट्रोलियम का आयात किया जा सकेगा। देश के मंदिरों के स्वर्ण तथा वक्फ बोर्ड के संपत्ति पर भी मुद्रा जारी किया जाए। 5. देश में 10000 न्यायाधीश की नियुक्ति के लिए यूपीएससी को विज्ञापन जारी करने का निर्देश दिया जाए। यदि न्यायपालिका और विपक्ष विरोध करे की यूपीएससी द्वारा न्यायाधीश का नियुक्ति नहीं करना चाहिए। तब बीजेपी को जनता के बीच कहना चाहिए की कॉलेजियम और कांग्रेस जनता को न्याय से वंचित कर रही है। देश में लंबित मुकदमे को खत्म करने तथा देश की जनता को न्याय दिलाने का प्रयास बीजेपी सरकार कर रही है। दस हजार न्यायाधीशों की नियुक्ति में, सभी एलएलबी किए हुए भारतीय नागरिक को आवेदन देने का मौका दिया जाए। इसमें यूपीएससी द्वारा प्रश्नपत्र में रीजनिंग, सामान्य ज्ञान, सामान्य गणित, भारतीय तथा विश्व न्याय व्यवस्था, भारतीय संविधान आदि से प्रश्न पूछा जाए। इसमें इंटरव्यू नहीं रखा जाए, जिससे सामान्य गरीब परिवार के बच्चे को इंटरव्यू में छटने से रोका जा सके। इस तरह कॉलेजियम सिस्टम का महत्व घटेगा, देश में रोजगार बढ़ेगा। अब न्यायाधीशों का स्थानांतरण में, उन न्यायाधीश को प्राथमिकता दिया जाए, जो अच्छा न्याय करता है। न्यायाधीश का प्रमोशन में उन्हें प्राथमिकता दिया जाए जो फैसला सुनाने में निष्पक्ष है और फैसला मिलने के बाद वादी प्रतिवादी संतुष्ट हो जाता है और उच्च न्यायालय में अपील नहीं करता है। इस तरह से कॉलेजियम सिस्टम का महत्व घटेगा और सरकार का माहत्व बढ़ेगा। आज कॉलेजियम सिस्टम के माध्यम से चंद्रचूड़ जैसा न्यायाधीश कांग्रेस पार्टी के समर्थन में सुप्रीम कोर्ट का उपयोग कर रहा है।
  • Rohit Saini March 28, 2023

    जय हो
  • Sharanabasava March 28, 2023

    Jay modi ji
  • Jayakumar G March 27, 2023

    jai Bharat🌺🌺🌺🌺🇮🇳
  • Arun Gupta, Beohari (484774) March 26, 2023

    🙏💐
  • Kuldeep Yadav March 26, 2023

    આદરણીય પ્રધામંત્રીશ્રી નરેન્દ્ર મોદીજી ને મારા નમસ્કાર મારુ નામ કુલદીપ અરવિંદભાઈ યાદવ છે. મારી ઉંમર ૨૪ વર્ષ ની છે. એક યુવા તરીકે તમને થોડી નાની બાબત વિશે જણાવવા માંગુ છું. ઓબીસી કેટેગરી માંથી આવતા કડીયા કુંભાર જ્ઞાતિના આગેવાન અરવિંદભાઈ બી. યાદવ વિશે. અમારી જ્ઞાતિ પ્યોર બીજેપી છે. છતાં અમારી જ્ઞાતિ ના કાર્યકર્તાને પાર્ટીમાં સ્થાન નથી મળતું. એવા એક કાર્યકર્તા વિશે જણાવું. ગુજરાત રાજ્ય ના અમરેલી જિલ્લામાં આવેલ સાવરકુંડલા શહેર ના દેવળાના ગેઈટે રહેતા અરવિંદભાઈ યાદવ(એ.બી.યાદવ). જન સંઘ વખત ના કાર્યકર્તા છેલ્લાં ૪૦ વર્ષ થી સંગઠનની જવાબદારી સંભાળતા હતા. ગઈ ૩ ટર્મ થી શહેર ભાજપના મહામંત્રી તરીકે જવાબદારી કરેલી. ૪૦ વર્ષ માં ૧ પણ રૂપિયાનો ભ્રષ્ટાચાર નથી કરેલો અને જે કરતા હોય એનો વિરોધ પણ કરેલો. આવા પાયાના કાર્યકર્તાને અહીંના ભ્રષ્ટાચારી નેતાઓ એ ઘરે બેસાડી દીધા છે. કોઈ પણ પાર્ટીના કાર્યકમ હોય કે મિટિંગ એમાં જાણ પણ કરવામાં નથી આવતી. એવા ભ્રષ્ટાચારી નેતા ને શું ખબર હોય કે નરેન્દ્રભાઇ મોદી દિલ્હી સુધી આમ નમ નથી પોચિયા એની પાછળ આવા બિન ભ્રષ્ટાચારી કાર્યકર્તાઓ નો હાથ છે. આવા પાયાના કાર્યકર્તા જો પાર્ટી માંથી નીકળતા જાશે તો ભવિષ્યમાં કોંગ્રેસ જેવો હાલ ભાજપ નો થાશે જ. કારણ કે જો નીચે થી સાચા પાયા ના કાર્યકર્તા નીકળતા જાશે તો ભવિષ્યમાં ભાજપને મત મળવા બોવ મુશ્કેલ છે. આવા ભ્રષ્ટાચારી નેતાને લીધે પાર્ટીને ભવિષ્યમાં બોવ મોટું નુકશાન વેઠવું પડશે. એટલે પ્રધામંત્રીશ્રી નરેન્દ્ર મોદીજી ને મારી નમ્ર અપીલ છે કે આવા પાયા ના અને બિન ભ્રષ્ટાચારી કાર્યકર્તા ને આગળ મૂકો બાકી ભવિષ્યમાં ભાજપ પાર્ટી નો નાશ થઈ જાશે. એક યુવા તરીકે તમને મારી નમ્ર અપીલ છે. આવા કાર્યકર્તાને દિલ્હી સુધી પોચડો. આવા કાર્યકર્તા કોઈ દિવસ ભ્રષ્ટાચાર નઈ કરે અને લોકો ના કામો કરશે. સાથે અતિયારે અમરેલી જિલ્લામાં બેફામ ભ્રષ્ટાચાર થઈ રહીયો છે. રોડ રસ્તા ના કામો સાવ નબળા થઈ રહિયા છે. પ્રજાના પરસેવાના પૈસા પાણીમાં જાય છે. એટલા માટે આવા બિન ભ્રષ્ટાચારી કાર્યકર્તા ને આગળ લાવો. અમરેલી જિલ્લામાં નમો એપ માં સોવ થી વધારે પોઇન્ટ અરવિંદભાઈ બી. યાદવ(એ. બી.યાદવ) ના છે. ૭૩ હજાર પોઇન્ટ સાથે અમરેલી જિલ્લામાં પ્રથમ છે. એટલા એક્ટિવ હોવા છતાં પાર્ટીના નેતાઓ એ અતિયારે ઝીરો કરી દીધા છે. આવા કાર્યકર્તા ને દિલ્હી સુધી લાવો અને પાર્ટીમાં થતો ભ્રષ્ટાચારને અટકાવો. જો ખાલી ભ્રષ્ટાચાર માટે ૩૦ વર્ષ નું બિન ભ્રષ્ટાચારી રાજકારણ મૂકી દેતા હોય તો જો મોકો મળે તો દેશ માટે શું નો કરી શકે એ વિચારી ને મારી નમ્ર અપીલ છે કે રાજ્ય સભા માં આવા નેતા ને મોકો આપવા વિનંતી છે એક યુવા તરીકે. બાકી થોડા જ વર્ષો માં ભાજપ પાર્ટી નું વર્ચસ્વ ભાજપ ના જ ભ્રષ્ટ નેતા ને લીધે ઓછું થતું જાશે. - અરવિંદ બી. યાદવ (એ.બી યાદવ) પૂર્વ શહેર ભાજપ મહામંત્રી જય હિન્દ જય ભારત જય જય ગરવી ગુજરાત આપનો યુવા મિત્ર લી. કુલદીપ અરવિંદભાઈ યાદવ
  • PRATAP SINGH March 26, 2023

    🙏🙏🙏 मनो नमो।
  • Purandar Jadhav March 25, 2023

    pm inaugates srimadhududan
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s fruit exports expand into western markets with GI tags driving growth

Media Coverage

India’s fruit exports expand into western markets with GI tags driving growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We remain committed to deepening the unique and historical partnership between India and Bhutan: Prime Minister
February 21, 2025

Appreciating the address of Prime Minister of Bhutan, H.E. Tshering Tobgay at SOUL Leadership Conclave in New Delhi, Shri Modi said that we remain committed to deepening the unique and historical partnership between India and Bhutan.

The Prime Minister posted on X;

“Pleasure to once again meet my friend PM Tshering Tobgay. Appreciate his address at the Leadership Conclave @LeadWithSOUL. We remain committed to deepening the unique and historical partnership between India and Bhutan.

@tsheringtobgay”